NORTHEAST NOW (Assamese)

এপ্ৰিলত ১৪ দিন বন্ধ থাকিব বেংক, তাৰিখকেইটা জানক

April 2, 2020 10:33 pm · এন ই নাও নিউজ
Updated: April 3, 2020 12:18 am
প্ৰতীকী ছবি।

বেংকসমূহ এপ্ৰিল মাহত ৰাষ্ট্ৰীয় বন্ধ, আঞ্চলিক বন্ধ আৰু সাপ্তাহিক ছুটীকে ধৰি ১৪ দিনৰ বাবে বন্ধ থাকিব।

লকডাউনৰ মাজতে এই বন্ধৰ বাবে আগতীয়াকৈ সাজু হোৱাতো গ্ৰাহকৰ বাবে প্ৰয়োজনীয় হ’ব।

বিপৰীতে কৰ’নাভাইৰাছ প্ৰতিহত কৰাৰ বাবে আহ্বান কৰা লকডাউনৰ মাজতো নিৰৱচ্ছিন্নভাৱে নিজৰ কৰ্তব্য সম্পাদন কৰি অহা বেংক কৰ্মচাৰীসকলে কিছু বিৰতি পাব।

ভাৰতৰ ৰিজাৰ্ভ বেংকৰ বন্ধ তালিকা মতে ভাৰতীয় বেংকসমূহ তলৰ তাৰিখকেইটাত বন্ধ থাকিব।

বন্ধৰ সময়ত এ টি এমসমূহতো নিয়মীয়া ধন যোগান বন্ধ থাকিব পাৰে সেয়ে আগতীয়াকৈ গ্ৰাহকসকলে কিছু ধন হাতত ৰাখিব পাৰে।

এপ্ৰিল ২০২০ৰ বন্ধৰ তালিকা:

১ এপ্ৰিল- বেংকৰ বাৰ্ষিক বন্ধ

২ এপ্ৰিল- ৰাম নৱমী

৬ এপ্ৰিল- মহাবীৰ জয়ন্তী

১০ এপ্ৰিল- গুড ফ্ৰাইডে

১১ এপ্ৰিল- দ্বিতীয় শনিবাৰ

১৩ এপ্ৰিল- ব’হাগ বিহু/চেইৰাওবা/বৈশাখী

১৪ এপ্ৰিল- আম্বেদকাৰ জয়ন্তী/বাঙালী নতুন বৰ্ষ/তামিল নতুন বৰ্ষ/ব’হাগ বিহু/বিচু

১৫ এপ্ৰিল- ব’হাগ বিহু/হিমাচল দিৱস

২০ এপ্ৰিল- গাৰিয়া পূজা

২৫ এপ্ৰিল-পৰশুৰাম জয়ন্তী

এই দহটা বন্ধৰ উপৰিও চাৰিটা দেওবাৰে বেংক কৰ্মচাৰীসকলৰ ছুটী থাকিব।

অৱশ্যে কিছুমান বন্ধ কিছুমান নিৰ্দিষ্ট ৰাজ্যৰ বাবেহে।

Related News