বংগত গাড়ীৰ স্পেয়াৰ টায়াৰৰ ভিতৰত উদ্ধাৰ ৯৪ লাখ টকা: বিজেপিলৈ অভিযোগৰ আঙুলি মমতা বেনাৰ্জীৰ

Bengal Police seize Rs 93 lakh cash

দেশৰ বিভিন্ন প্ৰান্তত কেন্দ্ৰীয় তদন্ত সংস্থাসমূহৰ নিৰন্তৰ অভিযানৰ সময়তে আজি পশ্চিমবংগ আৰক্ষীৰ জালত পৰিছে প্ৰায় ৯৪ লাখ নগদ ধন কঢ়িয়াই নিয়া এখন বাহন। ৰাজ্যখনৰ জলপাইগুৰি জিলাৰ মাজেৰে পাৰ হৈ যোৱা ৪৮ নং ঘাইপথত অভিযান চলাই নগদ ৯৩,৮৩,০০০ টকা উদ্ধাৰ কৰে পশ্চিমবংগ আৰক্ষীয়ে।

উদ্ধাৰ হোৱা এই বৃহৎ পৰিমাণৰ ধনৰাশি গাড়ীখনৰ এটা স্পেয়াৰ টায়াৰৰ ভিতৰত লুকুৱাই নিয়া হৈছিল। আলিপুৰদুৱাৰ অভিমুখে গৈ থকা গাড়ীখনৰ নম্বৰ প্লেট বিহাৰৰ পূৰ্ণিয়া জিলাত পঞ্জীয়ন হোৱা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

তালাচী অভিযানৰ পিছত আৰক্ষীয়ে পাঁচগৰাকী লোকক আটক কৰাৰ লগতে গাড়ীখন জব্দ কৰি বানাৰহাট আৰক্ষী থানালৈ লৈ যায়। আৰক্ষীৰ ভাষ্য মতে টায়াৰটো কাটি পৰীক্ষা কৰাৰ সময়ত মুঠ ৯৪ টা টকাৰ বাণ্ডিল উদ্ধাৰ হয়।

আৰক্ষীয়ে লগতে সদৰী কৰা মতে ধৃত ব্যক্তিকেইগৰাকীয়ে ধনৰ উৎস সম্পৰ্কে কোনো স্পষ্ট তথ্য দিব পৰা নাই। আটাইকেইগৰাকী ব্যক্তিকে কাইলৈ জলপাইগুৰি আদালতত হাজিৰ কৰা হ’ব বুলি আৰক্ষীয়ে লগতে জানিবলৈ দিয়ে।

জলপাইগুৰি আৰক্ষী অধীক্ষক গৰাকীয়ে এই অভিযান সন্দৰ্ভত কয়, ‘সন্দেহযুক্ত কোনো লোকে বিহাৰৰ পৰা অসমলৈ ধন কঢ়িয়াই অনাৰ তথ্যৰ ভিত্তিত গাড়ীখন আটক কৰা হৈছিল। আমি বিন্নাগুৰিত চেকপইণ্ট বহাইছিলো৷ অৱশেষত আমি বিহাৰৰ নম্বৰ প্লেট থকা ক’লা ৰঙৰ স্ক’ৰপিঅ’ বাহনখন জব্দ কৰোঁ।

বাহনখনৰ আৰোহীসকলক জেৰা কৰাৰ পিছত স্পেয়াৰ টায়াৰৰ ভিতৰত লুকুৱাই ৰখা টকাখিনি উদ্ধাৰ হৈছিল বুলি তেওঁ লগতে কয়।

ইফালে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিজেপিৰ বাবে এই বৃহৎ ধনৰাশি সৰবৰাহৰ অভিযোগ তোলে। তেওঁৰ ভাষ্য মতে এই সকলো ধন অবৈধ কাৰ্যকলাপৰ অৰ্থে বিজেপিৰ বাবে অনা হৈছে।

ইয়াৰে অধিকাংশ ধন গুণ্ডা আৰু বন্দুকৰ বাবে অনা হৈছে বুলি অভিযোগ কৰি তেওঁ লগতে সৰবৰাহকাৰীসকলে কেন্দ্ৰীয় নিৰাপত্তা লগত লৈ আহিছে বুলিও দাবী কৰে আৰু এইবাবে আৰক্ষীয়ে তেওঁলোকক ক্ৰছ চেকো কৰিব নোৱাৰে বুলি মন্তব্য কৰে।