• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাংলাদেশৰ ছাত্ৰ আন্দোলনঃ সঁচাকৈ এক গণ অভ্যুত্থান নেকি?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
August 9, 2024 8:23 pm
237
VIEWS
Share on FacebookShare on Twitter

কালি বাংলাদেশত এখন অন্তৰ্ৱতী চৰকাৰে শপথ লৈছে।এই মুহূৰ্তত বাংলাদেশৰ বিষয়ে চিন্তা কৰিলে তিনিটা কথা আমাৰ মনলৈ আহে।প্ৰথম, ১৫ বছৰীয়া শেখ হাচিনাৰ চৰকাৰ, দ্বিতীয়, বৈষম্য বিৰোধী ছাত্ৰ আন্দোলন আৰু তৃতীয় পৰ্বান্তৰৰ সময় আৰু অন্তৰ্ৱৰ্তী চৰকাৰ।

এই তিনিটাৰ এটাৰ পৰা আনটোক পৃথক কৰি চাব নোৱাৰি। হাচিনাৰ পোন্ধৰ বছৰীয়া শাসন কেনে আছিল? এই পোন্ধৰ বছৰীয়া শাসন আছিল এটা দলৰ শাসন।তাৰ তিনিটা বৈশিষ্ট্য আছিল- আৱামী লীগ চৰকাৰ,আৱামী লীগ দল আৰু ছাত্ৰ লীগ।হাচিনাৰ শাসনকালত এই তিনিটাৰ ছত্ৰছায়াত নাথাকিলে কাৰ কেতিয়া কি হয় কোনো ঠিকনা নাছিল।এই তিনিটাই একগোট হৈ যোৱা পোন্ধৰ বছৰ বাংলাদেশ শাসন কৰিছিল।

কলেজ বিশ্ববিদ্যালয় সমূহত ছাত্ৰ লীগৰ আধিপত্য আছিল।সংৰক্ষণ ব্যৱস্থাৰ যোগেদি চাকৰি-বাকৰি মূলতঃ আৱামী লীগৰ সমৰ্থকলৈ গৈছিল। হয়, হাচিনাৰ পোন্ধৰ বছৰীয়া শাসনে বাংলাদেশলৈ কিছু আৰ্থিক স্বচ্ছলতা আনিছিল। কিন্তু এই আৰ্থিক স্বচ্ছলতাৰ দ্বাৰা কোন উপকৃত হৈছিল? মূলতঃ আৱামী লীগৰ সমৰ্থক সকল।হাচিনাই নিজে কৈছিল তেওঁৰ পিয়নজনৰে উপাৰ্জন ইমান যে সিও হেনো হেলিকপ্তাৰত ঘূৰিছিল। আৱামী লীগৰ সমৰ্থক আৰু যিসকলে নীৰৱে আৱামী লীগৰ দৌৰাত্ম্য মানি লৈছিল সেই সকললৈহে অৰ্থনৈতিক সা-সুবিধাৰ সিংহভাগ গৈছিল।এটা কথা ঠিক, জামাতী আৰু বাংলাদেশ জাতীয়তাবাদী দলৰ সাম্প্ৰদায়িক চৰিত্ৰ সম্পৰ্কে আমাৰ কাৰো মনতে কোনো সন্দেহ থকা উচিত নহয়।

কিন্তু বাংলাদেশত কেৱল জামাতী আৰু বি এন পিয়ে আছেনে? তাত কমিউনিষ্ট সকলো আছে, তাত কোনো দল নকৰা অন্য লোক সকলো আছে।আছে অজস্ৰ স্বাধীনচেতীয়া লেখক, বুদ্ধিজীৱী, সাংবাদিক। হাচিনা চৰকাৰে কিন্তু তেওঁলোকৰ কাকোকেই ৰেহাই দিয়া নাছিল।

