২ মাহৰ বিৰতিৰ অন্তন মুখত মাস্ক পিন্ধি অনুশীলন আৰম্ভ কৰিলে মেছিৰ লগতে বাৰ্চিলোচনাৰ অন্যান্য খেলুৱৈয়ে

মেছি

ক’ৰ’না ভাইৰাছৰ মহা সংহাৰৰ মাজতে জনপ্ৰিয় ফুটবল ক্লাৱ বাৰ্চিলোনাই শুকুৰবাৰৰ পৰা অনুশীলন আৰম্ভ কৰিছে।

শুকুৰবাৰে বাৰ্চিলোচনাৰ তাৰকা ফুটবলাৰ লিয়োনেল মেছিকে ধৰি ভালেকেইগৰাকী ফুটবলাৰে ২ মাহৰ বিৰতিৰ পাছত প্ৰথমবাৰৰ বাবে অনুশীলনত অংশগ্ৰহণ কৰে।

ক’ৰ’না মহামাৰীৰ বাবে মাৰ্চৰ ১২ তাৰিখে স্পেনিছ লীগ বাতিল কৰিবলগীয়া হোৱাৰ পাছৰে পৰা খেলুৱৈ সকল স্বগৃহতে আৱদ্ধ হৈ আছিল।

১২ মাৰ্চৰ পাছত শুকুৰবাৰে প্ৰথমবাৰৰ বাবে মেছিক মুখত মাস্ক পিন্ধি অনুশীলন কৰা দেখা গ’ল।

জানিব পৰা মতে, বাৰ্চিলোচনাৰ তিনিখন খেলপথাৰত তিনিটা দলত ভাগ হৈ প্ৰতিগৰাকী খেলুৱৈয়ে ব্যক্তিগতভাৱে অনুশীলনত অংশ লয়।

চলিত সপ্তাহতে বাৰ্চিলোনাৰ সকলোবোৰ খেলুৱৈৰ ক’ৰ’না পৰীক্ষাত ফলাফল নিগেটিভ আহে।

ক’ৰ’নাৰ সংক্ৰমণৰ সময়ত মেছিক ফুটবলৰ সৈতে দেখি ফুটবল প্ৰেমী সকলৰ মনলৈ আনন্দ ঘুৰি আহিছে।

উল্লেখযোগ্য যে, ক’ৰ’নাৰ সংক্ৰমণৰ বাবে বিশ্বৰ সকলোবোৰ ক্ৰীড়া প্ৰতিযোগিতা বন্ধ হৈ আছে।

অলিম্পিক, স্পেনিছ লীগ, ইউ এছ অপেন, আই পি এলকে ধৰি ক্ৰিকেট, ফুটবল, টেনিছ, হকী সকলো ধৰণৰ ক্ৰীড়া প্ৰতিযোগিতা বন্ধ হৈ পৰিছে।

বিশ্বৰ বিভিন্ন স্থানত ষ্টেডিয়াম সমূহ অস্থায়ী কোৱাৰেণ্টাইন কেন্দ্ৰলৈ ৰূপান্তৰ কৰা হৈছে।

অসমৰো সৰুসজাই ক্ৰীড়া প্ৰকল্পক অস্থায়ী কোৱাৰেণ্টাইন কক্ষলৈ ৰূপান্তৰিত কৰা হৈছে।