বিচিচিআইৰ বাৰ্ষিক বঁটা ঘোষণাঃ গিল, দীপ্তিলৈ ২০২২-২৩ বৰ্ষৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান

জীৱনজোৰা সাধনা সন্মানেৰে সন্মানিত ফাৰুখ ইঞ্জিনিয়াৰ আৰু ৰবি শাস্ত্ৰী

BCCI Awards 2024

ভাৰতীয় ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে আজি ঘোষণা কৰে বাৰ্ষিক বঁটা বিজয়ীসকলৰ নাম। আজি হায়দৰাবাদত অনুষ্ঠিত হয় বিচিচিআইৰ এই বঁটা বিতৰণী অনুষ্ঠান।

এই বঁটা প্ৰদান অনুষ্ঠানত ছিজনটোত আগবঢ়োৱা অনবদ্য প্ৰদৰ্শনৰ সুবাদত শুভমন গিলে ২০২২-২৩ বৰ্ষৰ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় পুৰুষ ক্ৰিকেটাৰ হিচাপে পলি উমৰিগৰ বঁটা লাভ কৰে।

ইফালে ২০২২-২৩ বৰ্ষৰ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় মহিলা ক্ৰিকেটাৰৰ সন্মান লাভ কৰে দীপ্তি শৰ্মাই। তাৰকা ক্ৰিকেটাৰগৰাকীয়ে লগতে ২০১৯-২০ বৰ্ষৰো শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় মহিলা ক্ৰিকেটাৰৰ সন্মান লাভ কৰে।

বিগত ২০২১-২২, ২০২০-২১, ২০১৯-২০ বৰ্ষৰ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় পুৰুষ ক্ৰিকেটাৰৰ বঁটা লাভ কৰে ক্ৰমে জছপ্ৰীত বুমৰাহ, ৰবিচন্দ্ৰন অশ্বিন, আৰু মহম্মদ ছামিয়ে।

সেইদৰে একেৰাহে দুবছৰৰ বাবে ক্ৰমে ২০২০-২১ আৰু ২০২১-২২ বৰ্ষৰ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় মহিলা ক্ৰিকেটাৰৰ বঁটা লাভ কৰে স্মৃতি মান্ধানাই।

নৱোদিত তাৰকা যশস্বী জয়ছোৱালে লাভ কৰে ২০২২-২৩ বৰ্ষৰ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় অভিষেককাৰী পুৰুষ খেলুৱৈৰ বঁটা। মহিলাৰ শাখাত এই বঁটা লাভ কৰে অমনজৌত কৌৰে।

শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় অভিষেককাৰী খেলুৱৈৰ পুৰুষৰ শাখাত ২০২১-২২, ২০২০-২১, ২০১৯-২০ বৰ্ষত বঁটা লাভ কৰে ক্ৰমে শ্ৰেয়স আয়াৰ, অক্ষৰ পেটেল আৰু মায়াংক আগৰৱালে।

আনহাতে শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় অভিষেককাৰী মহিলাৰ পুৰুষৰ শাখাত ২০২১-২২, ২০২০-২১, ২০১৯-২০ বৰ্ষত বঁটা লাভ কৰে ক্ৰমে এছ মেঘানা, শ্বেফালী বাৰ্মা আৰু প্ৰিয়া পুনিয়াই।

২০২২-২৩ বৰ্ষত টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেট দখলকাৰী আৰু সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে দিলীপ সৰদেছাই বঁটা লাভ কৰে ক্ৰমে অশ্বিন আৰু জয়ছোৱালে।

ঘৰুৱা ক্ৰিকেটৰ সীমিত অ’ভাৰৰ ফৰ্মেটত শ্ৰেষ্ঠ অলৰাউণ্ডাৰ হিচাপে ২০২২-২৩ বৰ্ষৰ লালা অমৰনাথ বঁটা লাভ কৰে অসমৰ ৰিয়ান পৰাগে। (ভাৰত বনাম ৱেষ্ট ইণ্ডিজ) আৰ অশ্বিন

২০২১-২২, ২০২০-২১ বৰ্ষত একেলগে দুবাৰৰ বাবে ঋষি ধাৱানে আৰু ২০১৯-২০ বৰ্ষত বাবা অপৰাজিতে এই লালা অমৰনাথ বঁটা লাভ কৰে।

আনহাতে ৰঞ্জী ক্ৰিকেটত টেষ্ট ক্ৰিকেটত ২০২২-২৩ বৰ্ষৰ লালা অমৰনাথ বঁটা লাভ কৰে সাৰংশ জৈনে। ২০২১-২২ত সাম্চ মূলানি আৰু ২০১৯-২০ত ত্ৰিপুৰাৰ এম বি মুৰাসিংহই এই সন্মান লাভ কৰে।

ৰঞ্জীৰ সৰ্বাধিক উইকেট দখলকাৰী আৰু সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে ২০২২-২৩ বৰ্ষৰ মাধৱৰাও সিন্ধিয়া বঁটা লাভ কৰে ক্ৰমে জলজ ছাক্সেনা আৰু মায়াংক আগৰৱালে।

বলাৰ হিচাপে এই মাধৱৰাও সিন্ধিয়া বঁটা ২০২১-২২ বৰ্ষত সাম্চ মূলানি আৰু ২০১৯-২০ত জয়দেৱ উনাদকাটে লাভ কৰে। বেটাৰৰ শাখাত ২০২১-২২ত ছৰফৰাজ খান আৰু ২০১৯-২০ত অৰুণাচলৰ ৰাহুল দালালে লাভ কৰে এই সন্মান।

দেশৰ প্ৰাক্তন ক্ৰিকেটাৰ ফাৰুখ ইঞ্জিনিয়াৰ আৰু ৰবি শাস্ত্ৰীক চি কে নায়ুডু জীৱনজোৰা সাধনা সন্মানেৰে সন্মানিত কৰা হয়।