NORTHEAST NOW (Assamese)

‘বৰনদী ভটিয়াই’ এখন সৰ্বগ্ৰহণযোগ্য সুস্থ ৰুচিবোধৰ অসমীয়া আধুনিক কথাছবি

May 10, 2019 5:51 pm · উৰ্বশী মহন্ত
Updated: May 10, 2019 6:47 pm
বৰনদী ভটিয়াই

সকলোৱে চিনি পায় মাজুলীক।মাজুলী মানে কেৱল চপৰা চপৰে খহি দিনে দিনে মাটিকালিৰ পৰিমাণ কমি অহা নদীদ্বীপটো নহয়। অথবা মাজুলী মানে ৰাসৰ দলদোপ হেন্দোল-দোপ পৰিৱেশো নহয়। খোল-তাল, বৰগীতৰ তালত ভকতিৰ উদাসীনতাই গ্ৰাস কৰা ভূ-খণ্ড মাজুলী নহয়, মাজুলী বহুতৰ বাবে কলীয়াপানী।

খৰালিত ফুৰিবলৈ যোৱা, সত্ৰ-সংস্কৃতিৰ উচ্চ প্ৰশংসা আৰু ভক্তিৰ কিছু ছয়াময়া মোহান্ধতা। মাজুলীৰ মেৰুদণ্ড বৰলুইত। যেন যুগান্তৰৰ এটি অভিশাপ গ্ৰস্ত চৰিত্ৰ! বান আহিলে মাজুলীয়েই মাজুলীক গালি পাৰে, শাওপাত দিয়ে। বিৰক্ত হয় মাজুলী অহৰহ প্ৰকৃতিৰ নিৰ্মম অত্যাচাৰ সহ্য কৰি। তথাপি মাজুলীৰ সপোন গজে বৰলুইতৰ বুকুত। নিথৰুৱা অনুভৱৰ প্ৰান্তত মাজুলীবাসীৰ সপোনে ডেউকা মেলে। লুইতে পলস পেলাই উৰ্বৰ কৰি থৈ যোৱাৰ মাজুলী হৈ উঠে আশা আৰু ভৰসাৰ থলী।

সেই আশা আৰু সপোনৰ ভেটিত নিৰ্মাণ কৰা হৈছে ‘বৰনদী ভটিয়ায়’ নামৰ কথাছবিখন। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক অনুপম কৌশিক বৰাই তেওঁৰ একে নামৰ নাটকৰ ভিত্তিত নিৰ্মাণ কৰিছে ‘বৰনদী ভটিয়ায়’।মাজুলীৰ পটভূমিত নিৰ্মিত হ’লেও কথাছবিখনৰ আবেদন বিশ্বজনীন।পৰিচালকৰ মাজুলীৰ প্ৰতি দায়বদ্ধতা স্পষ্ট। আমি ‘নেটিভ লেণ্ড’ৰ কথা কওঁ, ‘বেক টু ৰুট’ৰ কথা কওঁ। ‘বেক টু নেশ্যাৰ’ শ্লোগান এতিয়া বিশ্বজুৰি সমাদৃত।

মূলৰ মাজত নিজস্বতাৰ সন্ধান আধুনিক মনঃস্বত্বৰ এটি স্পৃহা। বিশ্বৰ বৃহত্তৰ নদীদ্বীপৰ পৰা খহনীয়াৰ ভয়ংকৰ কবলত নিঃচিহ্নতাৰ আশংকাত ডুবি থকা মাজুলীক বাহিৰৰ মানুহে বুজিব নোৱাৰে। বিদেশী পৰ্যটকৰ মাজুলী প্ৰীতি, বিদেশৰ পৰা আহি নৃত্য শিক্ষা গ্ৰহণ, এইবোৰে মাজুলীক সংবাদ মাধ্যমৰ শিৰোনামাত ঠাই  দিব পাৰে। কিন্তু হতাশ গ্ৰস্ততাৰ পৰা মুক্ত কৰিব নোৱাৰে। যি জাতি,মাটি আৰু ভেঁটিৰ শ্লোগানৰ আঁৰত আমি নিজকে নিঃকিন অনুভৱ কৰো, তাৰ সমাধান আৰু সেই নিঃকিনতাৰ আঁৰৰ পৰা গডফাদাৰ হৈ ওলাই অহাৰ ক্ষমতাও আমাৰ আছে।

