NORTHEAST NOW (Assamese)

ৰাছিয়াৰ মিছাইল আক্ৰমণ; কিয়েভত লাইভ এৰি দৌৰিলে বিবিচিৰ সাংবাদিক বাচেগাই (চাওক ভিডিঅ’)

October 11, 2022 12:16 pm · এন ই নাও নিউজ, গুৱাহাটী

BBC reporter ducks explosions live বিবিচিৰ সাংবাদিক হুগো বাচেগাই ইউক্ৰেইনৰ ৰাজধানী কিয়েভত বহি পোনপটীয়াকৈ লাইভ দি আছিল। সেই সময়তে ৰাছিয়াৰ দ্বাৰা নিক্ষেপ কৰা এটা মিছাইল তেওঁৰ অঞ্চলত আহি পৰা দেখা যায়। লগে লগে সাংবাদিকজনে লাইভ এৰি তললৈ দৌৰি যাবলৈ বাধ্য হয়।

ক্ৰিমিয়াৰ দলঙত হোৱা বিস্ফোৰণৰ পিছত ৰাছিয়াই সোমবাৰে ইউক্ৰেইনৰ বিভিন্ন স্থানত পুনৰ এবাৰ মিছাইল আক্ৰমণ তীব্ৰতৰ কৰিছে। প্ৰথমবাৰৰ বাবে   ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ কেন্দ্ৰক লক্ষ্য কৰি আক্ৰমণ চলোৱা লৈছিল।

লগতে পঢ়ক: ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ; আতংকময় ইউক্ৰেইনৰ পৰিস্থিতি কি?

হুগো বাচেগাই পিছত তেওঁৰ অভিজ্ঞতা কথা সদৰী কৰে। তেওঁ কয়,”মই বিবিচি লাইভত বৰ্ণনা দি আছিলো। যেতিয়া মই এটা বিকট শব্দ শুনিছিলো, মই ছেইণ্ট মাইকেলৰ সোণালী মঠলৈ চালোঁ। কিয়েভৰ আকাশত হেলিকপ্টাৰ বা বিমানৰ চলাচল অতি কম। সেয়ে, যেতিয়াই আকাশৰ পৰা শব্দ আহে সকলো মানুহৰ চকু তালৈ যায়।‘’

তেওঁ লগতে কয়, “মই ওপৰলৈ চাওঁ। মই মিছাইলৰ দৰে কিবা এটা দেখিলো। তাৰ পিছত এটা ডাঙৰ বিস্ফোৰণ হয় আৰু ধোঁৱা ওলাই ছানি ধৰে। এইটো চহৰখনৰ ডিনিপ্ৰো নদীৰ ওচৰত অৱস্থিত বিখ্যাত কাঁচৰ দলঙৰ কাষৰ পৰা আহিছে। মঠটোৰ পৰা বেছি দূৰত নাছিল।‘’

Related News