বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ গাড়ীচালক নিখোজৰ ঘটনা; চিবিআই তদন্তৰ দাবী বৰাক ডেম’ক্ৰেটিক ফ্ৰন্টৰ

index-23-750x375

বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য।

ৰাজ্যখনৰ বন আৰু আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ গাড়ীচালক কাজল দত্ত ৰহস্যজনকভাৱে নিখোজ হোৱাৰ ঘটনাৰ চিবিআইৰ তদন্ত দাবী কৰিছে বৰাক ডেম’ক্ৰেটিক ফ্ৰন্টে।

বিডিএফ মিডিয়া চেলৰ আহ্বায়ক হৃষীকেশ দে আৰু জয়দীপ ভট্টাচার্যই এক প্রেছ বিবৃতিযোগে এইকথা জানিবলৈ দিয়ে।

বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নিখোজ গাড়ীচালক কাজল দত্তৰ পৰিয়ালৰ অনুৰোধত বৃহস্পতিবাৰে বৰাক ডেম’ক্ৰেটিক ফ্ৰন্টৰ মুখ্য আহ্বায়ক প্ৰদীপ দত্ত ৰায় আৰু আহ্বায়ক জহৰ তাৰণে ধলাই সমষ্টিৰ আইৰংমাৰাত পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰে।

কাজল দত্তৰ মাতৃয়ে তেওঁলোকক জানিবলৈ দিয়ে যে ২০১৬ চনৰ এটা সোমবাৰে নৈমিত্তিক কামত পুৱাই তেওঁৰ পুত্ৰ পৰিমল শুক্লবৈদ্যৰ ঘৰলৈ বুলি ওলাই গৈছিল।

কিন্তু পাছৰ মঙলবাৰ পৰ্যন্ত তেওঁ ঘুৰি নাহিল আৰু স্থানীয় থানাৰ পৰা জনোৱা হয় যে তেওঁ নিখোজ হৈছে।

ইপিনে, মন্ত্ৰীগৰাকীৰ পৰিয়ালে সেই খৱৰ তেওঁলোকক দিয়াৰ সৌজন্যতাবোধো নেদেখুৱালে বুলি জানিবলৈ দিয়ে কাজলৰ মাতৃয়ে।

কাজল দত্তৰ পৰিয়ালৰ সদস্যসকলে কয় যে ইয়াৰ পাছত তেওঁলোকে কাজলৰ সন্ধানত দুৱাৰে দুৱাৰে ঘুৰি ফুৰিছে। মন্ত্ৰীয়ে নিজেই তেওঁলোকক কোনো গোচৰ নিদিবলৈ নিৰ্দেশ দি কৈছিল যে তেওঁলোকেই গোচৰ দিব আৰু কাজলক অৱশ্যেই বিচাৰি উলিয়াব। কিন্তু ইয়াৰ পাঁচ বছৰ অতিক্ৰম হোৱাৰ পাছতো এইয়াও কাজল দত্তৰ কোনো শুংসূত্ৰ পোৱা নাই।

তেওঁলোকে লগতে জানিবলৈ দিয়ে যে ৰোজকান্দি বাগানৰ ভিতৰত ১০০০বিঘা মাটিত মন্ত্ৰী শুক্লবৈদ্যৰ পুত্ৰৰ এটা পুখুৰী আছে। সেইসময়ত থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই এই সন্দৰ্ভত তদন্ত কৰিবলৈ যাওতে সেই পুখুৰীৰ পাৰত নিখোজ কাজলৰ ফোনটো পাইছিল। কিন্তু ইয়াতেই থমকি ৰ’ল।

ইয়াৰ পাছত কোনো ৰহস্যজনক কাৰণত সেই আৰক্ষী বিষয়াক বদলি কৰা হয়। কেবল সেয়াই নহয়, তাৰপাছতো তিনিজনকৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সেই থানালৈ আহিল যদিও এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ পাছতে তেওঁলোকৰ বদলি হৈ যায়।

বিবৃতিটোত কোৱা হয় যে বৃহস্পতিবাৰে স্থানীয় লোকে কথা প্ৰসংগত উল্লেখ কৰে যে কাজলক মন্ত্ৰী শুক্লবৈদ্যৰ পৰিয়ালৰ সদস্যসকলেই কোনো অজ্ঞাত কাৰণত হত্যা কৰিছে আৰু তেওঁৰ মৃতদেহ সেই পুখুৰীত পেলাই দিয়া বুলি তেওঁলোকে সন্দেহ কৰে।

এই সমস্ত ঘটনাৰ কথা শুনাৰ পাছত বিডিএফৰ মুখ্য আহ্বায়ক প্ৰদীপ দত্তৰায়ে কয় যে ৰাজ্যখনৰ এগৰাকী কেবিনেট মন্ত্ৰীয়ে যোৱা পাঁচ বছৰ ধৰি তেওঁৰ নিখোজ গাড়ীচালকৰ সন্ধান উলিয়াব পৰা নাই-ইয়াতকৈ আশ্চৰ্যকৰ বিষয় আৰু কি হ’ব পাৰে?

তেওঁ কয় যে এইটো পানীৰ দৰে পৰিষ্কাৰ যে কাজলক হত্যা কৰা হৈছে আৰু তাত মন্ত্ৰী বা তেওঁৰ পৰিয়ালৰ লোক জড়িত থকাৰ সম্ভাৱনা কোনোমতে উৰুৱাই দিব নোৱাৰি।

প্ৰদীপ দত্তৰায়ে কয় যে অন্তত: যি মাতৃৰ বুকু উদং হৈছে তেওঁৰ প্ৰতি সহানুভুতিশীল হ’ব পাৰিলেহেঁতেন মন্ত্ৰীগৰাকী, তেওঁলোকৰ জীৱন-জীৱিকাৰ বাবে পৰিয়ালৰ আন কাৰোবাক তেওঁ চাকৰি দিব পাৰিলেহঁতেন। কিন্তু এইক্ষেত্ৰত তেওঁ চৰম উদাসীনতা দেখুৱাইছে।

দত্তৰায়ে কয় যে কাজল দত্ত যদি দৰিদ্ৰ পৰিয়ালৰ সন্তান নহ’লহেঁতেন, তেনেহ’লে তথাকথিত ভদ্ৰলোক মন্ত্ৰীয়ে এনেকুৱা অভদ্ৰ তথা নিৰ্লজ ভূমিকা পালন কৰিব নোৱাৰিলেহেঁতেন।

বিডিএফৰ মুখ্য আহ্বায়কগৰাকীয়ে শীঘ্ৰেই চিবিআই তদন্তৰ জৰিয়তে বিষয়টো নিষ্পত্তি কৰাৰ বাবে মুখ্যমন্ত্ৰী সোণোৱালৰ ওচৰত দাবী জনায়। তদুপৰি, হতভগীয়া পৰিয়ালটোৱে সুবিচাৰ নোপোৱালৈকে বৰাক ডেম’ক্ৰেটিক ফ্ৰন্টে বিষয়টো এৰি নিদিয়ে বুলিও প্ৰদীপ দত্তৰায়ে স্পষ্ট কৰি দিয়ে।