‘বৰনদী ভটিয়ায়’ত মাজুলী আছে অথচ নাই। কোনোদিনে বানপানী নেদেখা, গাঁৱৰ বোকা নগচকা মানুহে ইচ্ছা কৰিলেও সেই দুৰ্দশাক উপলব্ধি কৰিব নোৱাৰে। কিন্তু তেওঁলোকে প্ৰেম বুজে, বিৰহ বুজে, দৰিদ্ৰতা বুজে, নিবনুৱা সমস্যা বুজে। মাজুলীৰ কথা ক’বলৈ পৰিচালকে বাচি লৈছে হাস্য মধুৰ প্ৰেম-বিৰহ জীৱনৰ কাহিনী এটা।

নায়িকা মৌ-কণ যেন যুগান্তৰৰ অভিশাপগ্ৰস্ত মাজুলীৰ প্ৰতীক। নিৰ্বিকাৰ মৌকণ; জীৱনৰ অজস্ৰ বিপৰ্যয়ৰ পাছতো ক্ষন্তেকৰ বাবে অভিলাসী আঁচনিয়ে মাজুলীক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি অহাৰ দৰে, মৌকণৰ বিপৰ্যয় আঁতৰাবলৈও জীৱন সংগী আগবাঢ়ি আহে। মায়ালগা মাজুলীৰ দৰে মৌকণৰো মায়া আছে। তাই মানুহক মোহাবিষ্ট কৰে, স্বপ্নাবিষ্ট কৰে, সন্মোহন কৰে। কিন্তু বেচেৰীৰ নিজৰ জীৱনটোয়েই থাওনি নোপোৱা পানীৰ দৰে। মাজুলীৰ অভিলাসী আঁচনিয়ে ঠিকাদাৰক ধনী কৰে অথচ মাজুলী একেই হৈ ৰয়। ৰোগাক্লান্ত, হতাশগ্ৰস্ত।

অদ্ভুত এক বিষাদ গ্ৰস্ততাই মাজুলীক মেৰিয়াই ধৰি বান্ধে। মৌ-কণে স্বআলাপ কৰে, নিজকেই দায়ী কৰে বিপৰ্যয়বোৰৰ বাবে। মৌ-কণক অৱলম্বন কৰি পৰিচালকে বহু কথা বুজাই দিলে। মৌ-কণৰ প্ৰেমত পৰা চাৰিজন ডেকাৰ অভিনয় প্ৰশংসনীয়। কিন্তু নিজৰ পাৰদৰ্শিতা সমূহ চিনিব নোৱাৰি দিৰভ্রষ্ট হৈ পৰা যুৱক কেইজনে যুৱ শ্ৰেণীটোকে প্ৰতিনিধিত্ব কৰিছে।

মৌ-কণক কেন্দ্ৰ কৰিয়েই তেওঁলোকৰ জীৱন বৃত্ত। মাজুলীত উৰ্বৰ মস্তিষ্কৰ অভাৱ নাই। পলস পেলোৱা বানে খেতি মাটি উৰ্বৰ কৰাৰ দৰেই ইয়াত উৰ্বৰ হয় মগজু। কিন্তু কিহৰ অভাৱত এওঁলোক ৰৈ যায়, ‘ইচ্ছা কৰিলে তাই সকলোকে মাজুলীলৈ ঘূৰাই আনিব পাৰে’। তাই মানেই সেই সন্মোহন। ‘বেক টু ৰুট’ৰ বিশ্বজনীন আবেদন।

