বঙাইগাঁৱত পৌৰসভা নিৰ্বাচন বৰ্জন কৰিব বাছফৰ সম্প্ৰদায়ে

পৌৰসভাৰ চাফাই কৰ্মত নিয়োজিত বাছফৰ সম্প্ৰদায়ে বঙাইগাঁৱত এইবাৰ পৌৰসভাৰ ভোট বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

চাফাই কৰ্মীসকলে চহৰখন পৰিস্কাৰ পৰিচ্ছন্ন কৰাৰ দৰে দৰে অতি অস্বাস্থ্যকৰ কামত নিয়োজিত হৈ আহিছে যদিও ইয়াৰ বিনিময়ত তেওঁলোকে অতি সামান্য পাৰিশ্ৰমিকহে লাভ কৰি আহিছে ৷

বৰ্তমান আকাশলংঘী মূল্যবৃদ্ধিৰ সময়ত চাফাই কৰ্মী সকলে মাহিলী মাথো ১৫০০ ৰ পৰা ২৫০০ টকাহে লাভ কৰি আহিছে ৷

মাহিলী হিচাপত ইমান কম পাৰিশ্ৰমিক লাভ কৰাত চাফাইকৰ্মীসকলে পৰিয়াল চলাবলৈ অসমৰ্থ হৈছে৷ তেওঁলোকৰ বাবে দুবেলা দুমুঠি অন্ন যোগাৰ কৰাটোও সম্ভৱ হৈ উঠা নাই ৷

লৰা – ছোৱালী সকলক উপযুক্ত শিক্ষাদান কৰিবলৈও তেওঁলোক সক্ষম হোৱা নাই ৷

কোনো এখন চৰকাৰেই এই বাছফৰ সম্প্ৰদায়ৰ কথা চিন্তা কৰা নাই বুলি সম্প্ৰদায়টোৰ লোকসকলে মন্তব্য কৰে ৷

সকলোৱে কেৱল যুগ যুগ ধৰি প্ৰতিশ্ৰুতিয়েই প্ৰদান কৰি আহিছে ৷ বাছফৰ সম্প্ৰদায়ৰ যোগ্য লোকসকলে প্ৰতিটো নিৰ্বাচনত ভোটদান কৰি আহিছে যদিও সম্প্ৰদায়টোৰ উন্নয়নৰ কথা কোনেও চিন্তা কৰা নাই৷

সেয়ে এইবাৰ বঙাইগাঁও পৌৰসভা নিৰ্বাচনত বাছফৰ সম্প্ৰদায়ে ভোট বৰ্জন কৰিব বুলি স্পষ্ট কৰি দিছে৷ ইপিনে চাফাই কৰ্মী সকলৰ চাকৰি নিয়মীয়া কৰণ কৰা , দৰমহা বৃদ্ধি কৰাকে ধৰি আন কেবাটাও দাবীৰ ভিত্তিত চাফাই কৰ্মী সকলে গান্ধী ময়দানৰ পৰা এক সমদল উলিয়াই বঙাইগাঁও পৌৰসভা কাৰ্যালয়ৰ সন্মুখত উপস্থিত হয় আৰু সেই স্থানতে বিক্ষোভ প্ৰদৰ্শন কৰে ৷