NORTHEAST NOW (Assamese)

আঘাতৰ বাবে এমাহ বাহিৰত, বাৰ্চিলোনাই এই ১৭ বছৰীয়া ফুটবলাৰক আগবঢ়াইছে ৪৬৪০ কোটি টকা

October 3, 2024 8:46 am · এন ই নাও নিউজ, গুৱাহাটী
মাৰ্ক বাৰ্নাল। ফটোঃ সংগ্ৰহীত।

মাত্ৰ ১৭ বছৰ বয়সত মাৰ্ক বাৰ্নালে বাৰ্চিলোনাৰ ছিনিয়ৰ দলত স্থান লাভ কৰে। যদিও খেলিবলৈ নামি আঘাতপ্ৰাপ্ত হৈছে খেলুৱৈগৰাকী। এমাহ ধৰি খেলপথাৰৰ বাহিৰত থাকিব লাগিব। ক্লাবটোৱে লা মাছিয়া একাডেমীৰ পৰা ওলাই অহা ফুটবলাৰগৰাকীৰ মূল্য ৪৬৪০ কোটি টকা নিৰ্ধাৰণ কৰিছে।

বাৰ্চিলোনাই ২০২৬ চনৰ জুন মাহলৈকে মাৰ্কৰ সৈতে চুক্তিবদ্ধ হৈছে। সেই চুক্তিৰ ম্যাদ উকলি যোৱাৰ সময়ত মাৰ্কৰ বয়স ১৯ বছৰ হ’ব। অৰ্থাৎ তেওঁ আৰু ১৯ বছৰ অনুৰ্ধৰ ফুটবলাৰ হৈ নাথাকিব। ফলত ক্লাবটোৱে তেওঁৰ সৈতে চুক্তি আৰু তিনি বছৰৰ বাবে বৃদ্ধি কৰাত কোনো সমস্যাৰ সন্মুখীন নহ’ব। কিন্তু তাৰ আগেয়ে যদি কোনো ক্লাবেই মাৰ্কক ইয়াৰ পৰা নিব বিচাৰে তেন্তে তেওঁলোকে ক্লাৱটোক ৪৬৪০ কোটি টকা দিব লাগিব।

যোৱা মাহত বাৰ্চিলোনাৰ হৈ ৰায়ো ভেলেকানোৰ বিৰুদ্ধে খেলিছিল মাৰ্কে। শেষৰ পিনে টেকল কৰিবলৈ গৈ তেওঁৰ লিগামেণ্ট ছিঙি যায়। ষ্ট্ৰেচাৰত উঠি তেওঁ খেলপথাৰ এৰিব লগা হ’ল।

বাৰ্চাই এক বিবৃতিত কয়,’’ মাৰ্ক আঘাতপ্ৰাপ্ত হৈছে। ছিজনৰ আৰম্ভণিৰ পৰাই তেওঁ ভাল খেলি আহিছে। প্ৰি-ছিজন প্ৰশিক্ষণৰ সময়ত মাৰ্কে প্ৰশিক্ষক হান্সি ফ্লিকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। ফ্লিকে তেওঁক চিনিয়ৰ দললৈ লৈ আহে। অনাগত দিনত তেওঁ ক্লাবটোৰ তাৰকা হিচাপে পৰিগণিত হ’ব।’’

আঘাতৰ বাবে মাৰ্ক প্ৰায় এমাহ ধৰি বাৰ্চিলোনাত নাথাকিব। ইয়াৰ পিছতো ক্লাবটোৱে তেওঁক ৰাখিবলৈ হাহাকাৰ কৰিছে। বাৰ্চাত এতিয়া কেইবাজনো যুৱ ফুটবলাৰ আছে। ইয়াৰে এজন হৈছে এইবাৰ স্পেইনৰ হৈ ইউৰো জয় কৰা লেমিন ইয়ামাল। তেওঁলোকৰ সৈতে এটা শক্তিশালী দল গঢ়িব বিচাৰিছে বাৰ্চাই। এই ছিজনত তেওঁলোকে ভাল খেলিছে। লিয়নেল মেছিৰ পুৰণি ক্লাবে ইমান বৃহৎ মূল্য দিছে যাতে কোনো ক্লাবে মাৰ্কক ভাঙি নিব নোৱাৰে।

Related News