বটদ্ৰৱাত হ’ব ‘মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ’

ফটো : নৰ্থ-ইষ্ট নাও

বটদ্ৰৱাত মাধৱদেৱ ন্যাস আৰু বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত হ’ব ‘মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ’।

গুৰুজনাৰ আদৰ্শৰাজি, কলা, সাহিত্য জীৱন দৰ্শন বিশ্বব্যাপি প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত বটদ্ৰৱাত আগন্তুক ২৯, ৩০ আৰু ৩১ জানুৱাৰি ২০২১ত অনুষ্ঠিত হ’ব ‘মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ’ নামৰ এক বিশেষ সাংস্কৃতিক মহোৎসৱ।

দেওবাৰে প্ৰথমখনি প্ৰস্তুতি বৈঠক মাধৱ সাংস্কৃতিক ন্যাস আৰু শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত গুৰুজনাৰ জন্মস্থান শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ আই খেৰসূতি সাংস্কৃতিক মঞ্চত এখনি সভা অনুষ্ঠিত হয়।

মাধৱ সাংস্কৃতিক ন্যাসৰ সমন্বয়ক ব্ৰজেন কাকতিয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাৰ আগমুহুৰ্ততে বন্তি প্ৰজ্বলন কৰে শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ তথা শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি দেৱানন্দ দেৱ গোস্বামীয়ে।

বৰগীত পৰিৱেশন কৰে মৌচুমী শইকীয়াই।

বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা, সভাত ড° ধনঞ্জয় কুশ্ৰে, অসম চলচিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ উপাধ্যক্ষ ড° আলেখ্য বৰুৱা, মাধৱ সাংস্কৃতিক ন্যাসৰ কৰ্মকৰ্তা পৰাগ আগৰৱালা, ভাৰত চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ কাৰ্য্যকৰী সদস্য দয়াল কৃষ্ণ নাথকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিৰ লগতে শিল্পী উপস্থিত থাকে।

উল্লেখযোগ্য যে, উক্ত মহোৎসৱত গুৰুজনাৰ বৰগীত, নৃত্য, ভাওনাৰ ওপৰিও live চিত্ৰ প্ৰদৰ্শনী, আদিৰো ব্যবস্থা হ’ব। লগতে দেশী-বিদেশী পৰ্যটকৰে সেইকেইটা দিন বটদ্ৰবা ঠানৰ লগতে কাষৰীয়া সত্ৰৰ কেইখনো ভিৰ হ’ব বুলি আশা কৰা হৈছে