দৰঙত বেংক মেনেজাৰক আক্ৰমণ ঋণ ঘূৰাব নোৱৰা ব্যক্তিৰ

কানাড়া বেংকৰ মঙলদৈ শাখা মেনেজাৰ আনন্দ কুমাৰ

বেংক মেনেজাৰক আক্ৰমণ কৰি দৰং জিলাৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ১নং শিয়ালমাৰি গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদকে পলায়ন কৰি থকা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য মতে কানাড়া বেংকৰ মঙলদৈ শাখাৰ পৰা ঋণ লৈ পিছত পৰিশোধ নকৰা আইনুল হক নামৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদ গৰাকীয়ে যোৱা শনিবাৰে আৱেলি শাখাটোৰ মেনেজাৰ আনন্দ কুমাৰক হত্যাৰ চেষ্টা চলায়।

আনন্দ কুমাৰে অভিযোগ কৰা অনুসৰি ট্ৰেক্টৰ ক্ৰয় কৰাৰ উদ্দেশ্যে বেংকৰ পৰা ঋণ লোৱা অভিযুক্ত লোকজনে কালি তেওঁক দিব লগীয়া ঋণ পৰিশোধ কৰিম বুলি কৈ ঘৰলৈ মাতি আনি লোহাৰ সামগ্ৰী আৰু ইটা আদিৰে প্ৰহাৰ কৰে।

অৱশ্যে কেইজনমান স্থানীয় যুৱকৰ সহযোগত আৰক্ষীয়ে বেংক মেনেজাৰ গৰাকীক অৰ্ধ চেতন অৱস্থাত উদ্ধাৰ কৰে। পিছত আনন্দ কুমাৰে অভিযুক্ত আইনুল হক আৰু তেওঁৰ পৰিয়ালৰ লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

অভিযুক্ত লোকজনক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ’ব বুলি জানিবলৈ দি দৰঙৰ জিলা আৰক্ষী অধীক্ষক অমৃত ভূঞাই নৰ্থ-ইষ্ট নাওক জনাই যে দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক উজ্জল প্ৰতীম বৰুৱাই ঘটনাৰ তদন্ত চলাই আছে।