চীনা সীমাত থকা এগৰাকী ভোটাৰৰ মতদান ল’বলৈ বাটকুৰি বাই যাব নিৰ্বাচনী বিষয়াৰ দল

গণতন্ত্ৰত এজন নাগৰিকৰো মতদানৰ অধিকাৰৰ প্ৰতি ৰাষ্ট্ৰই প্ৰকাশ কৰা শ্ৰদ্ধাৰ উজ্জ্বল দৃষ্টান্ত

Hayuliang

লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত চীনা সীমাত থকা অৰুণাচল প্ৰদেশৰ এটা ভোটকেন্দ্ৰৰ কাহিনীয়ে গণতন্ত্ৰৰ সৌন্দৰ্য্যক তুলি ধৰা দেখা গৈছে। অৰুণাচল প্ৰদেশৰ অনজ জিলাৰ হায়ুলিয়াং বিধানসভা সমষ্টিটোৰ অন্তৰ্গত মালোগাম নামৰ এই ভোটকেন্দ্ৰটোত আছে মাত্ৰ এগৰাকী ভোটাৰ। নাম তেওঁৰ ছোকেলা তায়াং (Sokela Tayang)।

কিন্তু দেশৰ জনপ্ৰতিনিধিক নিৰ্বাচনত ভূমিকা লোৱাৰ সুযোগ পোৱাৰ ছোকেলা তায়াঙৰ যি গণতান্ত্ৰিক অধিকাৰ, যিকোনো মূল্যৰ বিনিময়ত সেইটো দিবলৈ প্ৰস্তুত প্ৰশাসন তথা নিৰ্বাচন আয়োগ। তাৰ বাবে জিলা সদৰ হায়ুলিয়াঙৰ পৰা, যাৰ দূৰত্ব প্ৰায় ৩৯ কিলোমিটাৰ, কেইবাজনো নিৰ্বাচনী বিষয়াৰে গঠিত এটা দল উপস্থিত হ’বগৈ। দলটোত থাকিব এজন প্ৰিজাইডিং বিষয়া, একাধিকজন মতদান বিষয়া, নিৰাপত্তাৰক্ষী আৰু ভোটবাকচ কঢ়িওৱা কৰ্মচাৰী।

যাতায়াতৰ অন্য সুবিধা নাই বাবে পাহাৰীয়া পথেৰে বেছ এছোৱা খোজ কাঢ়িয়েই যাব লাগিব নিৰ্বাচনী বিষয়া-কৰ্মচাৰীসকলে। যদিহে ভোটদানৰ বাবে তায়াং সোনকালে নাহে, তেন্তে দিনটো অপেক্ষা কৰিব লাগিব বিষয়া-কৰ্মচাৰীসকল। সন্ধিয়ালৈকে ৰ’ব লগীয়াও হ’ব পাৰে।

“তেওঁলোকে (বিষয়া-কৰ্মচাৰীসকল) হয়তো নিৰ্বাচনৰ দিনটোত পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈকে ৰ’ব লগীয়া হ’ব পাৰে। আমি নাজানো তেওঁ কেতিয়া আহিব। কাকো ভোট সোনকালে দিবলৈ জোৰ কৰিব নোৱাৰি”, গণতান্ত্ৰিক দেশত নাগৰিকৰ অধিকাৰক মূল্য দিয়াত ৰাষ্ট্ৰৰ দায়বদ্ধতা প্ৰকাশ কৰি ৰাজ্যখনৰ উপ মুখ্য নিৰ্বাচনী বিষয়া কোয়ুই কয়।

এগৰাকী ভোটাৰৰ মালোগাম ভোটকেন্দ্ৰৰ কাহিনী ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো প্ৰকাশ হৈছে।

সংবাদ মাধ্যমত প্ৰকাশিত তথ্যমতে, মালোগাম নামৰ পাহাৰীয়া গাওঁখনত খুব কম সংখ্যক লোকে বাস কৰে আৰু ৩৯ বছৰীয়া ছোকেলা তায়াঙৰ বাদে বাকীসকলে অন্য ভোটকেন্দ্ৰলৈ নিজৰ নাম সলনি কৰিছে। আনকি তেওঁৰ গিৰীয়েক জানেলুম তায়াঙেও (Janelum Tayang) আনটো ভোটকেন্দ্ৰলৈ নিজৰ নাম সলনি কৰিছে।

“২০১৪ চনৰ নিৰ্বাচন ভোটকেন্দ্ৰটোত দুজন ভোটাৰ আছিল। কিবা কাৰণত ছোকেলাৰ গিৰীয়েক জানেলুম তায়াঙে তেওঁৰ নাম একেটা সমষ্টিৰে আন এটা ভোটকেন্দ্ৰলৈ সলনি কৰিলে,” ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ এই উদ্ধৃতি বিভিন্ন সংবাদ মাধ্যমত।

নিৰ্বাচন আয়োগৰ তথ্যমতে, অৰুণাচলত একেবাৰে কম সংখ্যক ভোটাৰ থকা কেইবাটাও ভোটকেন্দ্ৰ আছে। মালোগামৰ উপৰি পক্কে কেছাং বিধানসভা সমষ্টিৰ অন্তৰ্গত লামটা ভোটকেন্দ্ৰটোত আছে মাত্ৰ ৬জন ভোটাৰ। ৰাজ্যখনত ১০জনতকৈ কম সংখ্যক ভোটাৰ থকা মুঠ ৭টা ভোটকেন্দ্ৰ আছে। গণতন্ত্ৰত এজন নাগৰিকৰো মতদানৰ অধিকাৰৰ প্ৰতি কেনে শ্ৰদ্ধা ৰাষ্ট্ৰই প্ৰকাশ কৰিব পাৰে, মালোগামৰ ভোটকেন্দ্ৰ তাৰ এটা উজ্জ্বল দৃষ্টান্ত।