NORTHEAST NOW (Assamese)

বৰপেটাৰ গণককুছিত পুনৰ উচ্ছেদ অভিযান ; সাৰি নগ’ল প্ৰধান মন্ত্ৰীৰ আৱাসগৃহও

October 30, 2018 7:33 pm · পুলেন্দ্ৰ দাস

অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে বৰপেটাৰ গণককুছি পথাৰত জিলা প্ৰশাসনে আজি পুনৰ উচ্ছেদ অভিযান চলায়।

উল্লেখযোগ্য যে, যোৱা ২৩ অক্টোবৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰপেটাৰ পাটবাউসী সত্ৰ ভ্ৰমণৰ সময়ত স্থানীয় একাংশ ৰাইজে মুখ্য মন্ত্ৰীগৰাকীক গণককুছি পথাৰত চলা অবৈধ বেদখল সন্দৰ্ভত অৱগত কৰিছিল।

ইয়াৰ পিছত মুখ্য মন্ত্ৰীয়ে গণককুছি পথাৰৰ বেদখলৰ বুজলৈ জিলা উপায়ুক্তক বেদখল উচ্ছেদ কৰাৰ বাবে মৌখিকভাবে নিৰ্দেশ দিয়ে। এই নিৰ্দেশৰ পিছতে যোৱা ২৬ অক্টোবৰত জিলা প্ৰশাসনে উক্ত অঞ্চলটোত প্ৰথমটো উচ্ছেদ অভিযান চলাই তিনিটা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভাঙি পেলোৱাৰ পিছত আজি পুনৰ উচ্ছেদ অভিযান চলায়।

আনহাতে আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ সহযোগত চলোৱা আজি পুৱাৰ পৰা চলা উচ্ছেদ অভিযানত অন্যান্য ঘৰবোৰৰ লগতে ২০১৬-১৭ বৰ্ষৰ প্ৰধান মন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ গৃহও সাৰি নগ’ল।

উল্লেখযোগ্য যে বিয়লি প্ৰায় ৪ বজালৈ চলা এই উচ্ছেদ অভিযানত শতাধিক লোকৰ ঘৰ উচ্ছেদ কৰা হয়। স্থানীয় ৰাইজে জিলা প্ৰশাসনে চলোৱা এই উচ্ছেদ অভিযানক আদৰণি জনায়।

Related News