বাঙালী সংগঠনৰ সমাৱেশ বিজেপি চৰকাৰৰ ‘কৌশল’, দাবী উপমন্যু হাজৰিকাৰ

There's no pro-indigenous political party, so I am an independent candidate: Upamanyu Hazarika

উপমন্যু হাজৰিকা। ছবি- ফে’চবুকৰ।

‘‘চৰকাৰে পৰিকল্পিতভাৱে এটা সংঘাতৰ সৃষ্টি কৰি অসমৰ ৰাইজক নিৰাপত্তাহীনতাৰ দিশলৈ ঠেলি দি মূল সমস্যা তথা বিষয়সমূহৰ পৰা অসমৰ জনসাধাৰণক আঁতৰাই ৰাখিলে,” ৰাজ্যৰ ২৬টা বাঙালী সংগঠন আহ্বায়িত সমাবেশ চৰকাৰ তথা বাঙালী সংগঠনসমূহৰ ‘কৌশল’ বুলি উল্লেখ কৰি মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলত উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা প্ৰব্ৰজনবিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই এইদৰে কয়।

তেওঁ লগতে কয়, ‘‘বাঙালী সংগঠনসমূহৰ নেতৃবৃন্দই নানাধৰণৰ প্ৰৰোচনামূলক মন্তব্য আগবঢ়াই আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি কৰাৰ বিপৰীতে চৰকাৰৰ কেইগৰাকীমান মন্ত্ৰীয়ে বাঙালী সংগঠনসমূহক সমাবেশ অনুষ্ঠিত কৰিবলৈ নিদিওঁ বুলি সংবাদমাধ্যমৰ আগত কৈছিল।’‘

চৰকাৰে এনে ধৰণৰ বিতৰ্কসমূহ আগন্তুক নিৰ্বাচনলৈকে চলাই ৰাখিব বুলিও সংবাদমেলত উপমন্যু হাজৰিকাই দাবী কৰে।

তেওঁ কয়, ‘‘চৰকাৰখনে ৰাইজৰ সমস্যাসমূহৰ সমাধান নকৰে। বৰঞ্চ ৰাজনৈতিক নেতাসকলে তেওঁলোকৰ লাভসমূহ পূৰণ কৰি থাকিব।’‘

হাজৰিকাই সংবাদ মেলত জানিবলৈ দিয়ে যে প্ৰব্ৰজনবিৰোধী মঞ্চৰ তৰফৰ পৰা অহা ১৭ নবেম্বৰত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত এখন সমাবেশ অনুষ্ঠিত কৰিবলৈ যোৱা ২৪ অক্টোবৰৰ দিনা অনুমতি বিচৰা হৈছিল, কিন্তু খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই উক্ত দিনটোত আৰু তাৰ আশে-পাশে দিনকেইটা উক্ত খেলপথাৰখন মহাবিদ্যালয় সপ্তাহৰ বাবে সংৰক্ষিত বাবে মঞ্চক অনুমতি প্ৰদান নকৰিলে।

তেওঁৰ মতে, ‘‘কোনো এখন সভা অনুষ্ঠিত কৰিবৰ বাবে সভাৰ স্থান অনুমতি লৈ নিশ্চিত কৰাৰ পাছতহে সভাৰ কাৰ্য্যসূচী ৰাজহুৱা কৰে।”

আনহাতে, স্থান নিৰূপণ নকৰাকৈ ১৭ নবেম্বৰত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বাঙালী সংগঠনসমূহৰ সমাবেশ অনুষ্ঠিত কৰা হ’ব বুলি প্ৰচাৰ চলোৱা হৈছিল বুলি তেওঁ কয়।

আনহাতে, উক্ত সংবাদমেলতে হাজৰিকাই কোনোধৰণৰ প্ৰব্ৰজনকাৰী নতুনকৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে বা অন্যপ্ৰকাৰে সংস্থাপিত নকৰিবৰ বাবে চৰকাৰক দাবী জনায়।

ইয়াৰোপৰি ১৯৫১ চনৰ ভিত্তিত চৰকাৰী চাকৰি, ভূমি সংৰক্ষণ, বেপাৰ বাণিজ্যৰ অনুজ্ঞাপত্ৰ সংৰক্ষণ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাই তেওঁ কয়, ‘‘যিদৰে মণিপুৰ বিধানসভাই কিছুদিন পূৰ্বে ১৯৫১ চনৰ ভিত্তিত সংৰক্ষণ বিধেয়ক গৃহীত কৰিলে।”

আনহাতে, বৰ্তমানৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰকৃতাৰ্থত বাংলাদেশীহে উপকৃত হ’ল বুলি দাবী কৰি তেওঁ কয়, ‘‘এন আৰ চি প্ৰক্ৰিয়াৰ পুনৰীক্ষণ কৰি সকলো বিসংগতি দূৰ কৰি বিদেশীৰ নাম কৰ্তন কৰিব লাগে।’‘

উপৰোক্ত তিনিটা দাবী অহা বৰ্ষৰ ৩১ জানুৱাৰিৰ ভিতৰত পূৰণ কৰিবৰ বাবে হাজৰিকাই উক্ত সংবাদমেলৰ জৰিয়তে চৰকাৰক আহ্বান জনায়।