কেৰেলাৰ বানাক্ৰান্ত সাহায্য পুঁজিলৈ ১,৫৭,০০০ টকা প্ৰেৰণ ইষ্টাৰ্ন চাৰ্চ বিলিভাৰ্ছৰ

IMG-20180907-WA0006

ডিফু আৰু সাতগাঁৱৰ বিলিভাৰ্ছ ইষ্টাৰ্ন চাৰ্চ ডায়চেছে কেৰালাৰ বানাক্ৰান্তলৈ ১,৫৭,০০০ টকাৰ পুঁজি প্ৰেৰণ কৰিছে। ডিফু ডায়চেছৰ ভিকাৰ জেনেৰেল ৰেভাৰেণ্ড ফাডাৰ নামফিউৰেই খুম্বা আৰু সাতগাঁও মিশ্যন ডায়চেছ সচিব ৰেভাৰেণ্ড ফাডাৰ থাংহাও ডিমনজেলৰ নেতৃত্বত গীৰ্জাটোৱে এই ধনখিনি কাৰ্বি আংলঙৰ বিভিন্ন এলেকাৰ পৰা সংগ্ৰহ কৰিছিল বুলি এটা সংবাদ বিজ্ঞপ্তি যোগে গীৰ্জাৰ তৰফৰ জনোৱা হৈছে।

বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠান, দোকান পোহাৰৰ পৰা বিলিভাৰ্ছ ইষ্টাৰ্ন চাৰ্চৰ কৰ্মীসকলে এই ধনখিনি সংগ্ৰহ কৰিছিল। এলেকাটোৰ বিভিন্ন বিদ্যালয়ে এই ধন সংগ্ৰহ অভিযানত অংশগ্ৰহণ কৰিছিল।

ফাডাৰ থাংগাও ডিমনজেলে কৈছে যে এই ধনখিনি ইতিমধ্যে যোৱা ৫ ছেপ্টেম্বৰত গীৰ্জাটোৱে ষ্টেট বেংকৰ ডিফু লামডিং ৰোড শাখাটোত  বিলিভাৰ্ছ ইষ্টাৰ্ন চাৰ্চ ছিন’ড সচিবালয়, তিৰুভিল্লাৰ হকে জমা দিছে। উক্ত গীৰ্জাটোৱে এই ধনখিনি কেৰালাৰ বানাক্ৰান্তৰ বাবে ব্যৱহাৰ কৰিব।

ডিফু আৰু সাতগাঁও বিলিভাৰ্ছ ইষ্টাৰ্ন চাৰ্চ ডায়চেছৰ পৰা সকলোলৈকে বিশেষকৈ ডিফু, ডোকমোকা, বোকালিয়া আৰু লাংহিনৰ ৰাইজলৈ কৃতজ্ঞতা জনোৱা হৈছে।