সমগ্ৰ বিশ্বতে নৰ সংহাৰ চলোৱা ক’ৰ’না ভাইৰাছে বিশ্বৰ অৰ্থনীতিক বিধ্বস্ত প্ৰায় কৰি তুলিছে।
বাংলাদেশৰ যৌন কৰ্মীসকলৰ জীৱনলৈও নামি আহিছে সংকট।
উল্লেখ্য যে, ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ ঘটক হৈ পৰাৰ আংশকাত ইতিমধ্যে বাংলাদেশ চৰকাৰে দেশখনৰ গণিকালয়সমূহ গ্ৰাহকৰ বাবে প্ৰৱেশ নিষিদ্ধ কৰি দিছে।
সেয়ে বাংলাদেশৰ যৌনকৰ্মীসকলে বাংলাদেশ চৰকাৰক তেওঁলোক সাহায্য প্ৰদান কৰিবলৈ আবেদন কৰিছে।
উল্লেখ্য যে, দক্ষিণ এছিয়াৰ ১২ খন স্বীকৃতিপ্ৰাপ্ত গণিকালয়ৰ ভিতৰত অন্যতম এখন গণিকালয় হৈছে বাংলাদেশৰ দৌলাটিদয়া গণিকালয়। ঢাকাৰ পৰা ১০০ কিলোমিটাৰ নিলগত অৱস্থিত এই দৌলাটদিয়া গণিকালয়ত প্ৰায় ১৫০০ যৌন কৰ্মী আছে।
যোৱা সপ্তাহৰ শুকুৰবাৰে বাংলাদেশ চৰকাৰে অহা ৫ এপ্ৰিললৈকে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ঘটক হৈ পৰাৰ আংশকাত বাংলাদেশত যৌনবৃত্তি বন্ধ কৰি দিছে।
বাংলাদেশ চৰকাৰে প্ৰতিগৰাকী যৌনকৰ্মীকে ৩০ কিলোগ্ৰামকৈ চাউল দিয়াৰ লগতে ২৫ মাৰ্কিন ড’লাৰকৈ সাহায্য প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল।
দৌলাটদিয়া গণিকালয়ৰ দেহোপজীৱিনীসকলে চৰকাৰক অতি শীঘ্ৰেই তেওঁলোকক ধন আৰু খাদ্য সামগ্ৰী যোগান ধৰিবলৈ আহ্বান জনাইছে।
তেওঁলোকে কয় যে হঠাতে চৰকাৰ গণিকালয়বোৰ বন্ধ কৰি দিয়াৰ ফলত তেওঁলোকৰ ল’ৰা-ছোৱালীৰ ভৰণ-পোষণৰ লগতে নিজৰো জীৱন নিৰ্বাহত সমস্যাই দেখা দিছে।
দৈনিক ১২ৰ পৰা ২৪ মাৰ্কিন ড’লাৰকৈ উপাৰ্জন কৰা ১৫০০ যৌনকৰ্মীৰ ভিতৰৰ মাত্ৰ ১০০ বা ২০০ গৰাকীয়ে নিজৰ আৰ্জিত ধনেৰে কিছুদিন জীৱন নিৰ্বাহ কৰিব পাৰিব।
কিন্তু বাকীসকলে জীৱন নিৰ্বাহ কৰাটো অসম্ভৱ প্ৰায়। গতিকে শীঘ্ৰে তেওঁলোক চৰকাৰে সাহায্য প্ৰদান কৰিব লাগে বুলি যৌনকৰ্মীসকলে চৰকাৰক আবেদন জনাইছে।
উল্লেখ্য যে, বাংলাদেশত বৰ্তমানলৈকে ৪৭ জন লোক এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ৫ জন আক্ৰান্তৰ মৃত্যু ঘটিছে।