‘যুঁজখন কঠিন, কিন্তু ন্যায় লাভ কৰিম বুলি বিশ্বাস আছে’: ওমৰ খালিদক দোষমুক্ত ঘোষণাৰ পাছতে প্ৰতিক্ৰিয়া পিতৃৰ

Umar Khalid

দুই বছৰ পুৰণি দিল্লী হিংসাত্মক কাণ্ডৰ গোচৰত কাৰাৰুদ্ধ হৈ থকা জেএনইউৰ প্ৰাক্তন ছাত্ৰ উমৰ খালিদক শনিবাৰে আদালতে দোষমুক্ত ঘোষণা কৰাৰ পাছতে তেওঁৰ পিতৃ আৰ ইলিয়াছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

কাৰাৰুদ্ধ ছাত্ৰনেতা গৰাকীৰ পিতৃয়ে আদালতৰ ৰায়ক আদৰণি জনাই কয় যে খালিদৰ সৈতে জড়িত যুঁজখন যথেষ্ট কঠিন যদিও ন্যায় লাভ কৰিব বুলি তেওঁলোক সম্পূৰ্ণ বিশ্বাস ৰাখিছে।

উমৰ খালিদ অতি সোনকালে কাৰাগাৰৰ পৰা মুকলি হ’ব বুলি আশা প্ৰকাশ কৰি ইলিয়াছে লগতে উমৰে সাহসী যুঁজ দি আহিছে বুলি মন্তব্য কৰে।

উল্লেখ্য যে শনিবাৰে আদালতে ইউনাইটেড এগেইনষ্ট হেটৰ প্ৰতিষ্ঠাপক খালিদ ছাইফীৰ সৈতে উমৰ খালিদক দিল্লীৰ হিংসাত্মক সংঘৰ্ষৰ গোচৰত দোষমুক্ত ঘোষণা কৰিছিল।

কৰ্তব্যৰত আৰক্ষী কৰ্মীলৈ শিলগুটি নিক্ষেপৰ অভিযোগ তুলি খালিদৰ বিপক্ষে যি গোচৰ আৰোপ কৰা হৈছিল, অৱশেষত দুটা বছৰৰ পিছত এই গোচৰত ছাত্ৰ নেতাগৰাকীক দোষমুক্ত ঘোষণা কৰিছে আদালতে।

এই দুই নেতাৰ উপৰিও তাৰিক মঈন ৰিজৱী, জাগৰ খান আৰু মহম্মদ ইলিয়াছক আদালতে মুকলি কৰি দিছে। অৱশ্যে খালিদ আৰু ছাইফি UAPA গোচৰত এইপৰ্যন্ত জামিন লাভ নকৰাৰ বাবে ন্যায়িক জিম্মাতে থাকিব লাগিব।

উল্লেখ্য যে এই গোচৰটো দিল্লীৰ খাজুৰি খাছ অঞ্চলত সংঘটিত অগ্নিসংযোগৰ ঘটনাৰ সৈতে জড়িত। ২০২০ চনৰ ২৪ ফেব্ৰুৱাৰীত অঞ্চলটোৰ পাৰ্কিং লটত কেইবাখনো বাহন জ্বলাই দিয়াৰ উপৰিও মেইন কৰোৱাল নগৰ পথত শিলগুটি নিক্ষেপ কৰা বুলি কনিষ্টবল সংগ্ৰাম সিঙে দিয়া ভাষ্যৰ ভিত্তিত এই গোচৰৰ ৰুজু কৰা হৈছিল।

২০২০ চনৰ ছেপ্টেম্বৰ মাহত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা উমৰ খালিদে ইতিপূৰ্বে এই হিংসাত্মক কাণ্ডত কোনো ধৰণৰ অপৰাধমূলক ভূমিকাৰ লগতে বিষয়টোৰ আন কোনো অভিযুক্তৰ সৈতে কোনো ধৰণৰ সংযোগ থকাৰ অভিযোগ অস্বীকাৰ কৰিছে।