আমেৰিকাৰ জৰ্জিয়াৰ আটলাণ্টাৰ ২৬ বছৰীয়া যুৱতী য়েচিনিয়া লাটুৰে। সন্তান জন্ম দিয়া এই যুৱতীগৰাকীৰ বাবে ইমানেই আনন্দৰ যে ই এক নিচালৈ পৰিণত হৈছে। এই কাৰণে তেওঁ গৰ্ভ ভাৰা দিয়ে।
ছ’চিয়েল মিডিয়াত অতি জনপ্ৰিয় লাটুৰে ইতিমধ্যে ইনষ্টাগ্ৰামত গৰ্ভ ভাড়াত দিব বিচৰাৰ কথা ঘোষণা কৰিছে। ইয়াৰ পিছত শ শ পৰিয়ালে তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ আৰম্ভ কৰে। তাইক দেখি বহুতে চেৰ’গেচিৰ প্ৰতি অনুপ্ৰাণিতও হৈছে। নিউয়ৰ্ক পোষ্টত প্ৰকাশ পাইছে এই খবৰ।
লগতে পঢ়ক: স্বামী কুকি, পত্নী মেইটি; উত্তপ্ত মণিপুৰত দম্পতীয়ে অনাথ শিশুক দিছে প্ৰেম-ভালপোৱাৰ পাঠ
ইয়াৰ মাজতে য়েচিনিয়া লাটুৰে জন্ম দিছে তিনিটা সন্তান। ইয়াৰ ভিতৰত দুটি নিজৰ সন্তান আৰু আনটি আন কাৰোবাৰ। আনটো সন্তান চেৰ’গেচিৰ জৰিয়তে এহাল দম্পতীৰ পৰা জন্ম হৈছে। আৰু তেওঁ গৰ্ভ ভাড়া দি সন্তান জন্ম দিয়াৰ বাবে প্ৰায় ৩৩ লাখ ৯ হাজাৰ ৭৪ টকা (৪০ হাজাৰ মাৰ্কিন ডলাৰ) মাননি হিচাপে লয়।
প্ৰাকৃতিক প্ৰক্ৰিয়াৰ জৰিয়তে মাতৃ হ’ব নোৱাৰা মহিলাৰ গৰ্ভ ভাড়াত লোৱাৰ পৰিকল্পনা কৰিছে য়েচিনিয়াই। এই যুৱতীগৰাকীয়ে কয় যে তেওঁ অতি সোনকালে পুনৰ চেৰ’গেট মাতৃ হোৱাৰ পৰিকল্পনা কৰিছে। মই আৰু অপেক্ষা কৰি থাকিব নোৱাৰো।
চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত চেৰ’গেচিৰ জৰিয়তে প্ৰথমটো সুস্থ ল’ৰা সন্তান জন্ম দিছিল য়েচিনিয়াই। তেওঁ কয়, ‘’সেই পৰিয়ালটোক তেওঁলোকৰ সন্তানটো দিয়াটো মোৰ বাবে কঠিন নাছিল। মই তেওঁলোকৰ বাবে কিবা এটা কৰি সুখী। সেই শিশুটিক মই ভৱিষ্যতে দেখা পাম। প্ৰতি সপ্তাহতে কেঁচুৱাটোৰ মাকে তাৰ ফটো এখন তুলি মোলৈ পঠিয়ায়। সঁচাকৈয়ে ই মোক আনন্দিত কৰি তোলে।‘’
লগতে পঢ়ক: যৌন নিৰ্যাতনৰ পিছত অবৈধ বালি খননৰ অভিযোগ; নতুন কেলেংকাৰীত চাপত ব্ৰীজভূষণ
য়েচিনিয়াই জনায় যে তেতিয়াৰ পৰা তাই এই আনন্দ বাৰে বাৰে পাব বিচাৰে। তেওঁ কয়, ‘’এটা পৰিয়ালৰ বাবে সন্তান অতি গুৰুত্বপূৰ্ণ। যিসকলে মাতৃ হ’ব নোৱাৰে তেওঁলোকৰ বাবে মই পৰিয়ালটোৰ কথা ভাবি তেওঁলোকৰ কাষত থিয় দিব বিচাৰো।‘’