শ্ৰীলঙ্কাৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা, টেষ্টত নতুন অধিনায়ক

India squad against Sri Lanka

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে আজি শ্ৰীলংকাৰ বিৰুদ্ধে আগন্তুক ঘৰুৱা টি-২০ আৰু টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা কৰে।

ভাৰতীয় টেষ্ট দলৰ অধিনায়ক পদৰ পৰা বিৰাট কোহলীয়ে পদত্যাগ কৰাৰ পিছতে অধিনায়ক হিচাপে কাক নিযুক্তি দিব সেই সম্পৰ্কে চলি থকা জল্পনা-কল্পনাৰ অন্ত পেলাই ৰোহিত শৰ্মাক নতুন টেষ্ট অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়।

আনহাতে পেচাৰ যশপ্ৰীত বুমৰাহক টেষ্ট আৰু টি-২০ দুয়োটা শৃংখলাৰ বাবে সহ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।

ভাৰতে ২৪ ফেব্ৰুৱাৰীৰ পৰা শ্ৰীলংকাৰ বিৰুদ্ধে তিনিখন টি-২০ মেচত ভাগ ল’ব। লক্ষ্ণৌত ২৪ ফেব্ৰুৱাৰীত প্ৰথমখন টি-২০ ৰ পিছত দ্বিতীয় আৰু তৃতীয় মেচ ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত ধৰ্মশালাত অনুষ্ঠিত হ’ব।

ইয়াৰ পিছতে ৪ মাৰ্চৰ পৰা মোহালিত প্ৰথম টেষ্ট আৰু ১২ মাৰ্চৰ পৰা বাংগালুৰুত দ্বিতীয়খন টেষ্ট অনুষ্ঠিত হ’ব।

শেহতীয়াকৈ ফৰ্মৰ সৈতে যুঁজি থকা দুই অভিজ্ঞ বেটাৰ চেতেশ্বৰ পূজাৰা আৰু আজিংক্য ৰাহানেৰ লগতে অভিজ্ঞ পেচাৰ ইশান্ত শৰ্মা আৰু উইকেট ৰক্ষক ঋদ্ধিমান সাহাক টেষ্ট দলৰ পৰা বাদ দিয়া হৈছে। চাৰিওজন খেলুৱৈকে চলিত ৰঞ্জী ট্ৰফী ছিজনত অংশ ল’বলৈ বিচিচিআইয়ে পৰামৰ্শ দিয়ে।

ইফালে, আঘাতৰ বাবে ডিচেম্বৰত নিউজিলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় খন টেষ্ট, দক্ষিণ আফ্ৰিকা ভ্ৰমণ আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাৰ পৰা দলৰ পৰা বাহিৰত থকা ৰবীন্দ্ৰ জাদেজা শ্ৰীলংকাৰ বিৰুদ্ধে শৃংখলাৰ বাবে দললৈ উভতি আহিছে।

আনহাতে আঘাতপ্ৰাপ্ত তাৰকা স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনক টেষ্ট দলত স্থান দিয়া হৈছে যদিও তেওঁ ফিটনেছ টেষ্টত ভাগ ল’ব লাগিব। বৰ্তমান অশ্বিন বাংগালুৰুৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত ফিটনেছৰ উত্তৰণৰ বাবে অনুশীলন চলাই আছে।

ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলী আৰু উইকেটকিপাৰ বেটাৰ ঋষভ পন্তক চিকিৎসকৰ পৰামৰ্শ অনুসৰি শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ পৰা বিশ্ৰাম দিয়া হৈছে।

আনহাতে শ্ৰীলংকাৰ বিৰুদ্ধে দুয়োটা ফৰ্মেটৰ পৰা শাৰ্দুল ঠাকুৰক বিশ্ৰাম দিয়া হৈছে।

এই তিনিজন খেলুৱৈৰ বাদে বৰ্তমান ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলিত শৃংখলাত ভাগ লোৱা ভাৰতীয় টি-২০ দলটোৱেই অপৰিৱৰ্তিত আছে।

কেৱল সঞ্জু চেমছনক পন্তৰ স্থানত দললৈ আমন্ত্ৰণ জনোৱা হৈছে আৰু আঘাতৰ পৰা মুক্ত হৈ অহা জাদেজাক দলত অন্তৰ্ভুক্ত কৰা হৈছে।

টেষ্ট দল: ৰোহিত শৰ্মা (অধিনায়ক), মায়াংক আগৰৱাল, প্ৰিয়াংক পাঞ্চাল, বিৰাট কোহলী, শ্ৰেয়স আয়াৰ, হনুমা বিহাৰী, শুভমন গিল, ঋষভ পন্ত, কে এছ ভৰত, অশ্বিন, জাদেজা, জয়ন্ত যাদৱ, কুলদীপ যাদৱ, বুমৰাহ, মহম্মদ ছামী, মহম্মদ চিৰাজ, উমেশ যাদৱ, সৌৰভ কুমাৰ।

টি-২০ দলঃ ৰোহিত শৰ্মা (অধিনায়ক), ৰুতুৰাজ গায়কোৱাড, ঈশান কিষণ, সূৰ্যকুমাৰ যাদৱ, শ্ৰেয়স আয়াৰ, ভেঙ্কটেশ আয়াৰ, দীপক হুডা, বুমৰাহ, ভুৱনেশ্বৰ কুমাৰ, দীপক চাহাৰ, হৰ্ষল পেটেল, মহম্মদ চিৰাজ, সঞ্জু চেমছন, ৰবীন্দ্ৰ জাদেজা, চাহাল, ৰবি বিষ্ণৈ, কুলদীপ যাদৱ, আভেশ খান।