• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোহলী-ৰোহিতহঁতৰ বাবে ১০নিৰ্দেশনা বিচিচিআইৰ; অনুসৰণ নকৰিলে নিষিদ্ধ হ’ব আইপিএলত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 17, 2025 3:24 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দলৰ ভিতৰত ‘অনুশাসন, ঐক্য আৰু ইতিবাচক পৰিৱেশ’ সুনিশ্চিত কৰিবলৈ ভাৰতীয় ক্ৰিকেটাৰসকলৰ বাবে ১০টা গাইডলাইন জাৰি কৰিছে বিচিচিআইয়ে। এই গাইডলাইনসমূহৰ ভিতৰত যেনেকৈ নিজাববীয়াকৈ অনুশীলন বা মেচ ভেন্যুলৈ যোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে, তেনেকৈয়ে খেলুৱৈসকলক ভ্ৰমণৰ সময়ত পত্নী আৰু সন্তানক দীৰ্ঘ সময়ৰ বাবে নিজৰ লগত নাৰাখিবলৈও কোৱা হৈছে।

যদিও ইতিমধ্যে কিছু নিৰ্দেশনা প্ৰণয়ন কৰা হৈছিল, এইবাৰ ১০টা নিৰ্দিষ্ট বিষয় কঠোৰভাৱে মানি চলিবলৈ কোৱা হৈছে। ক্ৰিকেটাৰসকলক সকীয়াই দিয়া হৈছে যে যদি তেওঁলোকে নিৰ্দেশনা অমান্য কৰে তেন্তে তেওঁলোকক আই পি এল আৰু ঘৰুৱা ক্ৰিকেটত খেলাত নিষেধাজ্ঞা আৰোপ কৰা হ’ব পাৰে, আৰু তেওঁলোকৰ দৰমহা আৰু ভাট্টাও কৰ্তন হ’ব পাৰে।

Apply Now

শেহতীয়া দুৰ্বল ফলাফলৰ পৰিপ্ৰেক্ষিতত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীহঁতৰ সন্দৰ্ভত ইমান কঠোৰ স্থিতি গ্ৰহণ কৰিছে বিচিচিআইয়ে। ভাৰতৰ টেষ্ট দলটোৱে যোৱা দুটা শৃংখলাত বৃহৎ ব্যৱধানত পৰাস্ত হৈছে— ঘৰৰ মাটিত নিউজিলেণ্ডৰ হাতত ৩-০, অষ্ট্ৰেলিয়াত আয়োজক দলৰ হাতত ৩-১ ব্যৱধানত।

শেহতীয়াকৈ বিচিচিআইয়ে একেৰাহে দুটা ছিৰিজৰ প্ৰদৰ্শনৰ পৰ্যালোচনাৰ বাবে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। তাত ব’ৰ্ডৰ সচিব দেৱজিৎ শইকীয়া, মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ, টেষ্ট আৰু এদিনীয়াৰ অধিনায়ক ৰোহিত শৰ্মা, মুখ্য নিৰ্বাচক অজিত আগৰকাৰ উপস্থিত থাকে।

এই বৈঠকত ভাৰতীয় দলৰ ভিতৰত অনুশাসন আৰু ইতিবাচক পৰিৱেশ সুনিশ্চিত কৰিবলৈ মানি চলিবলগীয়া ১০টা নীতি-নিৰ্দেশনা চূড়ান্ত কৰা হয়। যিটো বৃহস্পতিবাৰে বিচিচিআইৰ চুক্তি অনুসৰি খেলুৱৈসকললৈ প্ৰেৰণ কৰা হৈছে।

বি চি চি আইৰ ১০টা নিৰ্দেশনাৰ প্ৰতিলিপি ইতিমধ্যে সংবাদ মাধ্যমে লাভ কৰিছে। তৎক্ষণাত কাৰ্যকৰী হোৱা এই নিৰ্দেশনাসমূহৰ ভিতৰত আছে:

১. ঘৰুৱা ক্ৰিকেটত অংশগ্ৰহণ

জাতীয় দলৰ বাবে বিবেচনাৰ বাবে আৰু কেন্দ্ৰীয় চুক্তিত স্থান পাবলৈ ঘৰুৱা ক্ৰিকেটত মেচ খেলিবই লাগিব। এইটো বাধ্যতামূলক। বিশেষ পৰিস্থিতিতহে ঘৰুৱা ক্ৰিকেটত অংশগ্ৰহণৰ পৰা হাত সাৰিব পাৰিব। অৱশ্যে সেইটো বাছনি সমিতিৰ অধ্যক্ষৰ অনুমোদনৰ অধীনত হ’ব, যিটো স্বচ্ছতাৰে নিশ্চিত কৰিব লাগিব।

২.পৰিয়ালৰ সৈতে পৃথকে ভ্ৰমণ

দলীয় হোটেলৰ পৰা অনুশীলন বা মেচৰ স্থানলৈ যাত্ৰা দলীয় বাছেৰে হ’ব।  নিজৰ ব্যৱস্থাৰে হোটেলৰ পৰা খেলপথাৰলৈ বা খেলপথাৰৰ পৰা হোটেললৈ পৰিয়ালৰ সৈতে পৃথকে যাত্ৰা কৰিব নোৱাৰিব। বিশেষ ক্ষেত্ৰত প্ৰয়োজন হ’লে বাছনি সমিতিৰ অধ্যক্ষ আৰু মুখ্য প্ৰশিক্ষকৰ পৰা পূৰ্বে অনুমোদন ল’ব লাগিব।

৩. বেছি ওজন কঢ়িয়াব নোৱাৰিব

দলৰ সৈতে যাত্ৰা কৰাৰ সময়ত অতিৰিক্ত সামগ্ৰী কঢ়িয়াই নিব নোৱাৰিব। যদি বেগ আৰু ওজন নিৰ্দিষ্ট পৰিমাণতকৈ বেছি হয় তেন্তে সংশ্লিষ্ট খেলুৱৈয়ে নিজৰ খৰচত কঢ়িয়াই নিব লাগিব। দলে নকৰে।

৩০ দিনতকৈ অধিক দীঘলীয়া ভ্ৰমণৰ বাবে এজন খেলুৱৈয়ে ৩টা ছুটকেছ আৰু ২টা কিট বেগ বা সৰ্বোচ্চ ১৫০ কিলোগ্ৰাম ওজনৰ লাগেজ ল’ব পাৰে। আৰু যদি যাত্ৰা ৩০ দিনতকৈ কম হয় তেন্তে ৪ টা লাগেজ লৈ যাব পাৰিব, যাৰ ওজন ১২০ কিলোগ্ৰামৰ ভিতৰত।

৪. ব্যক্তিগত ষ্টাফত বাধ্যবাধকতা

বিচিচিআইৰ পৰা স্পষ্ট অনুমোদন থাকিলে ব্যক্তিগত কৰ্মচাৰী যেনে মেনেজাৰ, ৰান্ধনী, সহায়ক, নিৰাপত্তা বিষয়াক ভ্ৰমণলৈ লৈ যাব পাৰিব। ইয়াৰ দ্বাৰা দলৰ পৰিচালনাৰ কাম-কাজ মানি চলাটো নিশ্চিত হ’ব।

৫. চেণ্টাৰ অৱ এক্সেলেন্সলৈ বেগ প্ৰেৰণ কৰা

দল পৰিচালনাৰ সৈতে সমন্বয়ত ক্ৰীড়াৰ সামগ্ৰী আৰু ব্যক্তিগত সামগ্ৰী বেংগালুৰুৰ চেণ্টাৰ অৱ এক্সেলেন্সলৈ প্ৰেৰণ কৰা হ’ব। যদি আপুনি ইয়াক পৃথকে পঠাব বিচাৰে তেন্তে খৰচ সংশ্লিষ্ট খেলুৱৈজনে বহন কৰিব লাগিব।

৬. অনুশীলনত উপস্থিতি

অনুশীলনৰ সমগ্ৰ সময়ছোৱাত প্ৰতিজন খেলুৱৈয়ে দলৰ লগত থাকিব লাগিব। নিজৰ অনুশীলন শেষ কৰি সোনকালে যাব নোৱাৰিব।

৭. বাণিজ্যিক কাৰ্য্যকলাপত বাধ্যবাধকতা

ছিৰিজ বা ভ্ৰমণৰ সময়ত কোনো খেলুৱৈয়ে (ব্যক্তিগত) বিজ্ঞাপন বা বাণিজ্যিক কাৰ্য্যকলাপত অংশগ্ৰহণ কৰিব নোৱাৰিব।

৮. পৰিয়ালৰ ভ্ৰমণ নীতি

য’ত বিদেশত ৪৫ দিনতকৈ অধিক সময় থাকিব লাগে তাত সংগী আৰু সন্তানক  ভ্ৰমণলৈ লৈ যাব পাৰি । কিন্তু ইয়াক প্ৰতিটো ছিৰিজত এবাৰহে ল’ব পাৰি (সংস্কৰণ-ভিত্তিক), আৰু সৰ্বাধিক দুসপ্তাহলৈকে থাকিব পাৰিব। এনে ক্ষেত্ৰত খেলুৱৈ আৰু তেওঁৰ পৰিয়ালৰ থকাৰ খৰচ বিচিচিআইয়ে বহন কৰিব।

অন্যান্য খৰচৰ দায়িত্ব সংশ্লিষ্ট খেলুৱৈৰ। পৰিয়ালৰ সদস্য কেতিয়া আহিব সেই বিষয়ে প্ৰশিক্ষক, অধিনায়ক, আৰু ব’ৰ্ডৰ জেনেৰেল মেনেজাৰ (অপাৰেচন)ৰ সৈতে আগতীয়াকৈ আলোচনা কৰিব লাগিব। আন যিকোনো পৰিস্থিতিত সংশ্লিষ্ট পক্ষৰ অনুমোদন লোৱাৰ প্ৰয়োজন হব। খৰচো বহন কৰিব লাগিব খেলুৱৈয়ে।

৯. বিচিচিআইৰ অনুষ্ঠানত অংশগ্ৰহণ

প্ৰতিজন খেলুৱৈয়ে বিচিচিআইৰ অফিচিয়েল শ্বুটিং, প্ৰচাৰমূলক কাৰ্যসূচী আৰু অন্যান্য অনুষ্ঠানত অংশগ্ৰহণ কৰিব লাগিব।

১০. ভ্ৰমণৰ শেষলৈকে থাকিব লাগিব

মেচ এখন সোনকালে শেষ হ’লেও খেলুৱৈসকলে শৃংখলা বা ভ্ৰমণৰ শেষলৈকে দলৰ সৈতে থাকিব লাগিব। গুচি যাব নোৱাৰিব।

বিচিচিআইৰ গাইডলাইনত উল্লেখ আছে যে প্ৰতিজন খেলুৱৈয়ে এই গাইডলাইন কঠোৰভাৱে পালন কৰিব লাগিব। নিৰ্দেশ অমান্য কৰাৰ বাবে বিচিচিআইয়ে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব।

ইয়াৰ ভিতৰত খেলুৱৈগৰাকীক আই পি এলৰ দৰে বি চি চি আইৰ দ্বাৰা পৰিচালিত প্ৰতিযোগিতাত খেলাত নিষেধাজ্ঞা, আৰু বি চি চি আইৰ চুক্তিৰ অধীনত মেচ মাচুল কৰ্তন কৰা আদি অন্তৰ্ভুক্ত। বিচিচিআইয়ে কয় যে এই নিৰ্দেশনাসমূহে “ভাৰতীয় ক্ৰিকেটক অগ্ৰাধিকাৰ দিয়া আৰু জবাবদিহিতা নিশ্চিত কৰাৰ গুৰুত্ব নিশ্চিত কৰে”।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm
কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

June 14, 2026 8:13 pm
বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

June 14, 2026 7:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd