NORTHEAST NOW (Assamese)

বিপদৰ পৰা বাচিব খোজে যদি Whatsapp-ত সাৱধানে দিব মেছেজ

June 17, 2019 4:54 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

এতিয়াৰ পৰা WhatsApp-ৰ ব্যৱহাৰৰ ক্ষেত্ৰত সতৰ্ক নহ’লে বিপদ পৰিব পাৰে আপুনি। প্ৰতিষ্ঠানটোৰ ফালৰ পৰা অলপতে য়ুজাৰসকলৰ বাবে এপটো ব্যৱহাৰ কৰোঁতে গ্ৰহণ কৰিবলগীয়া সতৰ্কতাসমূহ প্ৰকাশ কৰা হৈছে।

প্ৰতিষ্ঠানটোৰ ফালৰ পৰা জনোৱা অনুসৰি অনাগত দিনত একেলগে বহুত মানুহক বাৰ্তা প্ৰেৰণ কৰা (automated or bulk messaging) বা ব্যক্তিগত কাৰণৰ বাহিৰে অন্য কাৰণত ইয়াক ব্যৱহাৰ কৰাক WhatsApp-ৰ চৰ্ত উলংঘা কৰা বুলি গণ্য কৰা হ’ব।

যদি কোনো ব্যক্তি এনে কাৰ্য্যত ধৰা পৰে তেন্তে তেওঁৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জনাই প্ৰতিষ্ঠানটোৱে। অহা ৭ ডিচেম্বৰৰ পৰা কাৰ্যকৰী কৰা হ’ব উক্ত বৱস্থ্যা।

উল্লেখযোগ্য যে কিছুদিন আগতে প্ৰকাশ কৰা এক update অনুসৰি বৰ্তমান আপুনি যিকোনো মেছেজ মাত্ৰ ৫ জন ব্যক্তিকহে এবাৰত একেলগে প্ৰেৰণ কৰিব পাৰে।

Related News