বাংলাদেশৰ বিষয়ে মই ইমান বেছি নাজানো, কিন্তু হাচিনা চৰকাৰৰ পতনৰ পিছত চাৰিওফালে খা-খবৰ লৈ গম পাইছোঁ যে জামাতী আৰু বি এন পিৰ বাহিৰেও কোনো দল, সংগঠন আৰু স্বাধীনচেতীয়া ব্যক্তি, বুদ্ধিজীৱী, লেখক, সাংবাদিক বা সংবাদ পত্ৰ হাচিনা চৰকাৰৰ ৰোষৰ পৰা বাচি যাব পৰা নাছিল।

কিমান মানুহৰ কোনো শুংসূত্ৰ নোহোৱা হৈ গৈছিল। এতিয়া খবৰ আহিছে যে হাচিনাৰ শাসনকালত নিখোজ হোৱা কোনো কোনো মানুহে হেনো যোৱা দহ বছৰ দিনৰ পোহৰ নেদেখাকৈ আছিল। বাংলাদেশৰ এখন অতি নামী আৰু গুৰুত্বপূৰ্ণ সংবাদ পত্ৰ হৈছে ‘Daily Star’। তাৰ প্ৰকাশক সম্পাদক হ’ল মহফুজ আনন। এই নিৰপেক্ষ সংবাদপত্ৰখনৰ বিজ্ঞাপনো এসময়ত হাচিনা চৰকাৰে বন্ধ কৰি দিছিল।

ঠিক তেনেদৰে শ্বাহিদুল আলম হ’ল আন্তৰ্জাতিক খ্যাতিসম্পন্ন ফটো-সাংবাদিক আৰু বিভিন্ন দিশত বূৎপত্তি থকা বাংলাদেশৰ এজন অতি প্ৰখ্যাত লোক। তেওঁকো ১০০ কিমান দিন হাচিনা চৰকাৰে জেলত দিছিল চৰকাৰক সমালোচনা কৰা কাৰণে, মুক্তভাৱে নিজৰ মতামত প্ৰকাশ কৰা কাৰণে। অইন নালাগে ন’বেল বঁটা বিজয়ী মহম্মদ ইউনূচকো ২০১১ চনত হাচিনা চৰকাৰে নানা ধৰণে নগুৰ-নাগতি কৰিছিল।হাচিনাৰ চৰকাৰ আছিল এক পাৰ্টি এক ব্যক্তি কেন্দ্ৰিক চৰকাৰ। বাৰে বাৰে নিৰ্বাচনত জালিয়াতী কৰি হাচিনা ক্ষমতালৈ আহিছিল।

বাংলাদেশৰ বিধানমণ্ডল, ন্যায়পালিকা, কাৰ্যপালিকা মুঠেই স্বতন্ত্ৰ নাছিল। সকলো হাচিনাৰ নিয়ন্ত্ৰণত আছিল।সংৰক্ষণৰ বিৰুদ্ধে বৈষম্য বিৰোধী ছাত্ৰ আন্দোলন আৰম্ভ হৈছিল মাত্ৰ এমাহ আগতে।হাচিনাৰ পতনৰ মূল কাৰণ হ’ল এই ছাত্ৰ আন্দোলন।ছাত্ৰ আন্দোলনটোৰ প্ৰতি আৰম্ভণিৰে পৰা হাচিনা চৰকাৰে অতি কঠোৰ মনোভাব লৈছিল।এটা শান্তিপূৰ্ণ ছাত্ৰ আন্দোলনক চৰকাৰী ছাত্ৰ সংগঠন ছাত্ৰ লীগ আৰু পুলিচ একলগ হৈ দমন নিপীড়ণৰ দ্বাৰা বশ কৰিবলৈ বিচৰা হৈছিল।

