NORTHEAST NOW (Assamese)

ইভিএম লৈ ৰাজনৈতিক নেতাৰ ঘৰত নৈশ যাপন পুলিং বিষয়াৰ : নিলম্বন কৰিলে নিৰ্বাচন আয়োগে

April 6, 2021 10:49 am · এন ই নাও নিউজ
Updated: April 6, 2021 10:53 am

ইভিএম লগত লৈ নিৰ্বাচনী দায়িত্বপ্ৰাপ্ত এগৰাকী বিষয়াই ৰাজনৈতিক নেতাৰ ঘৰত নৈশ যাপন কৰাৰ এক চাঞ্চল্যকৰ খবৰ আহিছে। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত নিৰ্বাচন আয়োগে কঠোৰ স্থিতি গ্ৰহণ কৰি অভিযুক্ত বিষয়াগৰাকীক নিলম্বন কৰিছে।

প্ৰকাশিত খবৰ অনুসৰি পশ্চিমবংগৰ আজি অনুষ্ঠিত ভোটগ্ৰহণৰ হাওৰাৰ ছেক্টৰ ১৭ৰ অন্তৰ্গত ১৭৭ এচিৰ উলুবেৰীয়া উত্তৰৰ দায়িত্বপ্ৰাপ্ত নিৰ্বাচনী বিষয়াগৰাকীয়ে লগত ইভিএমটো লৈ তেওঁৰ সম্পৰ্কীয় তৃণমূল কংগ্ৰেছৰ এগৰাকী নেতাৰ ঘৰত নৈশ যাপন কৰে।

এই ঘটনাটো পোহৰলৈ অহাৰ লগে লগে নিৰ্বাচন আয়োগে তাৎক্ষণিকভাৱে বিষয়াগৰাকীক নিলম্বন কৰিছে।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি অভিযুক্ত বিষয়াগৰাকীক বৰ্তমান নিলম্বন কৰিলেও তেওঁক আৰু কঠোৰ শাস্তি দিয়া হ’ব আৰু তেওঁৰ এই কামৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

ইফালে ইভিএমটো পৰ্যবেক্ষকৰ জিম্মাত পৃথকে ৰখা হৈছে আৰু সাধাৰণ পৰ্যবেক্ষক নীৰজ পৱনে ইভিএমৰ সকলো মোহৰ পৰীক্ষা কৰিছে বুলি প্ৰকাশ কৰিছে আয়োগে।

স্মৰ্তব্য যে পশ্চিমবংগত উত্তপ্ত নিৰ্বাচনী পৰিৱেশৰ মাজতে এই ঘটনাটো সংঘটিত হৈছে। শাসকীয় তৃণমূল কংগ্ৰেছ আৰু বিৰোধী বিজেপি উভয় পক্ষই প্ৰতিপক্ষক নিজৰ স্বাৰ্থত ব্যৱস্থাটো ব্যৱহাৰ কৰিবলৈ অপচেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে।

উল্লেখ্য যে অসমৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ দিনা শাসকীয় বিজেপি নেতাৰ গাড়ীত ইভিএম উদ্ধাৰৰ পিছত চুবুৰীয়া ৰাজ্য পশ্চিমবংগত শাসকীয় দলৰ ৰাজনৈতিক নেতাৰ ঘৰত ইভিএমৰ সৈতে দায়িত্বপ্ৰাপ্ত নিৰ্বাচনী বিষয়াই নৈশ যাপনৰ ঘটনাই ৰাজনৈতিক দলসমূহে নিৰ্বাচনত অনৈতিক আৰু বেআইনী কাৰ্য সংঘটিত কৰাটোকে প্ৰতীয়মান কৰিছে বুলি সচেতন মহলে মন্তব্য কৰিছে।

Related News