একাংশ কাৰাটে স্কুলে ভুৱা চাৰ্টিফিকেট দি চলাই গৈছে প্ৰশিক্ষণ; অভিযোগ বৰপেটা জিলা কাৰাটে ডো সন্থাৰ

WhatsApp Image 2021-12-30 at 6.55.15 PM

ফটো: নৰ্থইষ্ট নাও।

অভিভাৱক তথা কাৰাটে শিক্ষাৰ্থীক অন্ধকাৰত ৰাখি একাংশ কাৰাটে স্কুলে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটাতো অবৈধভাবে চলাই আছে কাৰাটেৰ প্ৰশিক্ষণ ৷

বৰপেটাত আজি সংবাদমেলৰ জৰিয়তে এই গুৰুতৰ অভিযোগ উত্থাপন কৰে শ্বৰিন ৰিঅ’ চেইবুকান কাৰাটে ডো স্কুল অফ আচামৰ মুখ্য প্ৰশিক্ষক তথা বৰপেটা জিলা কাৰাটে ডো সন্থাৰ সাধাৰণ সম্পাদক হাচমত আলীয়ে৷

বৰপেটা ট্ৰাক শ্ৰমিক ইউনিয়নৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত তেওঁ জনায় যে, বিশ্ব কাৰাটে সন্থাই স্বীকৃতি বাতিল কৰা কাৰাটে এচ’ছিয়েন অফ ইণ্ডিয়াৰ লগ’ ব্যৱহাৰ কৰি একাংশই কাৰাটেৰ প্ৰশিক্ষণ চলাই আছে ৷

এয়া অবৈধ বুলি উল্লেখ কৰি কাৰাটে ডো সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে জনায় যে, বিশ্ব কাৰাটে সন্থাই স্বীকৃতি প্ৰদান কৰা কাৰাটে ইণ্ডিয়া অৰ্গেনাইজেশ্বনৰ অধীনস্থ কাৰাটে স্কুলবোৰহে বৈধ ৷

এনে অবৈধ কাৰাটে স্কুলত ছাত্ৰ-ছাত্ৰীক কাৰাটেৰ প্ৰশিক্ষণ দিলে ছাত্ৰ-ছাত্ৰী সকলে ভবিষ্যতে বহু অসুবিধাৰ সন্মুখীন হব বুলি তেওঁ উল্লেখ কৰে ৷

বিশ্ব কাৰাটে সন্থাই স্বীকৃতি প্ৰদান কৰা কাৰাটে স্কুলবোৰত কাৰাটেৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ বাবে ৰাইজক আহ্বান জনায় কাৰাটে ডো সন্থাৰ প্ৰশিক্ষক গৰাকীয়ে ৷

সংবাদমেলত কিঅ’ জাপান চোটোকান কাৰাটে সন্থা, অসমৰ মুখ্য প্ৰশিক্ষক হিৰণ দাস আৰু বৰপেটা জিলা কাৰাটে ডো সন্থাৰ কাৰ্যকৰী সভাপতি আফতাবউদ্দিন আহমেদ উপস্থিত থাকে ৷