কথাছবিখনত Magic Realismৰ কথা কোৱা হৈছে। কিন্তু এই ধাৰণাটো কিছু পৰিমাণে অস্পষ্ট। ক’ব পাৰি যাদুকৰী উপাদান। ব্ৰহ্মপুত্ৰতকৈ অস্পষ্ট আৰু যাদুকৰী উপাদান অসমত বেলেগ কিবা আছে বুলি মনে নধৰে। Magic Realism আধুনিক মনৰ দুৰ্বোধ্যতাৰ সংস্কৰণ। যাদুকৰী উপাদান মানেই আমি ঢুকি নোপোৱা কিছু বিষয়। হাঁচি এটা মৰিয়েই মানুহ মৰিছে। মৌকণে ‘বুঢ়াটো নমৰেনো কেলে’ বুলি কওঁতেই ঢলি পৰিছে।

অৱশ্যে পৰিচালকে বিষয়বোৰ জটিল কৰি ৰখা নাই। বুঢ়াটো খঙতে হাৰ্ট এটেক হৈ মৰা বুলিও পাছত কোৱা হৈছে। কিন্তু মৌ-কণ সাধাৰণজনৰ মনত যাদুকৰী চৰিত্ৰ এটা হৈ ৰৈ গৈছে। মাজুলীখনৰ দৰেই।

পৰিচালক জনেই কথাছবি এখনৰ প্ৰধান নায়ক। তেওঁৰ দৃষ্টিৰেই দৰ্শকে ছবিখন দেখে। পৰিচালক দৃষ্টি স্পষ্ট হোৱাতো বৰ জৰুৰী। আমাৰ কথাবোৰ আমি নিজেই ক’ব লাগিব। মৌ-কণৰ কথাবোৰ শেষত তাইৰ শৈশৱৰ বন্ধু লুইতে বুজিহে।

বাহিৰৰ মানুহে তাইক নিঠৰুৱা কৰি এৰি থৈ গ’ল। সেই মৌ-কণৰ বিয়াতেই মাজুলীৰ বাহিৰলৈ যোৱা সকলো ঘূৰি আহিছে। প্ৰেম বিশ্বজনীন ভাষা।পৰিচালকে প্ৰেমৰ নিটোল কাহিনীৰ মাজেৰে মাজুলীখন, বৰলুইতখন,  মাজুলীৰ সমস্যাৰ মাজেৰে সৰ্বসাধাৰণৰ সমস্যাবোৰ স্পষ্টকৈ বুজাই দিলে।

ইমান গভীৰ বিষয়বস্তু এটাক হাস্য-মধুৰ পৰিবেশৰ মাজেৰে মানুহৰ বুকুলৈ সোমাই দিয়াতো পৰিচালকৰ সাংঘাটিক পাৰদৰ্শিতা। কথাছবিখনৰ কথা কওঁতে সংগীতৰ কথা ক’বই লাগিব।

নিঃসন্দেহে আকৰ্ষণীয় সংগীতসজ্জ্বা। সকলোতকৈ ভাল লগা ‘তোমাৰেনো বিৰহত’। অতি সহজেই আমাক ৯০ দশকৰ অথবা তাৰো আগৰ পৰিবেশ এটালৈ লৈ যায়। নাকী সুৰীয়া বিহুগীত আৰু ককাঁলত হাত থৈ তললৈ মূৰ কৰি বিহু নচা থেওকীটো ৯০ দশকৰ গাঁৱৰ এটি সহজ দৃশ্য আছিল। বিশেষকৈ মাঘ বিহুৰ ভোজৰ ৰাতি। অদ্ভুত এক নষ্টালজিয়া আছে গীতৰ ব্যাকাংশ, সুৰ আৰু গায়কীত।এই সন্মোহন সেই দশকৰ মাজেৰে পাৰ হৈ অহা সকলেহে উপলব্ধি কৰিব পাৰিব।

