NORTHEAST NOW (Assamese)

বৰাকত অসমীযা ভাষাক অপমান : বৰাক ডেম’ক্ৰেটিক ফ্ৰণ্টৰ নেতা প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰ

November 27, 2021 7:23 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: November 27, 2021 7:24 pm

বৰাকত অসমীয়া ভাষাৰ হ’ডিঙত ক’লা ৰং সানি দিয়াৰ গোচৰত অৱশেষত কাচাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বৰাক ডেম’ক্ৰেটিক ফ্ৰণ্টৰ নেতা প্ৰদীপ দত্ত ৰয়ক ।

কালি কাচাৰৰ আৰক্ষী অধীক্ষক ৰমণদীপ কৌৰে দত্ত ৰয়ক জেৰাৰ বাবে মাতি নিয়াৰ পিছত আজিও তেওঁক জেৰা চলোৱা হয়। জেৰাৰ অন্তত আৰক্ষীয়ে দত্ত ৰয়ক গ্ৰেপ্তাৰ কৰে। বৰাক ডেম’ক্ৰেটিক ফ্ৰণ্টৰ নেতা প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১৫৩, ২৯৫,৫০৫,২০৬ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। দত্ত ৰয়ৰ বিৰুদ্ধে হিন্দু যুৱ পৰিষদে থানাত এজাহাৰ দাখিল কৰিছিল।

উল্লেখ্য অসমীয়া জাতিসত্বাৰ ওপৰত কুঠাৰাঘাত কৰি কিছুদিন পূৰ্বে বৰাক উপত্যকাৰ শিলচৰত জল জীৱন মিছনৰ এখন হ’ৰ্ডিঙত লিখা অসমীয়া ভাষাত ক’লা ৰং সনা কাৰ্যই ৰাজ্য জুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

বৰাক ডেমক্ৰেটিক ফ্ৰণ্ট আৰু বঙালী যুৱ যুৱ ছাত্ৰ সংস্থা নামৰ দুটা অখ্যাত বঙালী সংগঠনৰ কৰ্মীয়ে অসমীয়া ভাষাৰ ওপৰত ক’লা ৰং সনাৰ বিষয়টোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি থকাৰ সময়তে এই ঘটনাৰে জৰিত দুজন লোকক কাচাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

আৰক্ষীয়ে প্ৰায় এমাহ পূৰ্বে গ্ৰেপ্তাৰ কৰা লোক দুজন হৈছে ক্ৰমে সমৰ দাস আৰু ৰাজু দেৱ।

ইপিনে বৰাক তথা ব্ৰহ্মপুত্ৰ উপত্যকাত যুগ যুগ ধৰি মিলপ্ৰীতিৰে বাস কৰি অহা অসমীয়া আৰু বঙালী লোকৰ মাজত সংঘৰ্ষৰ সৃষ্টি কৰাৰ বাবে প্ৰায়ে চেষ্টা চলাই অহা বৰাক ডেম’ক্ৰেটিক ফ্ৰণ্ট নামৰ সংগঠনটোৰ নেতা প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰৰ দাবীও তীব্ৰ হৈ উঠিছিল।

বিগত কেইবাদিনো ধৰি কাচাৰৰ আৰক্ষী অধীক্ষকে প্ৰদীপ দত্ত ৰয়ক থানালৈ মাতি নি জেৰা কৰিছিল।
আৰক্ষীৰ জেৰাৰ পিছতো প্ৰদীপ দত্ত ৰয়ে টেলিভিছন চেনেলৰ অনুষ্ঠানত অসমীয়া আৰু বঙালীৰ মাজত উত্তেজনা সৃষ্টিকাৰী মন্তব্য কৰিয়েই থকা পৰিলক্ষিত হৈছিল।

বৰাক উপত্যকাৰ এইগৰাকী প্ৰতিক্ৰিয়াশীল নেতাক সেয়ে শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে বুলি জোৰদাৰ দাবী উত্থাপন হৈ আহিছিল।

অৱশেষত আজি প্ৰতিবাদৰ ওচৰত সেওঁ মানি কাচাৰ আৰক্ষীয়ে বৰাক ডেম’ক্ৰেটিক ফ্ৰণ্টৰ নেতা প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰ কৰে।

Related News