‘আৱাৰ গ্ৰেট নেচনেল পাৰ্ক’ত সুন্দৰভাবে কণ্ঠদান কৰি এমি পুৰস্কাৰ জিকিলে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি বাৰাক অ’বামাই

কেৱল ৰাজনীতিতে নহয়, আন বহু দিশতে নিপুন প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি বাৰাক অ’বামা। শেহতীয়াকৈ অ’বামা এমি পুৰস্কাৰেৰে পুৰস্কৃত হৈছে।

তেওঁ দুটা গ্ৰেমীৰ সৈতে এমি বঁটা লাভ কৰিছে। নেটফ্লিক্সৰ তথ্যচিত্ৰ শৃংখলা ‘আৱাৰ গ্ৰেট নেচনেল পাৰ্কছ’ত কৰা কামৰ বাবে অ’বামাই শ্ৰেষ্ঠ কথকৰ এমি লাভ কৰিছে।

বিশ্বজুৰি ৰাষ্ট্ৰীয় উদ্যানসমূহ প্ৰদৰ্শন কৰা পাঁচ টা খণ্ডৰ অনুষ্ঠানটো বাৰাক আৰু মিচেল অ’বামাৰ প্ৰযোজনা সংস্থা “হায়াৰ গ্ৰাউণ্ড”ৰ দ্বাৰা প্ৰযোজনা কৰা হৈছে। শনিবাৰে নিশা ক্ৰিয়েটিভ আৰ্টছ এমিছত প্ৰদান কৰা হয় এই বঁটা। মনোনীত ব্যক্তিৰে পৰিপূৰ্ণ হৈ আছিল প্ৰেক্ষাগৃহ।

উল্লেখ্য বাৰাক অবামা হৈছে এমি বঁটা লাভ কৰা দ্বিতীয়গৰাকী মাৰ্কিন ৰাষ্ট্ৰপতি। ১৯৫৬ চনত ডুইট ডি আইজেনহাৱাৰক এক বিশেষ এমি বঁটা প্ৰদান কৰা হৈছিল। বাৰাক অবামাই আগতে তেওঁৰ গ্ৰন্থ “এ প্ৰমিজড লেণ্ড” বাবে গ্ৰেমী বঁটা লাভ কৰিছিল।

মিচেল অ’বামাই ২০২০ চনত তেওঁৰ অডিঅ’ বুক পাঠ কৰাৰ বাবে গ্ৰেমী জিকিছিল। আজিলৈকে ১৭ গৰাকী জন লোকে এই বঁটা লাভ কৰিছে। এমি বঁটা লাভ কৰি স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে অ’বামা দম্পতী।