চলিত মাৰ্চ মাহত ৪ দিন বন্ধ হৈ থাকিব ভাৰতৰ সকলো বেংক। যাৰ ফলত গ্ৰাহকসকলে ব্যাপক সমস্যাত ভোগাৰ সম্ভাৱনা আছে।
অহা ২২ মাৰ্চত মাহৰ চতুৰ্থ শনিবাৰ উপলক্ষ্যে বন্ধ থাকিব বেংক। তাৰপিছত ২৩ মাৰ্চ হৈছে দেওবাৰ। ইয়াৰ উপৰিও ২৪ আৰু ২৫ মাৰ্চত বেংক কৰ্মচাৰীসকলে ধৰ্মঘটৰ বাবে কৰ্মবিৰতি ঘোষণা কৰিছে।
শ্ৰমিক সংগঠনৰ মঞ্চ ফ’ৰাম অৱ বেংক ইউনিয়নে দীৰ্ঘদিন ধৰি বেংকত নিযুক্তি স্থগিত ৰখাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে।
উল্লেখ্য যে বেংকত নিযুক্তি নিদিয়াৰ বাবে পৰ্যাপ্ত কৰ্মচাৰীৰ অভাৱ হৈছে। কম সংখ্যক কৰ্মচাৰীৰ বাবে গ্ৰাহক সেৱা আগবঢ়োৱাটো কাৰ্যতঃ অসম্ভৱ হৈ পৰিছে।
ইয়াৰ উপৰিও অভিযোগ উত্থাপন হৈছে যে পাঁচদিনীয়া কৰ্ম সপ্তাহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বেংকে ভূমিকা গ্ৰহণ কৰা নাই।
বেংক কৰ্তৃপক্ষৰ সংগঠন ইণ্ডিয়ান বেংক এছ’চিয়েশ্যনে শ্ৰমিক সংগঠনৰ সৈতে এই দাবীসমূহ লৈ বৈঠক অনুষ্ঠিত কৰে। এই সভাত দুদিনীয়া কৰ্মবিৰতি আৰু ধৰ্মঘটেৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত লোৱা হয়।
এই পৰ্যন্ত লাভ কৰা খবৰ অনুসৰি দেশৰ সকলো ৰাজহুৱা আৰু ব্যক্তিগত বেংকে এই ধৰ্মঘটত অংশগ্ৰহণ কৰিব। SBI, Bank of Baroda, PNB সকলো সেই তালিকাত থাকিব। ইয়াৰ উপৰিও ব্যক্তিগত বেংকৰ ভিতৰত আইচিআইচিআই বেংক, এইচডিএফচি বেংককে ধৰি অন্যান্য বেংকসমূহৰ কৰ্মচাৰীয়েও প্ৰতিবাদত অংশ গ্ৰহণ কৰিব।
কিন্তু যদিহে দুদিনৰ বাবে ধৰ্মঘট হয় তেন্তে গ্ৰাহকেই সৰ্বাধিক সমস্যাৰ সন্মুখীন হ’ব। কাৰ্যত দুদিনীয়া ধৰ্মঘট হ’লেও প্ৰকৃততে চাৰিদিন বন্ধ থাকিব বেংক। ফলত শনিবাৰৰ পৰা একেৰাহে চাৰিদিন সকলো কাম বন্ধ থাকিব।
যদিহে মাহৰ শেষৰ ফালে এই চাৰিদিন বেংক বন্ধ হৈ থাকে তেন্তে গ্ৰাহকে সকল বৃহৎ সমস্যাৰ সন্মুখীন হ’ব পাৰে।