কাইলৈ চাৰি দিনীয়া ভ্ৰমণসূচীলৈ ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা

কাইলৈ চাৰিদিনীয়া ভাৰত ভ্ৰমণসূচীলৈ  ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা। ভাৰতলৈ অহাৰ পূৰ্বে তেওঁ এটা সংবাদ প্ৰতিষ্ঠানক এক বিশেষ সাক্ষাৎকাৰ দিছে। সাক্ষাৎকাৰটোত হাছিনাই ভাৰতক বিভিন্ন বিষয়কলৈ প্ৰশংসা কৰিছে।
উল্লেখ্য হাছিনাই চাৰিদিনীয়া ভাৰত ভ্ৰমণসূচীৰে ৫ ছেপ্টেম্বৰত নতুন দিল্লীত উপস্থিত হ’ব। তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ কথা ।

হাছিনাৰ ভাৰত ভ্ৰমণৰ আগতে ধৰ্মনিৰপেক্ষতা সন্দৰ্ভত দিয়া মন্তব্যক গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিছে।হাছিনাই কয়, “বাংলাদেশ এখন ধৰ্মনিৰপেক্ষ দেশ। বহুতো ধৰ্মৰ লোকে এই দেশত বাস কৰে। যদিও দেশত সাম্প্ৰদায়িক সম্প্ৰীতি আছে, এটা বা দুটা অপ্ৰত্যাশিত ঘটনা সংঘটিত হোৱাটোঁ মিছা নহয়”। অৱশ্যে আৱামী লীগৰ নেতাগৰাকীয়ে দাবী কৰে যে যদি কিবা “অপ্ৰত্যাশিত” ঘটনা ঘটে তেন্তে তেওঁৰ চৰকাৰ আৰু দলে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি আহিছে।

হাছিনাই কয় যে ভাৰত চৰকাৰৰ সমৰ্থনে ইউক্ৰেইনত বাংলাদেশী নাগৰিকসকলক সহায় কৰিছিল।যুদ্ধ বিধ্বস্ত ইউক্ৰইনত আবদ্ধ হৈ পৰা বাংলাদেশৰ শিক্ষাৰ্থীসকলক স্থানান্তৰ কৰাত ভাৰতে যি সহায় কৰিলে তাৰ বাবে হাছিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। হাছিনাই মোদীক প্ৰসংশা কৰি কয়’ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হোৱা এই যুদ্ধৰ সময়ত আমাৰ বহুতো শিক্ষাৰ্থী কেৱল আবদ্ধ হৈ পৰিছিল আৰু তেওঁলোকে পোলেণ্ডলৈ আশ্ৰয় বিচাৰি গৈছিল। কিন্তু যেতিয়া আপুনি আপোনাৰ শিক্ষাৰ্থী, ভাৰতীয় শিক্ষাৰ্থীসকলক স্থানান্তৰ কৰে, তেওঁলোকে আমাৰ শিক্ষাৰ্থীসকলকো ঘৰলৈ ঘূৰাই আনিছিল’। ভাৰত চৰকাৰৰ ভেকছিন মৈত্ৰী কাৰ্যসূচী সন্দৰ্ভত আন এক প্ৰশ্নৰ সন্দৰ্ভত হাছিনাই কয় যে এয়া প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰহণ কৰা এক অতি “বিচক্ষণ” পদক্ষেপ।