দিল্লীত ভাৰতৰ বিৰুদ্ধে জয়ী হৈয়ো বমি কৰিবলৈ বাধ্য হ’ল বাংলাদেশী ক্ৰিকেটাৰ

Soumya-Sarkar

সৌম্য চৰকাৰ, উৎস-ইণ্টাৰনেট

দিল্লীৰ ফিৰোজ শ্বাহ কোটলাৰ দুবছৰ আগৰ এখন ছবি ২০১৯ বৰ্ষৰ ৩ নৱেম্বৰত অৰুণ জেটলী ষ্টেডিয়ামলৈ উভতি আহিল।

কাৰণ আৰু স্থান একেই বায়ু প্ৰদূষণ আৰু তেতিয়াৰ ফিৰোজ শ্বাহ কোটলা বৰ্তমানৰ অৰুণ জেটলী ষ্টেডিয়াম।

দুবছৰ পূৰ্বে কোটলাত ভাৰত-শ্ৰীলংকাৰ মাজত এখন ষ্টেট ম্যাচ অনুষ্ঠিত হৈছিল আৰু খেলখনত বায়ু প্ৰদূষণৰ বাবে মুখত মাস্ক পিন্ধি খেলপথাৰত নামিছিল শ্ৰীলংকাৰ খেলুৱৈ সকল।

উক্ত খেলখনত প্ৰদূষণৰ বাবে ভাৰত আৰু শ্ৰীলংকাৰ কেইবাগৰাকী খেলুৱৈ অসুস্থ হৈ পৰিছিল।

এইবাৰো সেই একেই ঘটনা। ভাৰত-বাংলাদেশৰ মাজত দিল্লীত অনুষ্ঠিত হোৱা শৃংখলাৰ প্ৰথমখন টি-২০ খেলত অসুস্থ হৈ পৰিছিল বাংলাদেশৰ দুগৰাকী ক্ৰিকেটাৰ।

বাংলাদেশৰ তাৰকা ক্ৰিকেটাৰ সৌম্য চৰকাৰ আৰু সতীৰ্থ খেলুৱৈ এগৰাগী খেলৰ সময়তে অসুস্থ হৈ পৰে।

জানিব পৰা মতে, সৌম্য চৰকাৰে প্ৰদূষণৰ বাবেই শ্বাস কষ্টৰ বাবে বমি কৰিবলৈ বাধ্য হয়।

উল্লেখযোগ্য যে, প্ৰথমখন খেলত ভাৰতৰ বিৰুদ্ধে বিজয়ী হোৱা বাংলাদেশৰ হৈ সৌম্য চৰকাৰে ৩৫ টা বলত ৩৯ ৰাণৰ বৰঙণি আগবঢ়াইছিল।

দিল্লীৰ ভয়াবহ প্ৰদূষণৰ বাবে খেলৰ সময়ত খেলুৱৈ সকলে শাৰীৰিক অসুস্থতা আৰু শ্বাস কষ্টত ভূগিব পাৰে বুলি কৰা আশংকা সত্য প্ৰমাণিত হ’ল।