NORTHEAST NOW (Assamese)

বংগৰ নিৰ্বাচনোত্তৰ হিংসা : জীৱিত ব্যক্তিক মৃত সজালে বিজেপিৰ আইটি চেলে! চাঞ্চল্যৰ সৃষ্টি

May 6, 2021 5:06 pm · এন ই নাও নিউজ
(ভিডিঅ'টোৰ এটা স্ক্ৰীণশ্বট)

পশ্চিম বংগ বিজেপিয়ে বুধবাৰে সামাজিক মাধ্যমত এটা ভিডিঅ’ মুকলি কৰে, য’ত শেহতীয়াকৈ ৰাজ্যখনত দেখা দিয়া নিৰ্বাচনোত্তৰ হিংসাক দেখুওৱা হৈছে।

তৃণমূল কংগ্ৰেছক আক্ৰমণ কৰি বংগ বিজেপিয়ে বুধবাৰে সামাজিক মাধ্যমত ৫.২৮ মিনিটৰ ভিডিঅ’টো শ্বেয়াৰ কৰে।

@BJP4India টুইটাৰ একাউণ্টটোত শ্বেয়াৰ কৰা ভিডিঅ’টো বৰ্তমানলৈকে ১২ হেজাৰৰো অধিক লোকে চাইছে।

ভিডিঅ’টোত ‘ইণ্ডিয়াটুডে’ৰ সাংবাদিক অভ্ৰ বেনাৰ্জীক শীতলকুচি অঞ্চলৰ ‘মানিক মৈত্ৰ’ বুলি প্ৰচাৰ কৰা দেখা গৈছে।

দাবী কৰা হৈছে যে মানিক মৈত্ৰৰ এই নিৰ্বাচনোত্তৰ হিংসাত মৃত্যু হৈছে।

তদুপৰি ‘মানিক মৈত্ৰ’ৰ উপৰিও হিংসাত প্ৰাণহানি হোৱা ৯জনকৈ লোকৰ নাম ভিডিঅ’টোত সংলগ্ন কৰা হৈছে।

শীতলকুচিত মানিক মৈত্ৰ আৰু মিণ্টু বৰ্মন মৃত্যু হোৱা বুলি কোৱা হৈছে।

কিন্তু অঞ্চলটোত ‘মানিক মৈত্ৰ’ নামৰ কোনো লোকৰ পৰিচয় পোৱা নগ’ল।

বংগ বিজেপিৰ ফেচবুক পেজৰ পৰা ভিডিঅ’টোত আতৰোৱা হৈছে।

@BJP4India নামৰ টুইটাৰ একাউণ্টটোত ভিডিঅ’টোও বৰ্তমান টুইটাৰত উপলব্ধ হোৱা নাই।

বিষয়টো সন্দৰ্ভত সাংবাদিক অভ্ৰ বেনাৰ্জী হতচকিত হৈ পৰিছে।

তেওঁক জীৱিত অৱস্থাতে মৃতক সজোৱাৰ বাবে আইনী ব্যৱস্থা ল’বৰ বাবে অগ্ৰসৰ হোৱা বুলি জানিব পৰা গৈছে।

সাংবাদিকজনে কয় যে তেওঁ আজি পুৱা কিছু পলমকৈ সাৰ পায় আৰু ১০০টাতকৈ অধিক মিছ কল দেখা পায়, তাৰপাছতে অৰবিন্দ নামৰ এজন বন্ধুৱে তেওঁক কয় যে বিজেপি আইটি চেলে মানিক মৈত্ৰৰ ঠাইত অভ্ৰৰ ফটো এখন ব্যৱহাৰ কৰিছে।

তাৰপাছতে শীতলকুচিৰ পৰা ১৪০০ কিলোমিটাৰ নিলগৰ দিল্লীত কৰ্মৰত অভ্ৰ বেনাৰ্জী হতচকিত হৈ পৰে।

উল্লেখযোগ্য যে মঙলবাৰে ৰাজ্যখনৰ নিৰ্বাচনোত্তৰ হিংসাত ৬জনকৈ লোকৰ মৃত্যু হৈছে।

এই লৈ ৰাজ্যখন উত্তপ্ত হৈ আছে।

 

Related News