NORTHEAST NOW (Assamese)

ব্ৰাহ্মণ নোহোৱাটোৱেই হ’ল অপৰাধ! নিম্ন বৰ্ণৰ ধৰ্ম প্ৰচাৰকক চুলি ক্ষুৰাই প্ৰহাৰ উচ্চ বৰ্ণৰ

June 27, 2025 8:35 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী
Updated: June 27, 2025 8:09 pm

উত্তৰ প্ৰদেশৰ জাতি বিদ্বেষৰ বলি হৈছে এগৰাকী নিম্ন বৰ্গৰ ধৰ্ম প্ৰচাৰক। ভুক্তভোগীৰ নাম মুকুটমণি সিং যাদৱ। তেওঁ ব্ৰাহ্মণ নহয় বাবেই তেওঁক অত্যাচাৰ কৰা বুলি অভিযোগ উত্থাপন হৈছে।

অভিযোগ উত্থাপন হৈছে যে তেওঁক আনকি চুলি ক্ষুৰাই এগৰাকী মহিলাৰ ভৰিত নাক ঘঁহিবলৈ বাধ্য কৰা হৈছিল।

উত্তৰ প্ৰদেশৰ ইটাহৰ বাকেৱাৰ থানাৰ অন্তৰ্গত দাদৰাপুৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা। ২২ জুনত সংঘটিত হোৱা এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।

কানপুৰৰ বাসিন্দা মুকুটমণি সিং যাদৱ বৰ্তমান ইটা চিভিল লাইনত থাকে। দদ্ৰপুৰ গাঁৱত আয়োজন কৰা সাতদিনীয়া ‘ভাগৱত কথা’ অনুষ্ঠানত ধৰ্মীয় ভাষণ প্ৰদান কৰিবলৈ গৈছিল মুকুটমণি সিং যাদৱ।

অনুষ্ঠানৰ আয়োজক পাপ্পু বাবা আৰু তেওঁৰ সহযোগীসকলে যেতিয়া তেওঁ ব্ৰাহ্মণৰ সলনি যাদৱ সম্প্ৰদায়ৰ বুলি গম পালে, তেতিয়া প্ৰায় ৫০ জনীয়া এটা দলে তেওঁক আক্ৰমণ কৰে।

মুকুতমণিৰ অভিযোগ যে অভিযুক্তই তেওঁক জোতাৰে প্ৰহাৰ কৰাৰ লগতে বলপূৰ্বকভাৱে চুলি ক্ষুৰাই দিয়ে। তাৰ পাছত গাঁৱৰ মানুহৰ সন্মুখত আঁঠু লৈ ক্ষমা খুজিবলৈ বাধ্য কৰালে। তেওঁক এগৰাকী মহিলাৰ ভৰিত নাক ঘঁহিবলৈ কোৱা হৈছিল। আনকি আক্ৰমণকাৰীয়ে তেওঁৰ পৰা ২৫ হাজাৰ টকা আৰু এডাল সোণৰ হাৰ কাঢ়ি লৈ ​​যায় বুলিও তেওঁ কয়।

সহযোগী প্ৰচাৰক সন্ত সিং যাদৱ আৰু শ্যাম কাথেৰিয়াৰ উপস্থিতিতে সংঘটিত হয় এই ঘটনা। ভুক্তভোগীয়ে আৰু কয়, “অভিযুক্তই তেওঁক সুধিলে যে তেওঁলোকৰ গাঁৱত এজন অব্ৰাহ্মণে কেনেকৈ ধৰ্মীয়ভাৱে কথা ক’বলৈ সাহস কৰিছে?”

এই ঘটনাৰ পিছত সোমবাৰে সমাজবাদী পাৰ্টিৰ সাংসদ জিতেন্দ্ৰ দোহৰে তেওঁক সাক্ষাৎ কৰে। ইয়াৰ পিছতে তেওঁ ইটাহৰ এছ এছ পি ব্রিজেশ কুমাৰ শ্ৰীবাস্তৱৰ ওচৰত এজাহাৰ দাখিল কৰে। ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

সমাজবাদী পাৰ্টিৰ সাংসদ অখিলেশ যাদৱে এই ঘটনাক তীব্ৰ গৰিহণা দিয়ে। তেওঁ এক্সত লিখিছে, “সংবিধানে জাতিৰ ভিত্তিত কোনো ধৰণৰ বৈষম্যৰ অনুমতি নিদিয়ে, অভিযুক্তৰ বিৰুদ্ধে তৎকালীনভাৱে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে।”

তেওঁ লগতে কয়, “অহা তিনিদিনত যদি দোষীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেন্তে পিডিএ সম্প্ৰদায়ৰ সন্মান আৰু মৰ্যাদা ৰক্ষাৰ বাবে এক বৃহৎ আন্দোলন আহ্বান কৰা হ’ব।”

Related News