কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাবে শপতগ্ৰহণ বাসৱৰাজ বোম্মাইৰ

photo

লিংগায়ৎ সম্প্ৰদায়ৰ নেতা বাসৱৰাজ বোম্মাইয়ে আজি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰে।

আজি দুপৰীয়া ৰাজভৱনৰ গ্লাছ হাউচত বোম্মাইক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায় ৰাজ্যপাল থাৱাৰচান্দ গেহলটে।

বোম্মাইৰ পিতৃ এছ আৰ বোম্মাইয়ো কৰ্ণাটকৰ একাদশ গৰাকী মুখ্যমন্ত্ৰী আছিল।

৬১ বছৰীয়া বাসৱৰাজ বোম্মাই য়েডিয়ুৰাপ্পা মন্ত্ৰী সভাত গৃহ, আইন আদি দপ্তৰৰ দায়িত্বত আছিল। ১৯৬০ চনৰ ২৮ জানুৱাৰীত কৰ্ণাটকৰ হুব্বালিত জন্মগ্ৰহণ কৰা বোম্মাইয়ে মেকানিকেল ইঞ্জিনীয়াৰিঙৰ ডিগ্ৰী গ্ৰহণ কৰিছিল আৰু পুনেত বহু বছৰ ধৰি টাটা মটৰ্ছত কাম কৰিছিল।

কৰ্ণাটকৰ মতুন মুখ্যমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰাৰ পিছতে বোম্মাইক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে।

উল্লেখ্য সোমবাৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী য়েডিয়ুৰাপ্পাই পদত্যাগ কৰাৰ পিছতে বোম্মাইক মতুন মুখ্যমন্ত্ৰী হিচাবে বাচনি কৰা হৈছিল।

২০০৮ চনত বোম্মাইয়ে বিজেপিত যোগদান কৰিছিল। তাৰ পাছৰে পৰা এটাৰ পাছত আন এটা পদলৈ নিজকে উন্নত কৰিছে নেতাগৰাকীয়ে।

বাসৱৰাজ দুবাৰকৈ বিধান পৰিষদৰ সদস্য হৈছিল। তিনিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে।

ইয়াৰ পূৰ্বে কৰ্ণাটকৰ জলসম্পদ মন্ত্ৰী আছিল বোম্মাই। দুবছৰ পূৰ্বে কুমাৰস্বামী চৰকাৰৰ পতনৰ পাছত বাসৱৰাজক য়াদুৰাপ্পাই গৃহমন্ত্ৰী পাতিছিল। এইবাৰ তেওঁৱেই মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰিব।

উল্লেখ্য যে বাসৱৰাজ বোম্মাইৰ পিতৃ এছ আৰ বোম্মাই ১৯৮৮ চনত জনতা দলৰ পৰা ছমাহৰ বাবে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈছিল।