দলৰ ভিতৰত ‘অনুশাসন, ঐক্য আৰু ইতিবাচক পৰিৱেশ’ সুনিশ্চিত কৰিবলৈ ভাৰতীয় ক্ৰিকেটাৰসকলৰ বাবে ১০টা গাইডলাইন জাৰি কৰিছে বিচিচিআইয়ে। এই গাইডলাইনসমূহৰ ভিতৰত যেনেকৈ নিজাববীয়াকৈ অনুশীলন বা মেচ ভেন্যুলৈ যোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে, তেনেকৈয়ে খেলুৱৈসকলক ভ্ৰমণৰ সময়ত পত্নী আৰু সন্তানক দীৰ্ঘ সময়ৰ বাবে নিজৰ লগত নাৰাখিবলৈও কোৱা হৈছে।
যদিও ইতিমধ্যে কিছু নিৰ্দেশনা প্ৰণয়ন কৰা হৈছিল, এইবাৰ ১০টা নিৰ্দিষ্ট বিষয় কঠোৰভাৱে মানি চলিবলৈ কোৱা হৈছে। ক্ৰিকেটাৰসকলক সকীয়াই দিয়া হৈছে যে যদি তেওঁলোকে নিৰ্দেশনা অমান্য কৰে তেন্তে তেওঁলোকক আই পি এল আৰু ঘৰুৱা ক্ৰিকেটত খেলাত নিষেধাজ্ঞা আৰোপ কৰা হ’ব পাৰে, আৰু তেওঁলোকৰ দৰমহা আৰু ভাট্টাও কৰ্তন হ’ব পাৰে।
শেহতীয়া দুৰ্বল ফলাফলৰ পৰিপ্ৰেক্ষিতত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীহঁতৰ সন্দৰ্ভত ইমান কঠোৰ স্থিতি গ্ৰহণ কৰিছে বিচিচিআইয়ে। ভাৰতৰ টেষ্ট দলটোৱে যোৱা দুটা শৃংখলাত বৃহৎ ব্যৱধানত পৰাস্ত হৈছে— ঘৰৰ মাটিত নিউজিলেণ্ডৰ হাতত ৩-০, অষ্ট্ৰেলিয়াত আয়োজক দলৰ হাতত ৩-১ ব্যৱধানত।
শেহতীয়াকৈ বিচিচিআইয়ে একেৰাহে দুটা ছিৰিজৰ প্ৰদৰ্শনৰ পৰ্যালোচনাৰ বাবে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। তাত ব’ৰ্ডৰ সচিব দেৱজিৎ শইকীয়া, মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ, টেষ্ট আৰু এদিনীয়াৰ অধিনায়ক ৰোহিত শৰ্মা, মুখ্য নিৰ্বাচক অজিত আগৰকাৰ উপস্থিত থাকে।
এই বৈঠকত ভাৰতীয় দলৰ ভিতৰত অনুশাসন আৰু ইতিবাচক পৰিৱেশ সুনিশ্চিত কৰিবলৈ মানি চলিবলগীয়া ১০টা নীতি-নিৰ্দেশনা চূড়ান্ত কৰা হয়। যিটো বৃহস্পতিবাৰে বিচিচিআইৰ চুক্তি অনুসৰি খেলুৱৈসকললৈ প্ৰেৰণ কৰা হৈছে।
বি চি চি আইৰ ১০টা নিৰ্দেশনাৰ প্ৰতিলিপি ইতিমধ্যে সংবাদ মাধ্যমে লাভ কৰিছে। তৎক্ষণাত কাৰ্যকৰী হোৱা এই নিৰ্দেশনাসমূহৰ ভিতৰত আছে:
১. ঘৰুৱা ক্ৰিকেটত অংশগ্ৰহণ
জাতীয় দলৰ বাবে বিবেচনাৰ বাবে আৰু কেন্দ্ৰীয় চুক্তিত স্থান পাবলৈ ঘৰুৱা ক্ৰিকেটত মেচ খেলিবই লাগিব। এইটো বাধ্যতামূলক। বিশেষ পৰিস্থিতিতহে ঘৰুৱা ক্ৰিকেটত অংশগ্ৰহণৰ পৰা হাত সাৰিব পাৰিব। অৱশ্যে সেইটো বাছনি সমিতিৰ অধ্যক্ষৰ অনুমোদনৰ অধীনত হ’ব, যিটো স্বচ্ছতাৰে নিশ্চিত কৰিব লাগিব।
২.পৰিয়ালৰ সৈতে পৃথকে ভ্ৰমণ
দলীয় হোটেলৰ পৰা অনুশীলন বা মেচৰ স্থানলৈ যাত্ৰা দলীয় বাছেৰে হ’ব। নিজৰ ব্যৱস্থাৰে হোটেলৰ পৰা খেলপথাৰলৈ বা খেলপথাৰৰ পৰা হোটেললৈ পৰিয়ালৰ সৈতে পৃথকে যাত্ৰা কৰিব নোৱাৰিব। বিশেষ ক্ষেত্ৰত প্ৰয়োজন হ’লে বাছনি সমিতিৰ অধ্যক্ষ আৰু মুখ্য প্ৰশিক্ষকৰ পৰা পূৰ্বে অনুমোদন ল’ব লাগিব।
৩. বেছি ওজন কঢ়িয়াব নোৱাৰিব
দলৰ সৈতে যাত্ৰা কৰাৰ সময়ত অতিৰিক্ত সামগ্ৰী কঢ়িয়াই নিব নোৱাৰিব। যদি বেগ আৰু ওজন নিৰ্দিষ্ট পৰিমাণতকৈ বেছি হয় তেন্তে সংশ্লিষ্ট খেলুৱৈয়ে নিজৰ খৰচত কঢ়িয়াই নিব লাগিব। দলে নকৰে।
৩০ দিনতকৈ অধিক দীঘলীয়া ভ্ৰমণৰ বাবে এজন খেলুৱৈয়ে ৩টা ছুটকেছ আৰু ২টা কিট বেগ বা সৰ্বোচ্চ ১৫০ কিলোগ্ৰাম ওজনৰ লাগেজ ল’ব পাৰে। আৰু যদি যাত্ৰা ৩০ দিনতকৈ কম হয় তেন্তে ৪ টা লাগেজ লৈ যাব পাৰিব, যাৰ ওজন ১২০ কিলোগ্ৰামৰ ভিতৰত।
৪. ব্যক্তিগত ষ্টাফত বাধ্যবাধকতা
বিচিচিআইৰ পৰা স্পষ্ট অনুমোদন থাকিলে ব্যক্তিগত কৰ্মচাৰী যেনে মেনেজাৰ, ৰান্ধনী, সহায়ক, নিৰাপত্তা বিষয়াক ভ্ৰমণলৈ লৈ যাব পাৰিব। ইয়াৰ দ্বাৰা দলৰ পৰিচালনাৰ কাম-কাজ মানি চলাটো নিশ্চিত হ’ব।
৫. চেণ্টাৰ অৱ এক্সেলেন্সলৈ বেগ প্ৰেৰণ কৰা
দল পৰিচালনাৰ সৈতে সমন্বয়ত ক্ৰীড়াৰ সামগ্ৰী আৰু ব্যক্তিগত সামগ্ৰী বেংগালুৰুৰ চেণ্টাৰ অৱ এক্সেলেন্সলৈ প্ৰেৰণ কৰা হ’ব। যদি আপুনি ইয়াক পৃথকে পঠাব বিচাৰে তেন্তে খৰচ সংশ্লিষ্ট খেলুৱৈজনে বহন কৰিব লাগিব।
৬. অনুশীলনত উপস্থিতি
অনুশীলনৰ সমগ্ৰ সময়ছোৱাত প্ৰতিজন খেলুৱৈয়ে দলৰ লগত থাকিব লাগিব। নিজৰ অনুশীলন শেষ কৰি সোনকালে যাব নোৱাৰিব।
৭. বাণিজ্যিক কাৰ্য্যকলাপত বাধ্যবাধকতা
ছিৰিজ বা ভ্ৰমণৰ সময়ত কোনো খেলুৱৈয়ে (ব্যক্তিগত) বিজ্ঞাপন বা বাণিজ্যিক কাৰ্য্যকলাপত অংশগ্ৰহণ কৰিব নোৱাৰিব।
৮. পৰিয়ালৰ ভ্ৰমণ নীতি
য’ত বিদেশত ৪৫ দিনতকৈ অধিক সময় থাকিব লাগে তাত সংগী আৰু সন্তানক ভ্ৰমণলৈ লৈ যাব পাৰি । কিন্তু ইয়াক প্ৰতিটো ছিৰিজত এবাৰহে ল’ব পাৰি (সংস্কৰণ-ভিত্তিক), আৰু সৰ্বাধিক দুসপ্তাহলৈকে থাকিব পাৰিব। এনে ক্ষেত্ৰত খেলুৱৈ আৰু তেওঁৰ পৰিয়ালৰ থকাৰ খৰচ বিচিচিআইয়ে বহন কৰিব।
অন্যান্য খৰচৰ দায়িত্ব সংশ্লিষ্ট খেলুৱৈৰ। পৰিয়ালৰ সদস্য কেতিয়া আহিব সেই বিষয়ে প্ৰশিক্ষক, অধিনায়ক, আৰু ব’ৰ্ডৰ জেনেৰেল মেনেজাৰ (অপাৰেচন)ৰ সৈতে আগতীয়াকৈ আলোচনা কৰিব লাগিব। আন যিকোনো পৰিস্থিতিত সংশ্লিষ্ট পক্ষৰ অনুমোদন লোৱাৰ প্ৰয়োজন হব। খৰচো বহন কৰিব লাগিব খেলুৱৈয়ে।
৯. বিচিচিআইৰ অনুষ্ঠানত অংশগ্ৰহণ
প্ৰতিজন খেলুৱৈয়ে বিচিচিআইৰ অফিচিয়েল শ্বুটিং, প্ৰচাৰমূলক কাৰ্যসূচী আৰু অন্যান্য অনুষ্ঠানত অংশগ্ৰহণ কৰিব লাগিব।
১০. ভ্ৰমণৰ শেষলৈকে থাকিব লাগিব
মেচ এখন সোনকালে শেষ হ’লেও খেলুৱৈসকলে শৃংখলা বা ভ্ৰমণৰ শেষলৈকে দলৰ সৈতে থাকিব লাগিব। গুচি যাব নোৱাৰিব।
বিচিচিআইৰ গাইডলাইনত উল্লেখ আছে যে প্ৰতিজন খেলুৱৈয়ে এই গাইডলাইন কঠোৰভাৱে পালন কৰিব লাগিব। নিৰ্দেশ অমান্য কৰাৰ বাবে বিচিচিআইয়ে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব।
ইয়াৰ ভিতৰত খেলুৱৈগৰাকীক আই পি এলৰ দৰে বি চি চি আইৰ দ্বাৰা পৰিচালিত প্ৰতিযোগিতাত খেলাত নিষেধাজ্ঞা, আৰু বি চি চি আইৰ চুক্তিৰ অধীনত মেচ মাচুল কৰ্তন কৰা আদি অন্তৰ্ভুক্ত। বিচিচিআইয়ে কয় যে এই নিৰ্দেশনাসমূহে “ভাৰতীয় ক্ৰিকেটক অগ্ৰাধিকাৰ দিয়া আৰু জবাবদিহিতা নিশ্চিত কৰাৰ গুৰুত্ব নিশ্চিত কৰে”।