প্ৰচাৰত শচীন! ইউছুফ পাঠানৰ বিৰুদ্ধে উঠিল নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ

Yusuf Pathan Sachin Tendulkar

প্ৰথমবাৰৰ বাবে ৰাজনীতিৰ পথাৰত নমা ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠান পৰিব পাৰে বিপদত। ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰে পাঠানলৈ কঢ়িয়াই আনিছে এই বিপদ।

তৃণমূল কংগ্ৰেছৰ হৈ মুৰ্ছিদাবাদৰ বহৰমপুৰ সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ’বলগা ইউছুফ পাঠানৰ বিৰুদ্ধে নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ উত্থাপন হৈছে।

এই অভিযোগ সন্দৰ্ভত আয়োগৰ কাষ চাপিছে কংগ্ৰেছ। পাঠানৰ নিৰ্বাচনী প্ৰচাৰত শচীন টেণ্ডুলকাৰৰ ছবি ব্যৱহাৰক লৈ উত্থাপিত হৈছে এই অভিযোগ।

শেহতীয়াকৈ ইউছুফ পাঠানৰ প্ৰচাৰ অভিযানত ব্যৱহাৰ হৈছিল এখন বেনাৰ। বেনাৰখনত ২০১১ চনৰ গৌৰৱময় ক্ষণক প্ৰতিফলিত কৰি বিশ্বকাপ খিতাপ হাতত লৈ থকা ইউছুফ পাঠানৰ ছবি দেখা গৈছে।

লগতে ২০১১ চনৰ ক্ৰিকেট বিশ্বকাপৰ বিজয়ী মুহূৰ্তসমূহৰ ছবিও সংলগ্ন আছে বেনাৰখনত। দেখা গৈছে শচীন টেণ্ডুলকাৰকো।  এই বেনাৰখনক লৈ আপত্তি প্ৰকাশ কৰিছে কংগ্ৰেছে।

কংগ্ৰেছৰ দাবী, ক্ৰিকেট বিশ্বকাপ জয় কৰাৰ মুহূৰ্তটো সকলোৰে বাবে অতি আৱেগিক। এনে এটা মুহূৰ্ত ৰাজনৈতিক লাভালাভৰ বাবে ব্যৱহাৰ কৰা উচিত নহয়। ইয়াৰ দ্বাৰা পাঠানে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰিছে বুলি কংগ্ৰেছে দাবী কৰিছে।

এই কাৰ্যৰ বাবে ইউছুফ পাঠানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনোৱা হৈছে।