বগীবিল দলং চোৱাৰ লোভ? কৰ্মদিনতে কাৰ্য্যালয় বন্ধ দি সতীৰ্থসহ বি ডি অ’ ছাৰ গ’ল পিকনিকলৈ

“আজি ছাৰহঁতে খানা খাবলৈ গৈছে বগীবিলত”, জনালে চতুৰ্থ বৰ্গৰ ৰৈ যোৱা কৰ্মচাৰীজনে

হাজাৰ হাজাৰ মানুহক দেখি-শুনি মনক বুজাব নোৱাৰি কৰ্মদিনতে সম্পূৰ্ণ কাৰ্য্যালয়টো বন্ধ দি সদলবলে এজন বিডিঅ’ই বগীবিল দলং চাবৰ বাবে যোৱা এটা ঘটনাই সচতেন মহলৰ চকু কপালত তুলিছে। এই আজৱ কাণ্ড সংঘটিত হৈছে বিশ্বনাথ জিলাৰ বাঘমৰা উন্নয়ন খণ্ডত।

আজি কৰ্মদিন আছিল যদিও বাঘমৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া বিশ্বজিৎ দে’ই সম্পূৰ্ণ কাৰ্য্যালয়টো বন্ধ দি দুৱাৰত তলা ওলমাই গোটেই কৰ্মচাৰীসহ বগীবিল দলং চাবলৈ গুচি যায়। ফলত কাৰ্য্যালয়টোলৈ বিভিন্ন কামৰ বাবে অহা ৰাইজ বিমুখ হৈ ঘূৰি যায়।

ৰাইজৰ সেৱাৰ বাবে থকা এজন দায়িত্বশীল চৰকাৰী বিষয়াই নিজৰ খেয়ালখুচিমতে কাৰ্য্যালয় বন্ধ দি এইদৰে মনৰ চখ পূৰাবলৈ যোৱাটোত প্ৰতিক্ৰিয়া হৈছে। সোণোৱাল চৰকাৰে কৰ্ম সংস্কৃতিৰ কথা কৈ অহাৰ সময়তে বি ডি অ’জনৰ এই কাণ্ডই হতবাক কৰিছে স্থানীয় ৰাইজক।

“আজি ছাৰহঁতে খানা খাবলৈ গৈছে বগীবিলত”, সাংবাদিকে সোধাত ৰখীয়া হিচাপে থকা চতুৰ্থবৰ্গৰ কৰ্মচাৰীজনে কয়।

সেয়েহে নতুন বছৰৰ আদৰণী আৰু বগীবিল দলং দৰ্শনৰ সুখ লবলৈ হেপাহ জাগিল বি ডি অ ছাৰৰ। লগত ওলাল সকলো সাংগো পাংগো সকল। আজি শণিবাৰ, তাতে কৰ্তব্যৰ দিনটোত প্ৰথমটো অঘোষিত বন্ধ পালন কৰিলে বিডিঅ ছাৰ হঁতে। কিন্তু অফিচ ৰখীয়া কৰিবলৈটো থাকিব লাগিব কোনোবা এজন। সেয়েহে মন থকা স্বত্বেও বগীবিল দলং চাবলৈ তথা দলংৰ তলত নতুন বছৰ উপলক্ষে বনভোজ খাবলৈ নাপালে কাৰ্যালয়টোৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনে। প্ৰায়েই কয় অসমত চৰকাৰী কৰ্মচাৰীৰ কৰ্ম সংস্কৃতি বাঢ়িছে। কিন্তু আপুনি চাওকচোন চৰকাৰী কৰ্মচাৰীৰ দিনটোতে অফিচটোত কেনেদৰে কাৰ্যালয়ত ওলমি আছে তলা। পিছে আপোনাৰ জানিবলৈ মন নাযায় নেকি যে এইয়া কোনটো ব্লকৰ বিডিঅ ছাৰ তথা কৰ্মচাৰী। হয় আপুনি ঠিকেই শুনিছে এইয়া মন্ত্ৰী ৰঞ্জিত দত্তৰ গৃহ সমষ্টি বিহালীৰ বাঘমৰা খণ্ড উন্নয়ন  বিষয়াৰ কাৰ্যালয়।

আজি কোনো বন্ধ নথকাকৈয়ে ব্লকটোৰ বিডিঅ তথা সকলো কৰ্মচাৰী বগীবিলত বনভোজ খাবলৈ গল। এতিয়া আপোনালোকেই বিচাৰ কৰক এইয়াই নেকি চৰকাৰী কৰ্মচাৰীৰ কৰ্ম সংস্কৃতি।

উল্লেখযোগ্য যে যোৱা ২৫ ডিচেম্বৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত দেশৰ ভিতৰতে দীঘল (ৰে’লপথ-পথ দুয়োটা থকা) আৰু উন্নত প্ৰযুক্তিৰ বগীবিল দলংখন মুকলি কৰিছিল। ইয়াৰ পিছতে হাজাৰ হাজাৰ লোকে দলংখন চাবলৈ দৈনিক ভিৰ কৰা দেখা গৈছে। কিন্তু এজন চৰকাৰী দায়িত্বশীল বিষয়াই এইদৰে কৰ্মদিনতে সম্পূৰ্ণ কাৰ্য্যালয়টো বন্ধ কৰি কৰ্মচাৰীসহ দলংখন চাবলৈ যোৱাটোৱে মানুহৰ চকু কপালত তুলিলে।