আদানি গ্ৰুপক ঋণ দিয়াৰ ফল? সংযুক্ত আৰৱ আমিৰাতত শাখা বন্ধ কৰিব বেংক অফ বৰোদাই!

বেংক অফ বৰোদাই সংযুক্ত আৰৱ আমিৰাত (UAE)ত ইয়াৰ শাখা বন্ধ কৰিবলৈ আগবাঢ়িছে। বেঙ্ক কৰ্তৃপক্ষৰ মতে নিৰ্দেশটো মাৰ্চৰ পৰা কাৰ্যকৰী হ’ব। ২২ মাৰ্চৰ পৰা আল আইন শাখাৰ সকলো সেৱা বন্ধ কৰা হ’ব। অৱশ্যে বেংক অফ বৰোদাৰ আবু ধাবি শাখা আগৰ দৰেই কাৰ্যক্ষম হৈ থাকিব।

উল্লেখ্য যে বেংক অফ বৰোদাই আদানি গ্ৰুপক বৃহৎ পৰিমাণৰ ঋণ দিছে। যোৱা কেইদিনমানৰ পৰা বৰোদা বেংকৰ এখন ছবি ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈ আছে। ছবিখনত দাবী কৰা হৈছে যে গ্ৰাহকসকলে তেওঁলোকৰ বেংক একাউণ্ট বন্ধ কৰিবলৈ দীঘলীয়া শাৰী পাতিছে।

সেই সময়ৰ পৰাই অনুমান আৰম্ভ হৈছিল যে ভাৰতৰ ৰাজহুৱা খণ্ডৰ বেঙ্কটোৱে আৰৱ বিশ্বৰ পৰা টালি-টোপোলা বান্ধি ওলাব নেকি? অৱশেষত দেওবাৰে পোৱা যায় এই প্ৰশ্নটোৰ উত্তৰ।

বৰোদা বেংকে এক বিবৃতিত কয় যে কৰ্তৃপক্ষই সংযুক্ত আৰৱ আমিৰাত আল আইন শাখা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। অৱশ্যে, যিসকলৰ সেই শাখাত একাউণ্ট আছে তেওঁলোকক আবু ধাবি শাখালৈ স্থানান্তৰ কৰা হ’ব। যিকোনো লোকে বিচাৰিলে তেওঁলোকৰ একাউণ্ট বন্ধ কৰিব পাৰে। ইয়াৰ বাবে কোনো অতিৰিক্ত ধন খৰচ কৰিব নালাগে। যোৱা বছৰ শাখাটো বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।

চলিত মাহৰ আৰম্ভণিতে বৰোদা বেংকৰ মুখ্য কাৰ্যবাহী বিষয়া সঞ্জীৱ চাধাই কৈছিল যে তেওঁৰ বেঙ্কে আদানি গ্ৰুপক ঋণ দিয়া বন্ধ নকৰে। হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন প্ৰকাশ হোৱাৰ পিছৰে পৰা আদানি গ্ৰুপৰ সম্পদ হ্ৰাস পাই আহিছে। প্ৰশ্ন উত্থাপিত হয় যে সাধাৰণ মানুহে বেংকটোত জমা ৰখা টকা ঘূৰাই নাপাব নেকি?

এনে পৰিস্থিতিত বৰোদা বেংকে কয় যে যেতিয়ালৈকে চৰ্ত অনুসৰি ঋণ পৰিশোধ কৰিবলৈ সক্ষম হয় আদানিক ঋণ দিয়া হ’ব। সাধাৰণ লোকসকলক কোনো ধৰণৰ ভুৱা বাতৰিৰ দ্বাৰা বিপথে পৰিচালিত নহ’বলৈ কৈ আশ্বাস দিয়া হৈছে।