“ধুনীয়া ছোৱালী” পৰৱৰ্তী “দালাই লামা” হ’ব? ব্যস্ত চীন, এমেৰিকা

Battleground Tibet: US Act awaits amendment as China hints to choose next DalaI Lama

১৪সংখ্যক দালাই লামা তেনজিন গিয়েতছ’ৰ ফাইল ছবি।

বৰ্তমানৰ অশীতিপৰ দালাই লামাই বি বি চিৰ এটা সাক্ষাৎকাৰত তেওঁৰ উত্তৰসূৰী এগৰাকী “ধুনীয়া ছোৱালী” হোৱাৰ ইংগিত দিছিল।

কিন্তু ইয়াৰ বিপৰীতে তিব্বতী বৌদ্ধধৰ্মীৰ মুৰব্বী বাচনিৰ জঁটত সোমাই পৰিছে দুই মহা ক্ষমতা এমেৰিকা আৰু চীন।

পূৰ্বৰে পৰা চীনে ইংগিত দি আহিছে তিব্বতী বৌদ্ধধৰ্ম তথা ৰাজনীতিৰ পৰৱৰ্তী মুৰব্বীজনত তেওঁলোকৰ “অনুমোদন” লাগিব।

কমিউনিষ্ট পাৰ্টি অৱ চাইনাৰ তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ মুৰব্বী ৱু য়িংজিয়েও শেহতীয়াকৈ চীনৰ সেই স্থিতিকে পুনৰ দোহাৰিছে।

চীনৰ স্থিতি: দালাই লামা পৰম্পৰা মতেই বাচনি হ’ব, কিন্তু তাত চৰকাৰী অনুমোদন লাগিব। বৰ্তমানৰ ১৪সংখ্যক দালাই লামাও পৰম্পৰাগতভাৱেই বাচনি হৈছিল, কিন্তু তেওঁক চীনা চৰকাৰে মান্যতা দিছিল।

কাৰ্য্যতঃ চীনৰ শাসক কমিউনিষ্ট নেতৃত্বই নিজৰ দখলত থকা তিব্বতৰ ধৰ্মীয় নেতৃত্ব নিজৰ নিয়ন্ত্ৰণত ৰাখিব খোজে। একধৰণে ৰাষ্ট্ৰ-অনুমোদিত দালাই লামাৰ জৰিয়তে চীনা ৰাষ্ট্ৰই বৈধতাৰ অনুমোদন পাব খোজে।

কিন্তু বিশ্ব বজাৰ আৰু ক্ষমতাক লৈ চীনৰ সৈতে অঘোষিত শীতল যুদ্ধত থকা এমেৰিকাৰো এতিয়া বিষয়টোত প্ৰৱেশ ঘটিছে।

তিব্বত নীতি আইন, ২০০২ সংশোধনৰ বাবে যোৱা শুকুৰবাৰে এমেৰিকান হাউছ অৱ ৰিপ্ৰেজেন্তে’টিভছত তিবেতান নীতি আৰু সমৰ্থন আইন ২০১৯ শীৰ্ষক এক প্ৰস্তাৱ দাখিল হৈছে।

মাচাচুছেটছৰ ডে’মক্ৰেট জে’মছ মেকগভাৰ্নে বিধেয়কখন উত্থাপন কৰিছে। ফ্লৰিদাৰ ৰিপাব্লিকান মাৰ্ক’ ৰুবিঅ’ই বিধেয়কখনত আৰু কিছু সংযোজনৰ বাবে আন এক প্ৰস্তাৱ ছীনেটত দাখিল কৰিছে।

তিব্বতীসকলৰ স্বাধীনতা, জল নিৰাপত্তা আৰু দালাই লামা সম্পৰ্কে বেইজিঙৰ শেহতীয়া স্থিতিৰ প্ৰতি বিধেয়কখন একধৰণে এমেৰিকান সঁহাৰি (policy response)।

পৰম্পৰাগত তিব্বতী নিয়মৰ বাহিৰত নতুন দালাই লামা বাচনিৰ লগত জৰিত যিকোনো চীনা বিষয়াক নতুন আইনখনৰ যোগেদি এমেৰিকাত প্ৰৱেশত বাধা আৰোপ কৰিব খোজা হৈছে।

পৰ্য্যৱেক্ষকসকলৰ লগতে বিলখনৰ সমৰ্থকসকলৰ ধাৰণা এই সংশোধনে চীনৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় চাপ সৃষ্টি কৰিব আৰু পৰিণাম সম্পৰ্কে চীনা শাসক সাৱধান হ’ব।

“মই এইটো কোৱা নাই যে ই চীনা চৰকাৰৰ সিদ্ধান্তৰ পৰিৱৰ্তন কৰিব, কিন্তু এই কাজিয়া আৰু ইয়াৰ নিহিত অৰ্থ সম্পৰ্কে তেওঁলোকে সম্ভৱ পুনৰ বিবেচনা কৰিবলগা হ’ব,” দালাই লামাৰ ঘনিষ্ঠ ইণ্টাৰনেচনেল কেম্পেইন ফৰ তিবেতৰ অধ্যক্ষ মেতিঅ’ মেকাকিৰ মন্তব্যৰ উদ্ধৃতি

ইটালিৰ প্ৰাক্তন সাংসদ মেকাকিৰ মতে, এমেৰিকান আইনখনে ইউৰ’প আৰু এছিয়াৰ নীতি-নিৰ্ধাৰকসকলৰ ওপৰত প্ৰভাৱ পেলাব।

দুয়ো মহাশক্তিধৰ ৰাষ্ট্ৰৰ এই স্থিতিৰ বিপৰীতে একাংশ পৰ্য্যৱেক্ষকে ১৯৯৫-সদৃশ পৰিস্থিতিৰ পুনৰাবৃত্তিৰ আশংকা কৰিছে।

দালাই লামাৰূপে ১৯৯৫ চনত বাচনি কৰা ছবছৰীয়া ল’ৰা এটিক চীনে জে’লত ভৰাইছিল আৰু নিজাকৈ পাঞ্চেম “লামা” ঘোষণা কৰিছিল।

কিন্তু, তিব্বতী বৌদ্ধ ধৰ্ম এটা ধৰ্ম, এক বিশ্বাস, এক আৱেগ আৰু লগতে এক ৰাজনৈতিক ধাৰা। চীনৰ ইচ্ছামতে ৰাষ্ট্ৰ-“অনুমোদিত” দালাই লামাই তিব্বতী বৌদ্ধধৰ্মীৰ গ্ৰহণযোগ্যতা আৰ্জিব পাৰিবনে?

“চীনা দালাই লামা”ই “বৈধতা” আৰ্জিব নোৱাৰিব, শেহতীয়া ৱাশ্বিংটন ভ্ৰমণত নিৰ্বাসিত তিব্বত চৰকাৰৰ প্ৰধান মন্ত্ৰী লবছেং ছেংগেই কৈছিল। “ই ফিদেল কাষ্ট্ৰ’ই কোৱাৰ নিচিনা, ‘মই পৰৱৰ্তী প’প বাচনি কৰিম আৰু সকলো কেথলিকে (তেওঁক) অনুসৰণ কৰা উচিত’।”

যোৱা ন বছৰে বৰ্তমানৰ ১৪সংখ্যক দালাই লামাৰ সৈতে চীনা চৰকাৰৰ কোনো আলোচনা হোৱা নাই।

১৯৫৯ চনত চীনৰ তিব্বত “দমন”ৰ পিছৰে পৰা বৰ্তমানৰ দালাই লামা তেনজিন গিয়েতছ’ৱে ভাৰতত বাস কৰি আহিছে।