সাধাৰণ দৰ্শকে কথাছবিৰ কাহিনী, চৰিত্ৰ, অভিনয় আৰু সংলাপ বুজে। কাৰিকৰী দিশ নুবুজে। ইয়াত এই সকলোবোৰ আছে সুস্থ আৰু স্পষ্ট ৰূপত। আৰম্ভণিতে কিছু লেহেম যেন লাগিলেও এবাৰ সোমাই যোৱাৰ পাছত দৰ্শকে সময়ৰ উমান নাপাব। বহুতো গাঁৱৰ মানুহক কথাছবিখনত ভিতৰুৱা কৰাৰ চেষ্টাত অন্যান্য চৰিত্ৰৰ লগত তেওঁলোকৰ অভিনয়ৰ বৈসাদৃশ্য স্পষ্ট হৈ পৰিছে।

সম্পাদনাৰ ক্ষেত্ৰতো আৰু কিছু কৰাৰ থল আছিল। চাই থাকোতে কিছুমান দৃশ্য অস্পষ্ট যেন লাগে, বুজিবলৈ সময় লয়। কেতিয়াবা কিছুমান শব্দও অস্ফুট। কোনো মুহূৰ্তত অতি নাটকীয় ভাব এটা হৈ গৈছে।অপেছাদাৰী অভিনেতাৰ অংশ গ্ৰহণ আৰু তেওঁলোকৰ কেমেৰাৰ প্ৰতি সচেতনতাৰ বাবে হয়তো!

কিন্তু কাহিনীৰ মাজত থকা দৰ্শকে ‘বৰনদী ভটিয়াই’ক বুকুৰ মাজত কঢ়িয়াই হ’লৰ পৰা ওলাব, সেয়া নিশ্চিত।সহজ ভাষাৰে জটিল কথাক বুজাবলৈ সক্ষম হোৱা অনুপম কৌশিক বৰাক লৈ সকলোৱে আৰু আশা কৰিব।বিভিন্ন সমস্যাৰ মাজেৰে কথাছবিখনৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে বুলি সামাজিক মাধ্যমৰ জৰিয়তে আমি অৱগত হৈছিলো।সৰু-সুৰা দোষ থাকি যোৱাতো স্বাভাৱিক। দোষ-ত্ৰুটিয়ে নতুন বিষয় আৱিষ্কাৰৰ সুযোগ দিয়ে।

অসমত কথাছবি নিৰ্মাণৰ সংজ্ঞা মানেই ত্যাগ আৰু কষ্ট। কিছু সংখ্যকৰ বাবে এয়া বিলাসিতা হ’লেও উচ্চৰুচিবোধ সম্পন্ন এক শ্ৰেণীৰ সংস্কৃতিবানে নিৰন্তৰ সাধনাৰ মাজেৰে সাৰুৱা সাংস্কৃতিক বাতাবৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।এক যোগাত্মক আন্দোলন ইতিমধ্যে আৰম্ভ হৈ গৈছে।

অসমীয়া কথাছবিৰ একো নহ’ব বুলি হ’লবোৰৰ পৰাও বিতাড়িত কৰা তথাকথিত  ব্যৱসায়ী গোষ্ঠীৰ আগত সবল স্থিতি বহুবাৰ প্ৰদৰ্শিত হৈছে। অসমীয়া কথাছবিয়ে বিদেশত লাভ কৰা অসংখ্য সন্মান আৰু পুৰস্কাৰৰ জৰিয়তে।

ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাপ’ৰ অস্কাৰ যাত্ৰা সাংস্কৃতিক আন্দোলনৰ এক শুভবাৰ্তা আছিল।এই যাত্ৰা আগবঢ়াই নিবলৈ অনুপম কৌশিক বৰাৰ দৰে পৰিচালকৰ সৃষ্টি। কথাছবিখনৰ লগত জড়িত সকলোলৈ অজস্ৰ অভিনন্দন জ্ঞাপন কৰিলো।

 

 

Related News