ইমান দিনে শান্তিপূৰ্ণ আৰু অহিংস হৈ থকা আন্দোলনটোৱে ১৫ জুলাইৰ পৰা এক জংগী ৰূপ ধাৰণ কৰিছিল।বিশেষকৈ ১৬ জুলাইৰ দিনা দুহাত মেলি পুলিচৰ গুলি বুকু পাতি লোৱা আবু চৈয়দৰ ঘটনাটোৱে সমগ্ৰ বাংলাদেশতে এক অভূতপূৰ্ব উত্তেজনাৰ সৃষ্টি কৰিছিল। অতি কম দিনৰ ভিতৰত পুলিচৰ হাতত ২০০তকৈ অধিক আন্দোলনকাৰী আৰু অন্য ব্যক্তিৰ মৃত্যু হৈছিল।হাচিনাৰ বিৰুদ্ধে ইমানদনে জনসাধাৰণৰ সকলো অংশৰ পুঞ্জীভূত ক্ষোভৰ উদ্গীৰণ হৈছিল। মূৰকত হাচিনা দেশ এৰি পলাবলৈ বাধ্য হৈছিল।

কেইদিনমানলৈ বাংলাদেশত এক অনিশ্চয়তাই দেখা দিছিল। কিন্তু কালি মহাম্মদ ইউনূচক মুৰব্বী হিচাপে লৈ বাংলাদেশত এখন অন্তৰ্ৱৰ্তী চৰকাৰ গঠন হৈছে।দুজন ছাত্ৰ নেতাকে ধৰি সমাজৰ বিভিন্ন অংশৰ বিশিষ্ট ব্যক্তিক লৈ ষোল্লজনীয়া চৰকাৰ এখন গঠন হৈছে।বাংলাদেশৰ সৰ্বাংগীণ বিকাশৰ ওপৰত গুৰুত্ব দি অতি সোনকালে স্বচ্চ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰি বাংলাদেশলৈ গণতন্ত্ৰ ঘূৰাই অনাটোৱেই তেওঁলোকৰ মূল উদ্দেশ্য বুলি অন্তৰ্ৱৰ্তী চৰকাৰে ঘোষণা কৰিছে।বাংলাদেশত হাচিনা চৰকাৰৰ পতনৰ পছতে ভাৰতত বিজেপি চৰকাৰ আৰু তেওঁলোকৰ সাংগোপাংগ সকল বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ হৈছে বুলি চাৰিওফালে এটা হুলস্থূল লগাই দিছিল।

তেনে ঘটনা দুই এটা হোৱা নাছিল বুলিও ক’ব নোৱাৰি। কিন্তু যিমান প্ৰচাৰ চলোৱা আৰু উৰা বাতৰি বিয়পোৱা হৈছিল সিমান বেছি একো ঘটা নাছিল।হয়, পাঁচ আগষ্টৰ ঠিক পিছতে বিভিন্ন ঠাইত আৱামী দলৰ অফিচত আক্ৰমণ চলোৱা হৈছিল। সেই হিংসাত প্ৰায় দুশমান মানুহৰ মৃত্যুও হৈছিল যিটো নিসন্দেহে নিন্দনীয়।কিন্তু অতি সোনকালে ছাত্ৰ নেতা সকলে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিব পাৰিছিল।এতিয়া তেনে ঘটনাৰ কোনো খবৰ অহা নাই।যোৱা কেইদিন আমাৰ অসমতো বৰকৈ কাৰ কথা কোৱা হৈছিল।কা সংবিধান বিৰোধী। কিন্তু কাৰ কাৰণে আৰু বৰ্তমান বাংলাদেশত চৰকাৰ পৰিবৰ্তন হোৱাৰ লগে লগে হাজাৰে লাখে বাংলাদেশী হিন্দু আহি অসম সোমাব বুলি ভবাটো এক বাটুলামি মাথো।

বাংলাদেশত এক বিশেষ পৰিস্থিতিৰ বাবে এটা গণ অভ্যুত্থান হৈছে। তাক আমি আমাৰ দৃষ্টিৰে চোৱাৰ সলনি বাংলাদেশী জনসাধাৰণৰ দৃষ্টিভংগীৰে নাচাওঁ কিয়? এই ক্ষেত্ৰত ‘The Week’এ কেইদিনমান আগতে বাংলাদেশৰ ‘Daily Star’ৰ সম্পাদক/ প্ৰকাশক মহফুজ আননৰ সৈতে লোৱা সাক্ষাৎকাৰটোৱে আমাৰ সকলোৰে চকু মুকলি কৰিব পাৰে।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd