• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাল খবৰ : প্ৰথমবাৰৰ বিদেশলৈ ৰপ্তানি কৰা হ’ল মাজুলীত জৈৱিকভাবে উৎপাদন কৰা ৰঙা বাওধানৰ চাউল

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 27, 2025 7:40 pm
117
VIEWS
Share on FacebookShare on Twitter

অসমৰ কৃষি অৰ্থনীতিৰ বাবে এক ভাললগা খবৰ। প্ৰথমবাৰৰ বাবে বিদেশলৈ ৰপ্তানি কৰা হৈছে নদীদ্বীপ মাজুলীত জৈৱিকভাবে উৎপাদন কৰা ৰঙা বাও ধানৰ চাউল। এই খবৰে এতিয়া অসমৰ ধান খেতিয়কসকলক উৎসাহিত কৰি তুলিছে।

উদ্যান শস্য, অসমৰ খাদ্য সংসাধন বিভাগৰ তত্বাৱধানত মাজুলী কৃষি জৈৱিক কৃষক উৎপাদক কোম্পানী লিমিটেড আৰু জিলা কৃষি বিভাগৰ সহযোগত আনুষ্ঠানিকভাৱে এই ৰপ্তানি কাৰ্যসূচী আৰম্ভ কৰা হৈছে। মধ্য এছিয়া আৰু ইউৰোপৰ কেইবাখনো দেশলৈ এই ৰঙা চাউল ৰপ্তানি কৰা হ’ব। এই পদক্ষেপে মাজুলীক আন এক নতুন স্বীকৃতি দিয়াৰ লগতে থলুৱা খেতিয়কসকলক আৰ্থিকভাবে শক্তিশালী কৰি তুলিব।

জানিব পৰা মতে, এই ৰপ্তানি পদক্ষেপৰ নেতৃত্ব দিছে আইভিচি এগ্ৰ’ভেট প্ৰাইভেট লিমিটেড। লিমিটেডে মাজুলীৰ ১০০০ৰো অধিক কৃষকৰ পৰা পোনপটীয়াকৈ ২৬০ মেট্ৰিক টন ৰঙা ধান ক্ৰয় কৰিছে। জৈৱিকভাৱে খেতি কৰা ৰঙা ধানক “REJAIV” ব্ৰেণ্ড নামেৰে বিশ্বজুৰি বজাৰত বিক্ৰী কৰা হ’ব বুলি জানিবলৈ দিছে কোম্পানীটোৱে।

প্ৰাৰম্ভিকতে ২৫০ কুইণ্টল ৰঙা ধান হাৰিয়ানালৈ অধিক প্ৰক্ৰিয়াকৰণ আৰু ৰপ্তানিৰ বাবে প্ৰেৰণ কৰিছে আইভিচি এগ্ৰ’ভেট প্ৰাইভেট লিমিটেড। লিমিটেডে ২০২৬ চনৰ ভিতৰত ১০০০ মেট্ৰিক টন ৰঙা ধান ৰপ্তানি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

খবৰ অনুসৰি মাজুলীৰ কৃষকে ৰঙা ধানৰ বিনিময়ত প্ৰতি কুইণ্টলত ৩৪৬৫ টকা উপাৰ্জন কৰিছে। এই পদক্ষেপে পৰম্পৰাগত ৰঙা ধানৰ বাবে নতুন পথ মুকলি কৰাই নহয়, দ্বীপটোৰ কৃষক সমাজৰ আয়ো যথেষ্ট বৃদ্ধি কৰিছে।

Recent News

অসমৰ চাদৰ-মেখেলাক আন্তৰ্জাতিক মঞ্চত প্ৰতিষ্ঠা কৰা অন্যতম অসমীয়া – সংযুক্তা দত্ত

অসমৰ চাদৰ-মেখেলাক আন্তৰ্জাতিক মঞ্চত প্ৰতিষ্ঠা কৰা অন্যতম অসমীয়া – সংযুক্তা দত্ত

উত্তৰ-পূব সীমান্ত ৰে’লৱেই ১২ জুলাইত গুৱাহাটী, ডিমাপুৰ আৰু শিলিগুড়িত অনুষ্ঠিত কৰিব ৰোজগাৰ মেলা

উত্তৰ-পূব সীমান্ত ৰে’লৱেই ১২ জুলাইত গুৱাহাটী, ডিমাপুৰ আৰু শিলিগুড়িত অনুষ্ঠিত কৰিব ৰোজগাৰ মেলা

বেলুচিস্তানত বাছৰ পৰা নমাই নি ৯জন যাত্ৰীক গুলীয়াই হত্যা উগ্ৰপন্থীৰ; আক্ৰমণত জড়িত কোন?

বেলুচিস্তানত বাছৰ পৰা নমাই নি ৯জন যাত্ৰীক গুলীয়াই হত্যা উগ্ৰপন্থীৰ; আক্ৰমণত জড়িত কোন?

হিন্দু মহিলাক ধৰ্মান্তৰিত কৰিবৰ বাবে ছাংগুৰ বাবাই লাভ কৰিছিল ৩০০ কোটিৰো অধিক বিদেশী অনুদান, অভিযোগ তদন্তকাৰী সংস্থাৰ

হিন্দু মহিলাক ধৰ্মান্তৰিত কৰিবৰ বাবে ছাংগুৰ বাবাই লাভ কৰিছিল ৩০০ কোটিৰো অধিক বিদেশী অনুদান, অভিযোগ তদন্তকাৰী সংস্থাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd