সত্ৰনগৰী বৰপেটাত দৌল মহোৎসৱ : ৰাইজিং ক্লাবৰ উদ্যোগত মুকলি পথত হোলীগীত প্ৰতিযোগিতা

ৰঙৰ উৎসৱ ফাকুৱাক কেন্দ্ৰ কৰি সত্ৰনগৰী বৰপেটাত ইতিমধ্যে আৰম্ভ হৈছে উৎসৱ মুখৰ পৰিৱেশ। বৰপেটাৰ প্ৰাণ হিচাপে বিবেচিত দৌল মহোৎসৱৰ অন্যতম আকৰ্ষণ হোলীগীতেৰে মুখৰিত হৈছে সত্ৰনগৰী বৰপেটাৰ আকাশ বতাহ। হোলীগীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ৰাইজিং ক্লাবে আৰম্ভ কৰা মুকলি পথত হোলীগীত প্ৰতিযোগিতাখন আজি অনুষ্ঠিত হয়।

১৯ সংখ্যক এই প্ৰতিযোগিতাখন উদ্বোধন কৰে বিশিষ্ট অভিনেতা যতীন বৰাই। বিশিষ্ট অভিনেতাজনৰ লগত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে জনপ্ৰিয় কণ্ঠশিল্পী জুবলী বৰুৱা, অসম বিত্তীয় নিগমৰ উপাধ্যক্ষ অনিল দাসৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে।

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ট শৰ্মা, ডেকা সত্ৰীয়া নৱজিৎ দাস পাঠকৰ লগতে বৰপেটা সত্ৰৰ বিষয় ববীয়াইও অংশ গ্ৰহণ কৰে। মুকলি পথত অনুষ্ঠিত এই হোলীগীত প্ৰতিযোগিতাখন প্ৰত্যক্ষ কৰাৰ বাবে পথবোৰৰ দুয়োকাষে অজস্ৰ ৰাইজ উপস্থিত থাকে। এই প্ৰতিযোগিতাত বৰপেটাৰ লগতে অইন প্ৰান্তৰ প্ৰতিযোগীয়েও অংশ গ্ৰহণ কৰে।