দেশৰ মৰ্যাদা হানি : দেশদ্ৰোহৰ গোচৰৰ সন্মুখীন বাংলাদেশৰ হিন্দু মহিলা কৰ্মী

Priya-Saha-1140x570

প্ৰিয়া সাহা। ফটো : ৰাইজিংবিডি ডটকমৰ সৌজন্যত

দেশৰ ‘মৰ্যাদা হানি’ৰ বাবে দেশদ্ৰোহৰ গোচৰৰ সন্মুখীন হ’ব লাগিব বাংলাদেশৰ হিন্দু মহিলা কৰ্মী প্ৰিয়া সাহা।

বাংলাদেশৰ পথ পৰিবহণ মন্ত্ৰী তথা শাসকীয় আৱামী লীগৰ সাধাৰণ সম্পাদক ওবাইদুল কোৱাদাৰে কয় যে প্ৰিয়া সাহাৰ বাংলাদেশত সংখ্যালঘুৰ নিৰ্যাতন সন্দৰ্ভত কৰা মন্তব্য ‘’সম্পূৰ্ণ অসত্য আৰু আক্ৰোশমূলক।‘’

‘’প্ৰিয়া সাহাৰ অভিযোগ আছিল সম্পূৰ্ণ অসত্য। কোনোৱে তেওঁৰ সৈতে একমত নহ’ব,’’-কোৱাদাৰে শনিবাৰে ঢাকাৰ আৱামী লীগৰ সভাপতিৰ ধনমন্দি ৰাজনৈতিক কাৰ্যালয়ত সাংবাদিকৰ আগত এইদৰে কয়।

‘’তেওঁৰ বিৰুদ্ধে এটা দেশদ্ৰোহৰ গোচৰ ৰুজু কৰা হ’ব। প্ৰক্ৰিয়াটো চলি আছে,’’-তেওঁ কয়।

এগৰাকী বাংলাদেশৰ নাগৰিক প্ৰিয়া সাহাই যোৱা ১৬ জুলাইৰ পৰা ১৮ জুলাইলৈকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহ বিভাগৰ ৱাশ্বিংটন ডি চিত অনুষ্ঠিত দ্বিতীয় মিনিষ্ট্ৰিয়েল টু এডভান্স ৰিলিজিয়াছ ফ্ৰীডমত অংশগ্ৰহণ কৰিছিল।

বাংলাদেশৰ বৈদেশিক মন্ত্ৰী এ কে আব্দুল মোমেনো বৈঠকত উপস্থিতি আছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প উপস্থিত থকা বৈঠকখনত দুগৰাকী ৰোহিংগ্যা শৰণাৰ্থী আৰু আন দুগৰাকী সংখ্যালঘু কৰ্মী উপস্থিত আছিল।

প্ৰায় ৪০ গৰাকী বৈদেশিক মন্ত্ৰীকে ধৰি ১০৬ খন দেশৰ প্ৰতিনিধিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহ বিভাগৰ সচিব মাইক পোম্পেৱে আমন্ত্ৰণ কৰা উক্ত বৈঠকত অংশ লৈছিল।

ইয়াৰ পাছতে ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ ক্লিপত দেখা গৈছিল যে বাংলাদেশ হিন্দু-বৌদ্ধ-খ্ৰীষ্টিয়ান ঐক্য পৰিষদৰ এগৰাকী সাংগঠনিক সম্পাদক প্ৰিয়াই বাংলাদেশত থকা ১.৮ কোটি সংখ্যালঘু লোকক উৎপীড়নৰ পৰা বচাবলৈ ট্ৰাম্পক আহ্বান জনাইছিল।

তেওঁ অভিযোগ কৰিছিল যে ৩.৭ কোটি হিন্দু, বৌদ্ধ আৰু খ্ৰীষ্টান লোক দেশখনৰ পৰা ৰাজনৈতিক সমৰ্থন লাভ কৰা মৌলবাদী মুছলমান গোটৰ হাতত উৎপীড়নৰ বলি হৈ অন্তৰ্ধান হৈছে।

সাহাই কৈছিল যে তেওঁৰ নিজৰ মাটিয়ে মুছলমান মৌলবাদীয়ে দখল কৰিছে।

শনিবাৰে পুৱাবেলা, বৈদেশিক মন্ত্ৰীয়ে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত প্ৰিয়াৰ অভিযোগক ‘’চূড়ান্ত অসত্য’’ বুলি অভিহিত কৰাৰ লগতে প্ৰিয়াৰ ‘’সম্পূৰ্ণ অসত্য তথা মনেসজা কাহিনী’’ৰ আঁৰত এক অভিসন্ধি আছে বুলি উল্লেখ কৰি তেওঁলোকে বাংলাদেশক বদনাম কৰাৰ লক্ষ্য কৰা বুলি কয়।

কোৱা হৈছে যে বাংলাদেশ ধৰ্মীয় স্বাধীনতা তথা সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক নিদৰ্শন, য’ত সকলো ধৰ্মবিশ্বাসী লোকে সুদীৰ্ঘ দিন ধৰি শান্তিৰে বাস কৰি আহিছে।

কোৱাদাৰৰ পৰা গৃহ মন্ত্ৰী আছাদুজ্জামান তথা কনিষ্ঠ বৈদেশিক মন্ত্ৰী ছাহাৰিয়ৰ খানলৈকে সকলোৱে সাহাৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

প্ৰিয়াৰ সংগঠন বাংলাদেশ হিন্দু-বৌদ্ধ-খ্ৰীষ্টিয়ান ঐক্য পৰিষদে নিজকেই সাহাৰ মন্তব্যৰ পৰা আঁতৰত ৰাখিছে আৰু এক বিবৃতিত এয়া তেওঁৰ ‘’ব্যক্তিগত দৃষ্টিভংগী আৰু ইয়াৰ লগত সংগঠনৰ কোনো সম্পৰ্ক নাই’’ বুলি স্পষ্টি কৰি দিছে।