• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’না ভাইৰাছৰ আতংক; চৰকাৰলৈ সাহায্য বিচাৰি আবেদন যৌনকৰ্মীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 25, 2020 8:50 pm

2 min read

images.jpg1

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

29.6k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বতে নৰ সংহাৰ চলোৱা ক’ৰ’না ভাইৰাছে বিশ্বৰ অৰ্থনীতিক বিধ্বস্ত প্ৰায় কৰি তুলিছে।

বাংলাদেশৰ যৌন কৰ্মীসকলৰ জীৱনলৈও নামি আহিছে সংকট।

উল্লেখ্য যে, ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ ঘটক হৈ পৰাৰ আংশকাত ইতিমধ্যে বাংলাদেশ চৰকাৰে দেশখনৰ গণিকালয়সমূহ গ্ৰাহকৰ বাবে প্ৰৱেশ নিষিদ্ধ কৰি দিছে।

সেয়ে বাংলাদেশৰ যৌনকৰ্মীসকলে বাংলাদেশ চৰকাৰক তেওঁলোক সাহায্য প্ৰদান কৰিবলৈ আবেদন কৰিছে।

উল্লেখ্য যে, দক্ষিণ এছিয়াৰ ১২ খন স্বীকৃতিপ্ৰাপ্ত গণিকালয়ৰ ভিতৰত অন্যতম এখন গণিকালয় হৈছে বাংলাদেশৰ  দৌলাটিদয়া গণিকালয়। ঢাকাৰ পৰা ১০০ কিলোমিটাৰ নিলগত অৱস্থিত এই দৌলাটদিয়া গণিকালয়ত প্ৰায় ১৫০০ যৌন কৰ্মী আছে।

যোৱা সপ্তাহৰ শুকুৰবাৰে বাংলাদেশ চৰকাৰে অহা ৫ এপ্ৰিললৈকে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ঘটক হৈ পৰাৰ আংশকাত বাংলাদেশত যৌনবৃত্তি বন্ধ কৰি দিছে।

বাংলাদেশ চৰকাৰে প্ৰতিগৰাকী যৌনকৰ্মীকে ৩০ কিলোগ্ৰামকৈ চাউল দিয়াৰ লগতে ২৫ মাৰ্কিন ড’লাৰকৈ সাহায্য প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

দৌলাটদিয়া গণিকালয়ৰ দেহোপজীৱিনীসকলে চৰকাৰক অতি শীঘ্ৰেই তেওঁলোকক ধন আৰু খাদ্য সামগ্ৰী যোগান ধৰিবলৈ আহ্বান জনাইছে।

তেওঁলোকে কয়  যে হঠাতে চৰকাৰ গণিকালয়বোৰ বন্ধ কৰি দিয়াৰ ফলত তেওঁলোকৰ ল’ৰা-ছোৱালীৰ ভৰণ-পোষণৰ লগতে নিজৰো জীৱন নিৰ্বাহত সমস্যাই দেখা দিছে।

দৈনিক ১২ৰ পৰা ২৪ মাৰ্কিন ড’লাৰকৈ উপাৰ্জন কৰা ১৫০০ যৌনকৰ্মীৰ ভিতৰৰ মাত্ৰ ১০০ বা ২০০ গৰাকীয়ে নিজৰ আৰ্জিত ধনেৰে কিছুদিন জীৱন নিৰ্বাহ কৰিব পাৰিব।

কিন্তু বাকীসকলে জীৱন নিৰ্বাহ কৰাটো অসম্ভৱ প্ৰায়। গতিকে শীঘ্ৰে তেওঁলোক চৰকাৰে সাহায্য প্ৰদান কৰিব লাগে বুলি যৌনকৰ্মীসকলে চৰকাৰক আবেদন জনাইছে।

উল্লেখ্য যে, বাংলাদেশত বৰ্তমানলৈকে ৪৭ জন লোক এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ৫ জন আক্ৰান্তৰ মৃত্যু ঘটিছে।

Recent News

Story-8-3-750x375

সেনা বিষয়া ৰাণাপ্ৰতাপ কলিতা, ৰাজকুমাৰ পল্লৱ গোঁহাই আৰু প্ৰণৱজ্যোতি দাসলৈ সাহসিকতাৰ সন্মান

USA-TIKTOK/BYTEDANCE

উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd