ৰোহিত শৰ্মাৰ শতৰাণ; বাংলাদেশৰ সন্মুখত জয়ৰ বাবে ৩১৫ ৰাণৰ লক্ষ্য

rohit-fizz

ৰোহিত শৰ্মা আৰু মুস্তাফিজুৰ ৰহমান। উৎস-ইণ্টাৰনেট

বিশ্বকাপ ক্ৰিকেট-২০১৯ৰ আজি ভাৰত আৰু বাংলাদেশৰ মাজত বাৰ্মিংহামত অনুষ্ঠিত হোৱা খেলখনত ভাৰতে প্রথমে বেট ধৰি ৯ উইকেটৰ বিনিময়ত ৩১৪ ৰাণ সংগ্ৰহ কৰি বাংলাদেশৰ সন্মুখত জয়ৰ বাবে ৩১৫ ৰাণৰ জয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে।

ভাৰতৰ অপেনিং বেটছমেন ৰোহিত শৰ্মাই মাত্ৰ ৯২ টা বলত সাতটা চাৰি আৰু পাঁচটা ছয়েৰে ১০৪ ৰাণৰ শতকীয় ইনিংছ খেলি দলৰ বৃহৎ ৰাণ সংগ্ৰহত মুখ্য ভূমিকা পালন কৰে। ৰোহিত শৰ্মাৰ উপৰিও আন এজন অপেনিং বেটছমেন কে এল ৰাহুলে ৭৭ ৰাণ, ঋষভ পণ্টে ৪৮ ৰাণ আৰু মহেন্দ্ৰ সিং ধোনীয়ে ৩৫ ৰাণ সংগ্ৰহ কৰে।

আনহাতে বাংলাদেশৰ বলিং আক্ৰমণৰ সন্মুখত ব্যৰ্থ হয় অধিনায়ক বিৰাট কোহলী(২৬),হাৰ্দিক পাণ্ডেয়া (০) আৰু দিনেশ কাৰ্তিক (৮)।

বাংলাদেশৰ হৈ বলিঙত মুষ্টাফিজুৰ ৰহমানে চমকপ্ৰদ বলিঙেৰে ৫ টা উইকেট দখল কৰাৰ বিপৰীতে ছাকিবুল হাছান, ৰুবেল হুছেইন আৰু সৌম্য চৰকাৰে এটাকৈ উইকেট দখল কৰে।

উল্লেখযোগ্য যে, ভাৰতৰ তাৰকা বেটছমেন ৰোহিত শৰ্মাই চলিত বিশ্বকাপত চতুৰ্থটো শতৰাণ অৰ্জন কৰি এনে বিৰল কৃতিত্বৰ অধিকাৰী হোৱা বিশ্বৰ চতুৰ্থগৰাকী বেটছমেন হিচাপে পৰিগণিত হয়।