বংগ নিৰ্বাচন : চণ্ডীপাঠ আওঁৰাই হঠাৎ ‘হিন্দু ছোৱালী’ হৈ পৰিল মমতা, বিজেপিক দিলে প্ৰত্যুত্তৰ

হঠাৎ ‘হিন্দু ছোৱালী’ হৈ পৰিল মমতা বেনাৰ্জী।

তেওঁ প্ৰতিদ্বন্দিতা কৰা নন্দীগ্ৰামৰ এক নিৰ্বাচনী সভাত মঙলবাৰে নিজকে ‘হিন্দু ছোৱালী’ হিচাপে ঘোষণা কৰে।

ইয়াৰ উপৰি তেওঁ ধৰ্মীয় গ্ৰন্থ চণ্ডীপাঠৰ শ্লোকো আওঁৰায়।

মমতাই কয় যে প্ৰতিদিনাই  তেওঁ ৰাতিপুৱা চণ্ডীপাঠ কৰে।

”সেয়ে বিজেপিয়ে মোৰ লগত হিন্দু কাৰ্ড খেলা উচিত নহয়।”- তেওঁ কয়।

আনহাতে, মমতাৰ চৰকাৰে মুছলমানক তোষণ কৰা বুলি বিজেপিয়ে অভিযোগ কৰাৰ প্ৰত্যুত্তৰত মমতাই কয় যে এজন ভাল হিন্দু কেনেদৰে হ’ব পাৰি বিজেপিয়ে জানেনে?

মমতাই নন্দীগ্ৰামৰ পৰা বুধবাৰে নিৰ্বাচনৰ মনোনয়নপত্ৰ দাখিল কৰাৰ কথা আছে।

আনহাতে নন্দীগ্ৰাম সমষ্টিৰ বিধায়ক হিচাপে আছে শেহতীয়াকৈ বিজেপিমুখী হোৱা শুভেন্দু অধিকাৰী।

শুভেন্দু অধিকাৰী ২০০৭ চনৰ পৰা মমতাৰ বিশ্বস্ত সহযোগী আছিল কিন্তু এতিয়া দুয়ো একেটা সমষ্টিতে প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হ’ব।

উল্লেখযোগ্য যে এই নন্দীগ্ৰামৰ পৰাই ২০০৭ চনত মমতা বেনাৰ্জীৰ নেতৃত্বত ৰাজ্যখনৰ বাওঁপন্থী শাসনৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছিল।

১১ মাৰ্চৰ মহাশিৱৰাত্ৰিৰ দিনা তৃণমূল কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিব।

মমতাই জনাইছে যে তেওঁ নন্দীগ্ৰামতে মহাশিৱৰাত্ৰী পালন কৰিব