অনুষ্টুপীয়াকৈ দুৰ্গা পূজা আয়োজনৰ অনুমতি বৰপেটা জিলা প্ৰশাসনৰ

মেলা, প্ৰতিযোগিতা, অস্থায়ী দোকান আদিত নিষেধাজ্ঞা

Barpeta district administration issues directives to Durga Puja committees

বৰপেটা জিলা প্ৰশাসনে আগন্তুক দুৰ্গা পূজা অনুষ্টুপীয়াকৈ আয়োজনৰ অনুমতি প্ৰদান কৰিছে।

আগন্তুক দুৰ্গা পূজাত পূজা সমিতি সমূহে সকলো ধৰণৰ জাকজমকতা, মেলা, মাইক আদি পৰিহাৰ কৰিব লাগিব।

দেশৰ চলিত ক’ৰোনা মহামাৰীজনিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই নিৰ্দেশ জাৰি কৰা হৈছে।

বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ সভাপতিত্বত জিলা খনৰ পূজা সমিতি সমূহৰ সৈতে অনুষ্ঠিত এখন সভাত ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ কথা জনাই দিয়া হয়।

তদুপৰি এক কিলোমিটাৰৰ ব্যাসাৰ্ধত এখনতকৈ অধিক পূজা অনুষ্ঠিত কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়া হয়।

জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা জানিবলৈ দি কয় যে পূজা মণ্ডপত সামাজিক দূৰত্ব বৰ্তাই ৰাখি ভক্তসকলে পূজা অৰ্চনাত ভাগ লোৱাৰ সুবিধাৰ্থে মণ্ডপ সমূহ পূৰ্বতকৈ ডাঙৰকৈ নিৰ্মাণ কৰিবলৈও পূজা সমিতি সমূহক অনুৰোধ জনোৱা হৈছে।

পূজা মণ্ডপলৈ অহা দৰ্শনাৰ্থী সকলে  মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হ’ব। এই ক্ষেত্ৰত পূজা সমিতিক চকু দিবলৈ আহ্বান জনোৱা হয়।

পূজা মণ্ডপসমূহৰ ওচৰে-পাজৰে অস্থায়ী দোকান-পোহাৰ খোলাটোও বাৰণ কৰা হৈছে বুলি জিলা উপায়ুক্ত‌ই পূজা সমিতি সমূহক জনাই দিছে।

আনহাতে নিৰাপত্তাজনিত কাৰণত প্ৰতিটো মণ্ডপতে চিচিটিভি কেমেৰাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

সভাত বৰপেটা জিলাৰ সকলো প্ৰান্তৰ পৰা অহা পূজা সমিতি সমূহে অংশগ্ৰহণ কৰে আৰু সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত চৰকাৰৰ এই নিৰ্দেশ সমূহৰ সৈতে সহমত পোষণ কৰে।

সাধাৰণতে পূজা মণ্ডপত অনুষ্ঠিত কৰা সকলো ধৰণৰ প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান সম্পূৰ্ণ পৰিহাৰ কৰি কেৱল আধ্যাত্মিকভাৱে অনুষ্টুপীয়াকৈ পূজা অৰ্চনাৰ ব্যৱস্থা কৰিবলৈ পূজা সমিতি সমূহলৈ অনুৰোধ জনোৱা হৈছে।

পূজা আয়োজনৰ সংখ্যা হ্ৰাস কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে।

বিসৰ্জন সময়ত ভিৰ কমোৱাৰ উদ্দেশ্যে বিসৰ্জনৰ ঘাটৰ সংখ্যা বৃদ্ধি কৰা আৰু কেবাদিনীয়াকৈ বিসৰ্জন অনুষ্ঠিত কৰা হ’ব বুলি উপায়ুক্ত গৰাকীয়ে জনাইছে।

সভাত জিলা আৰক্ষী অধীক্ষক ৰবীন কুমাৰ সিং, বজালীৰ মহকুমাধিপতি নয়নজ্যোতি ভাগৱতী, অতিৰিক্ত উপায়ুক্ত সকল আৰু সকলো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সকলো উপস্থিত থাকে।