ভাৰতবৰ্ষত এতিয়া গণতন্ত্ৰ চলা নাই, সৰ্বা, মোদী আৰু শ্বাহতন্ত্ৰ চলিছে : শৃংখল চলিহা

Shringkhal Chaliha

পানবজাৰ থানাৰ এক গোচৰত আৰক্ষীৰ অপৰাধ শাখাই C(A)A-বিৰোধী আন্দোলনৰ নেতা শৃংখল চলিহাক পুনৰ বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰাৰ পিছত আজি কামৰূপ জিলা CJM আদালতত শৃংখলক হাজিৰ কৰোৱা হয়।

“ভাৰতবৰ্ষত এতিয়া গণতন্ত্ৰ চলা নাই, সৰ্বা, মোদী আৰু শ্বাহতন্ত্ৰ চলিছে। ২০২১ত অসমৰ জনগণৰ সহযোগত চৰকাৰ উৎখাত কৰি দিয়া হ’ব।” আদালতত হাজিৰ কৰোৱাৰ পূৰ্বে এইদৰে শৃংখল চলিহাই সংবাদমাধ্যমৰ আগত মন্তব্য কৰে।

ভাৰতীয় দণ্ডবিধিৰ ধাৰা নং 120B,122,143,147,148,149,150,159,153,526,333,353 ত 1/19 গোচৰত বৃহস্পতিবাৰে শৃংখল চলিহাক আৰক্ষীৰ অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰে।

এই সন্দৰ্ভত অধিবক্তা উপমন্যু হাজৰিকাই এক ভিত্তিহীন গোচৰত শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে বৃহস্পতিবাৰে শৃংখলৰ পূৰ্বৰ গোচৰত আদালতে জামিন মঞ্জুৰ কৰিছিল। গতিকে চৰকাৰে শৃংখলে জামিন পোৱাৰ সম্ভাৱনা থকা বুলি জানিব পাৰিয়ে পুনৰ আন এটা কেচ জাপি দিয়ে।

“আশ্বৰ্যজনক কথা যে ১৬ ডিচেম্বৰৰ এখন এজাহাৰ য’ত শৃংখল চলিহাৰ নামেই উল্লেখ নাই সেই এজাহাৰৰ ভিত্তিত শৃংখলক গ্ৰেপ্তাৰ কৰিছে। নাম আছিল কৃষক মুক্তিৰ কেইজনমান নেতাৰহে।” মন্তব্য অধিবক্তা উপমন্যু হাজৰিকাৰ।

অৱশ্যে এতিয়ালৈকে কিমান দিনৰ জিম্মাত দিব সেই নিৰ্দেশনা প্ৰদান কৰা নাই আদালতে। এই কথা নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়ে উপমন্যু হাজৰিকাই।