গ্ৰাহকৰ সুৰক্ষাৰ ক্ষেত্ৰত অৱহেলাৰ অভিযোগ শিৱসাগৰৰ বেংক সমূহৰ বিৰুদ্ধে

ফটো : নৰ্থ-ইষ্ট নাও

চৰকাৰে ক’ৰ’না ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে দেশজোৰা লকডাউন ঘোষণা কৰাৰ লগতে বলবৎ কৰিছে কঠোৰ নীতি-নিৰ্দেশনা। কিন্তু এই সমূহ নীতি-নিৰ্দেশনাক ভেঙুচালি প্ৰদৰ্শন কৰিছে শিৱসাগৰৰ কেতবোৰ চৰকাৰী- বেচৰকাৰী বেংকে।

বেংকৰ সন্মুখত হেণ্ডৱাচ, চাবোন, পানী ৰখাৰ বিপৰীতে বেংক সমূহৰ এ টি এমত কোনো ধৰণৰ চেনিটাইজাৰৰ ব্যৱস্থা কৰা দেখা নাই।

শিৱসাগৰৰ এছ বি আই, আই চি আই চি আই, চিণ্ডিকেট, এইচ ডি এফ চি  আদিকে ধৰি কোনো এটা চৰকাৰী-বেচৰকাৰী তথা ব্যক্তিগত খণ্ডৰ  বেংকৰ এ টি এমত নাই চেনিটাইজাৰৰ ব্যৱস্থা। যাৰ বাবে শংকিত হৈ পৰিছে শিৱসাগৰবাসী।

গ্ৰাহকৰ অভিযোগ বেংকে এ টি এমৰ পৰা ধন উলিয়ালে তাৰ বিনিময়ত একাউন্টৰ পৰা পইচা লয়। কিন্তু ক’ৰ’না ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে বেংকে গ্ৰাহকৰ সুৰক্ষাৰ ক্ষেত্ৰত অৱহেলা কৰাৰ অভিযোগ কৰি আহিছে।

এ টি এম সমূহ চেনিটাইজ কৰাটো দূৰৰে কথা,  এ টি এমৰ ভিতৰত বাহিৰত সাধাৰণ হাত ধোৱাৰ ব্যৱস্থাও নাই।

ইতিমধ্যে দেশৰ কেইবা ঠাইতো এ টি এমৰ পৰা ক’ৰ’না সংক্ৰমণ হোৱা ঘটনা সংঘটিত হৈছে।

সুৰক্ষাৰ বাবে বেংকসমূহে এ টি এম সমূহৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰা কাৰ্য্যত ক্ষোভ প্ৰকাশ কৰিছে শিৱসাগৰবাসীয়ে।

ইয়াৰ উপৰি শিৱসাগৰ জিলা প্ৰশাসনক বিষয়টো গুৰুত্ব সহকাৰে ল’বলৈ আহ্বান জনাইছে জিলাখনৰ সচেতন ব্যক্তিয়ে।