প্ৰশাসনিক পৰিসীমা অক্ষুন্ন ৰখাৰ দাবী; চৰকাৰী সিদ্ধান্তৰ প্ৰতিবাদত নামিল এইবাৰ বৰপেটা সত্ৰ

বৰপেটা জিলাৰ পূৰ্বৰ প্ৰশাসনিক পৰিসীমা অক্ষুন্ন ৰখাৰ দাবীত আজি বৰপেটা সত্ৰ পৰিচালনা সমিতিয়ে বৰপেটা সত্ৰৰ দালানৰ সন্মুখত অনুষ্ঠিত কৰে ৰাজহুৱা প্ৰতিবাদী সমাবেশ ৷

এই প্ৰতিবাদী সমাবেশত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে চৰকাৰে বৰপেটা জিলাৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ অঞ্চল কৰ্তন কৰিব বিচৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে ৷

যদিহে বৰপেটা জিলাৰ পৰা সৰভোগ, হাউলী, বৰপেটাৰোড- ভবানীপুৰ আদি অঞ্চল কৰ্তন কৰে তেন্তে অইন অইন দিশৰ লগতে সত্ৰীয়া সংস্কৃতিৰো ক্ষতি হব বুলি উল্লেখ কৰে প্ৰতিবাদী সমাবেশত অংশগ্ৰহণ কৰা বিশিষ্ট ব্যক্তি সকলে ৷

বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত সুন্দৰীদিয়া সত্ৰৰ ডেকা সত্ৰাধিকাৰ নিৰ্মল অধিকাৰী, বিশিষ্ট শিক্ষাবিদ অক্ষয় কুমাৰ মিশ্ৰ, সত্ৰীয়া সংস্কৃতিৰ গৱেষক ড° বাবুল চন্দ্ৰ দাস, বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক প্ৰভাত দাস, প্ৰাক্তন বিধায়ক ডা: তাৰাপ্ৰসাদ দাস আদিৰ লগতে কেইবাগৰাকী ব্যক্তিয়ে ভাষণ প্ৰদান কৰি বৰপেটা জিলাৰ পূৰ্বৰ প্ৰশাসনিক পৰিসীমা অক্ষুন্ন ৰখাৰ দাবী জনায় ৷

চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰি বৰপেটা সত্ৰৰ সমূহ ভকতবৃন্দৰ লগতে আই মাতৃৰ এই প্ৰতিবাদৰ পিছত ৰাজ্য চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্য়ণীয় ৷