NORTHEAST NOW (Assamese)

ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ কৰ্কট ৰোগীলৈ কেন্দ্ৰৰ বিত্তীয় সাহায্য

January 26, 2019 10:04 am · এন ই নাও নিউজ
Updated: January 26, 2019 3:52 pm

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে গুৱাহাটীৰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানলৈ বিত্তীয় সাহায্য আগবঢ়াইছে। এই ধনখিনি কৰ্কট ৰোগগ্ৰস্ত মহিলা আৰু শিশুৰ চিকিৎসাৰ বাবে ব্যয় কৰা হ’ব।

‘দ্য টেলিগ্ৰাফ’ কাকতত প্ৰকাশিত এটা প্ৰতিৱেদনত প্ৰকাশ যে ইয়াৰ পূৰ্বে এই সাহাৰ্য লাভ কৰিছিল মুম্বাইৰ টাটা মেমৰিয়েল চেণ্টাৰে আৰু ইয়াৰ পাছত ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানলৈ এই বিত্তীয় সাহাৰ্য আগবঢ়োৱা হৈছে। উল্লেখ্য যে ২০১৭ চনৰ ২৭ নৱেম্বৰত ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠান টাটা মেমৰিয়েল চেণ্টাৰৰ এটা অংশ হিচাপে পৰিগণিত হয়।

ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক অসম চন্দ্ৰ কাকতীয়ে কৈছে যে এই বিত্তীয় সাহাৰ্যই দৰিদ্ৰ কৰ্কট ৰোগীসকলক বিত্তীয় দিশত সকাহ দিব।

তেওঁ আৰু জনাইছে যে এই বিত্তীয় সাহাৰ্যৰ দ্বাৰা উচ্চ স্তৰৰ কৰ্কটত ভুগি থকা ৰোগীসকলক নীতি অনুসৰি বিশেষ সহায়তা আগবঢ়োৱা হ’ব। কেছ-টু-কেছ বিৱেচনাৰে অগতানুগতিকখিনিও বিৱেচনা কৰা হ’ব বুলি তেওঁ কয়। কৰ্কট প্ৰতিষ্ঠানটোৰ এটা সূত্ৰই জনোৱা মতে এগৰাকী ৰোগীক এবাৰত সৰ্বোচ্চ ২ লাখ টকাৰ বিত্তীয় সাহায্য প্ৰদান কৰা হ’ব।

কৰ্কট প্ৰতিষ্ঠানটোৰ সঞ্চালকগৰাকীয়ে আৰু কৈছে যে ‘অপৰাজেয়’ শীৰ্ষক কৰ্প’ৰেট ছচিয়েল ৰেস্পনছিবিলিটী উদ্যোগত অন্তৰ্গত আছাম গেছ কোম্পানীয়ে কৰ্কট চিকিৎসা প্ৰতিষ্ঠানটোৰ শিশু কৰ্কট ৰোগীসকলক বিত্তীয় সাহাৰ্য প্ৰদান কৰি আহিছে। তেওঁ আৰু জনায় যে অটল অমৃত অভিযান আৰু প্ৰধান মন্ত্ৰী জন আৰোগ্য যোজনা আদি আঁচনিৰ জৰিয়তে দৰিদ্ৰ ৰোগীসকলেও ব্যয়বহুল কৰ্কট ৰোগৰ চিকিৎসা কৰাবলৈ সমৰ্থৱান হৈছে।

Related News