পৃথিৱীত কিমান ধৰণৰ যে মানুহ থাকে সেয়া প্ৰমাণ নোপোৱা পৰ্যন্ত অনুমানেই কৰিব নোৱাৰি।
মানুহে যিমানে সভ্যতাৰ পোহৰ পাইছে সিমানেই নাৰীৰ বিৰুদ্ধে অপৰাধ, ধৰ্ষণ আদিৰ ঘটনা বৃদ্ধিহে পাই গৈ আছে।
এইবাৰ এনে এক জঘন্য ঘটনাৰ কথা পোহৰলৈ আহিছে যি ঘটনাই প্ৰতিজন লোকৰে অন্তৰাত্মা এবাৰৰ বাবে হ’লেও হয়তো কঁপাই তুলিব।
বিকৃত মনৰ এই যুৱক এজনে আনকি মৃত্যুৰ পিছতো নাৰীক ৰেহাই নিদিলে যৌন আতিশয্য চলোৱাৰ পৰা।
এগৰাকী নহয়, দুগৰাকী নহয় সাত গৰাকী যুৱতীৰ মৃতদেহ ধৰ্ষণ কৰিলে এই জন যুৱকে।যুৱতীৰ মৃতদেহ ধৰ্ষণৰ নাৰকীয় ঘটনাটো সংঘটিত হৈছে বাংলাদেশৰ ছাহিদ ছোহৰাৱাৰ্ডি মেডিকেল কলেজৰ মৰ্গত।
মৰ্গৰ প্ৰধান ৰখীয়া জতন কুমাৰ লালৰ ভাগিন মুন্না ভগতে আত্মহত্যা কৰা অথবা দুৰ্ঘটনাত নিহত মহিলা-যুৱতীৰ মৰ্গত ৰখা মৃতদেহ বলাৎকাৰ কৰি আহিছে।
শেহতীয়াকৈ এগৰাকী যুৱতীৰ মৃতদেহৰ ডি এন এ পৰীক্ষা কৰিবলৈ গৈ চিকিৎসকসকল হতভম্ব হৈ পৰে।
আত্মহত্যা কৰা যুৱতী গৰাকীৰ মৃতদেহত পোৱা গ’ল বীৰ্য।
কেৱল সেয়াই নহয় আন ছগৰাকী যুৱতীৰ মৃতদেহতো পোৱা গ’ল একেজন লোকৰে বীৰ্য।
লগে লগে আৰম্ভ হ’ল অনুসন্ধান আৰু অৱশেষত আজি আৰক্ষীৰ জালত পৰিল সাতগৰাকী যুৱতীৰ মৃতদেহ ধৰ্ষণ কৰা মুন্না ভগত।
যুৱক জনৰ এনে বিকৃত যৌনাচাৰে এতিয়া আচৰিত কৰি তুলিছে সকলোকে।