কোভিড নীতি-নিয়ম উলংঘনৰ বিৰুদ্ধে বৰপেটা জিলা প্ৰশাসনৰ অভিযান : ৫৯০০০ টকাৰ জৰিমনা সংগ্ৰহ

বৰপেটা ৰোডৰ বজাৰত উপায়ুক্তৰ পৰিদৰ্শন; সোমবাৰৰ পৰা এদিন এৰি এদিন যুগ্ম-অযুগ্ম নম্বৰৰ গাড়ী চলিব

images.jpeg-11(2)

প্ৰতিনিধিত্বমূলক ফটো।

কোভিড বিধি উলংঘন কৰা লোকৰ বিৰুদ্ধে বৰপেটা, হাউলী আৰু বৰপেটা ৰোড চহৰত চক্ৰ বিষয়া তথা পৌৰ সভাৰ দ্বাৰা কালিৰে পৰা চলোৱা অভিযানত ৫৯ হাজাৰ টকাৰ জৰিমনা আদায় কৰা হৈছে।

কৰোনা মহামাৰী প্ৰতিৰোধৰ স্বাৰ্থত জিলাখনৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত তেজ প্ৰসাদ ভূষালৰ নিৰ্দেশত পৌৰ সভাৰ কাৰ্যবাহী বিষয়া তথা চক্ৰ বিষয়াসকলে অৱশেষত কঠোৰ স্থিতি লবলৈ বাধ্য হৈছে। বাৰম্বাৰ কৰি অহা বুজনি, প্ৰচাৰ, সকীয়নি আদিকো আওকান কৰি মাস্ক পৰিধান নকৰাকৈ চলাফিৰা কৰা বাটৰুৱা আৰু পৰ্যাপ্ত ছেনিটাইজাৰৰ ব্যৱস্থা নকৰা তথা সামাজিক দূৰত্ব বিধি পালন নকৰা ব্যৱসায়ী-দোকানীৰ বিৰুদ্ধে বৰপেটা জিলা প্ৰশাসনে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ লৈছে বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে। তেওঁ জনোৱা মতে অহা দিনবোৰত এই অভিযান অধিক তীব্ৰতৰ কৰি তুলিবলৈ উপায়ুক্ত‌ই সকলো চক্ৰ বিষয়াকে নিৰ্দেশ দিছে।

উপায়ুক্ত তেজ প্ৰসাদ ভূষালে নিজেও জিলাখনৰ প্ৰধান বাণিজ্যিক চহৰ বৰপেটা ৰোডৰ ব্যৱসায়িক প্ৰতিষ্ঠান, দোকান-পোহাৰ আদি পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ব্যৱসায়ীসকলক কোভিড নীতি মানি চলিবলৈ সকীয়াই দিয়ে।

ইফালে কাইলৈৰ পৰা ৰাজ্য চৰকাৰে বলবৎ কৰা নতুন নীতি-নিয়ম অনুসৰি বৰপেটা জিলাৰ বৰপেটা, বৰপেটা ৰোড, হাউলী, সৰ্থেবাৰী, সৰভোগ আদি চহৰসমূহতো আবেলি এক বজাৰ পৰাই সকলো দোকান-পোহাৰ বন্ধ কৰি ২ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন পালন কৰিবলৈ ৰাইজক আহ্বান জনাই জিলা তথ্য আৰু জনসংযোগ বিভাগৰ স্থায়ী অনুভাষ যন্ত্ৰৰ উপৰি ভ্ৰাম্যমাণ অনুভাষ যন্ত্ৰৰ জৰিয়তেও ব্যাপক প্ৰচাৰ চলোৱা দেখা গৈছে।

বৃহস্পতিবাৰে আবেলি ভাৰপ্ৰাপ্ত জিলা উপায়ুক্ত গৰাকীৰ সভাপতিত্বত পৰিবহন বিভাগৰ বিষয়াসকলৰ এখন বৈঠকত জিলাখনত ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা পালনৰ সম্পৰ্কত বিস্তাৰিতভাৱে আলোচনা কৰা হয়।

সভাত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি অহা সোমবাৰৰ পৰা বৰপেটা জিলাতো যুগ্ম আৰু অযুগ্ম নম্বৰৰ গাড়ী এদিন বাদে এদিন চলোৱাৰ অনুমতি দিয়া হ’ব। সেই অনুসৰি সোমবাৰে যুগ্ম সংখ্যাৰ গাড়ী চলিব আৰু মঙ্গলবাৰে অযুগ্ম নম্বৰৰ গাড়ী। এনেদৰে গোটেই সপ্তাহটো এদিন যুগ্ম আৰু এদিন অযুগ্ম সংখ্যাৰ গাড়ী চলিবলৈ দিয়া হ’ব।

অটোৰিক্সা, টেম্পো আদিৰ ক্ষেত্ৰতো এই নিয়ম বলবৎ হ’ব বুলি জিলা জনসংযোগ বিষয়াই জনাইছে। অৱশ্যে জিলাখনৰ মাজেৰে আন জিলালৈ যোৱা গাড়ীৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ’ব।

জিলাখনত কোভিড ১৯ৰ সংক্ৰমণ আজিও অব্যাহত আছে। বৃহস্পতিবাৰে ১৭৩ জন কোভিড পজিটিভ চিনাক্ত হৈছে। ইয়াকে লৈ জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা হ’লগৈ ২৭১৫ জন। ইয়াৰে ৮৫৯ জনে আৰোগ্য লাভ কৰিছে আৰু ২৮ জনৰ মৃত্যু হৈছে। সম্প্ৰতি সক্ৰিয় ৰোগীৰ সংখ্যা হৈছেগৈ ১৮২১ জন।

এতিয়ালৈকে জিলাখনত যোৱা এপ্ৰিলৰ পৰা আৰম্ভ হোৱা দ্বিতীয়টো ঢৌৰ সময়চোৱাত ৮০,৭৫২ জনৰ কোভিড পৰীক্ষা কৰোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।